নাই জীৱনৰ কোনো সন্ধান
নাই কোনো ৰস, আছে মাথো নিৰস।
জীৱন মানেই নাটঘৰ, খন্তেকীয়া অভিনয়
তথাপি খন্তেকীয়া অভিনয়ৰ পৰা
নাই কাৰো আহৰি, আছে মাথো ব্যস্ততা।
কত বিননি, কত যন্ত্ৰণা, কত স্ফূৰ্তি
বিলীন হয় যায় ৰাস্তা-পথৰ ধূলিৰ লগত
ৰৈ যায় মাথো অতীতৰ মধুৰ স্মৃতিৰ চিহ্ন।
আহিছে মানুহ গৈছে মানুহ এয়াই চিৰসত্য জীৱন
জীয়াই থকাৰ সময়ত কোনেও নোসোধে কাৰো জীৱন-বৃতান্ত
মৃত্যুৰ পাছত সকলোৱে সোধে মানুহৰ জীৱন আদৰ্শ।
আছিলো ক’ত, আছো ক’ত আৰু এদিন যাম কলৈ
গৈ গৈ এদিন ক্ৰমান্বয়ে শেষ হ’ব এই জীৱন ৰহস্য
বিলীন হৈ যাব এই আত্মা পৰমাত্মাৰ লগত।
কোন আছিল, কলৈ গ’ল, কোনেও নোসোধে
মনত থাকে খন্তেক সময়ৰ বাবে
পাহৰি যায় চিৰ জীৱনৰ বাবে,
ৰহস্যময় ধৰিত্ৰীৰ মায়া-মোহৰ বুকুত আবদ্ধ হৈ
অন্তিম সময়ত পৰে জীৱনৰ অভিনয়ৰ শেষ যৱনিকা।
📝শিৱাংগী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ