সম্পূর্ণ আকাশ

Rinku Rajowar
0
আধা আকাশ কেলেই তোমাক
হেৰা সম্পূর্ণা নাৰী
গোটেই আকাশ তোমাৰ প্রাপ্য
আৰু এটি ফান্দত তোমাক বান্ধে
মন-মোহনীয়া কথাৰে চাবা
আজি তুমি দাবীদাৰ সমমর্যাদাৰ
তাৰে হকদাৰও হোৱা তুমি
জয়ধ্বজা কঢ়িয়াব পাৰা অকলে
যি আকাশত উৰুৱাবা তাক
নেৰিবা তাৰ একাধিপত্যৰ অধিকাৰ
এই আকাশ শুৱাই তোলা তুমি
আপোন মনৰ মাধূৰী মিহলাই
লিখা তাতে তোমাৰ ব্যথাৰ মালিতা
ফুলোৱা তোমাৰ সপোনৰ ফুল
সজোৱা তোমাৰ সংসাৰ, তোমাৰ
বুকুত ভৰি লোৱা মুকুতিৰ নিঃশ্বাস 
কোৱা উদাত্ত কণ্ঠেৰে, মই নাৰী
সর্বোপৰি মই এগৰাকী মানুহ
মোৰ কৰতলগত সমগ্র পৃথিৱী
তাৰ ওপৰৰ সমগ্র আকাশ মোৰে
হে পুৰুষ , তুমিও স্বাগত ইয়ালে
সম অধিকাৰেৰে, সুখে-দুখে, সসন্মানে .. 

📝 ডঃ জ্যোতিষ কুমাৰ দেৱ
     দিশপুৰ গুৱাহাটী 




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)