অঘৰী পখী

©Admin
0
আহিলি নে আকৌ তই
অশান্তি দিবলৈ মোক
মাজ নিশাখনো
বুকু ভাঙি যোৱাকৈ
কিয় বাৰু বিনাৱ তই  |

নিজেও সাৰে থাক
মোকো শুবলৈ নিদিয়
কিনো শতৰু মই তোৰ  |
বাৰে বাৰে শুনিবলৈ
মন যোৱা কণ্ঠ তোৰ
যি নিশাও সাৰে ৰাখে মোক  |
ক'ৰ পৰা আহ তই
আকৌ গুচি যাৱ
গছৰ আগত পাতৰ আৰত
ক'ত বাৰু থাক  |

অঘৰী পক্ষী তই
মোক অশান্তি দি
আকৌ কলৈ লৰ মাৰ   ||

📝 হেমেন হাজৰিকা ,মিৰ্জা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)