সেই জয়াল পৰিবেশ,
অচিন ৰোগত আক্ৰান্ত সেই মানুহবোৰ---
আৰু বীজানুৰে ভৰা দেশ,
জম্বীৰে ভৰা পৰিত্যক্ত নগৰ- চহৰবোৰ,
২০১২ নামৰ সেই চিনেমা খন,
ফাইনেল দেচটিনেচনৰ সেই কাহিনীবোৰ,
ভয় লাগিলেও মিছা বুলি নিজকে প্ৰবোধ দি
কাল্পনিক বুলি হাঁহিৰে উৰুৱাই দিছিলোঁ যাক,
এতিয়া পুনৰ জীৱন্ত ৰূপত
যেন ভাহি আহিছে মনৰ পৰ্দাত ।
আজি দেখোন বাস্তৱায়িত
তাৰেই কিছু প্ৰতিৰূপ - সাম্প্ৰতিক ক্ষণত ।
পৃথিৱীৰ সৰ্বোন্নত দেশ আৰু মহা শক্তিবান জাতি,
ধন, টকা আৰু পাৰ্থিৱ সম্পদ
কোনোৱেই আজি ৰোধিব পৰা নাই
এটা ক্ষুদ্ৰ ভাইৰাছৰ গতি আৰু মইমতালি,
মানুহৰ জীৱন লৈ যি নিতৌ খেলিছে হেতালি ।
জীৱশ্ৰেষ্ঠ মানৱ আজি ভয়ত কম্পিত
জীৱনৰ মায়াত হৈছে কাৰাৰুদ্ধ,
কোনো শত্ৰুৰ অবিহনেই গৃহবন্দী, পৰাজিত ।
জনশূন্য ৰাজপথ, ৰেলপথ, বায়ুপথ,
হোটেল, ৰেস্তোৰাঁ, বৃহৎ মল আৰু দোকান পোহাৰ,
কিন্তু ---কোনে দপদপাই যায় ???
অশৰীৰী অস্তিত্বৰ দৰে--
মনত দি যায় চেপা উত্তেজনা,
বিষাদ, ভয় আৰু আশংকা !!!
টিভিৰ পর্দাবোৰ কঁপি থাকে- প্ৰতিক্ষণে
ৰঙা ৰঙৰ ব্ৰেকিং নিউজেৰে
যত সংখ্যাৰে নিৰূপিত হয়
জীৱন, মৃত্যুৰ সংজ্ঞা আৰু সমীকৰণ ।
হে বিধাতা, এতিয়া তুমি আহা
উদ্ধাৰ কৰা তোমাৰ সৃষ্ট এই মানৱ জাতিক !
এতিয়া আৰু নাই কোনো জাতি-ধৰ্ম, ভেদাভেদ,
পাৰ্থক্য - ভৌগোলিক পৰিসীমাৰ,
নাই কোনো গৰ্ব অহংকাৰ -পাৰমাণৱিক শক্তিৰ ।
ইমান দিনে লোভ আৰু ক্ষমতাত অন্ধ
সকলো আজি অনুতপ্ত
নিজে কৰা ভুলবোৰৰ বাবে ।
যদিও বা অক্ষমনীয়
প্ৰভু, এবাৰ কৰি দিয়া ক্ষমা,
কৰিছোঁ তাৰে প্রার্থনা ।
📝 ডঃ কুঞ্জলতা গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ