এটা পৰিয়াল । ঘৰত মাক , দেউতাক আৰু তিনিজনী জনী ছােৱালী । মাক চুপাৰভাইজাৰ আৰু দেউতাকে কেৰাণী কৰে । তিনিজনী ছোৱালীৰে এটা সংসাৰ ।
তেনেতে তেওঁলােকে ঘৰ এটা বনােৱা পৰিকল্পনা কৰিলে । বনাব আৰ চি চি ঘৰ , ৩২০০ বৰ্গ মিটাৰ জােখৰ । বচ, সেইমতে কাম কৰিবলৈ আৰম্ভ কৰিলে । ঘৰ বনােৱা কাম চলি আছে । মানুহজনৰ নাম উৎপল আৰু মানুহজনীৰ নাম ৰিজু । উৎপলৰ ঘৰ আৰম্ভ কৰাৰ পাছৰ পৰা মাজে মাজে অফিচাে খতি হবলৈ ধৰিলে । তেওঁ ঘৰৰ বনোৱা কামত ব্যস্ত হৈ পৰিল । ক'ত কেনেকৈ , কােনতো ৰূমত কি টাইলচ দিব সেইবােৰ লৈ সম্পূৰ্ণ ব্যস্ত হৈ গ'ল ।
ঘৰৰ বেৰবােৰ দিয়াৰ পাছৰ পৰা পইচা কমিবলৈ ধৰিলে ।তেওঁলােকে ভবাই নাছিলে ইমান পইচা লাগিব বুলি । এচটিমেটবােৰ ভুল হৈ গ'ল ।
ইমান সৰু চাকৰি কৰা মানুহে ইমান ডাঙৰ ঘৰ বনাবলৈ লৈছে মানুহে দেখি আচৰিতেই হৈছে ।
ভবাৰ দৰে বেৰৰ প্লাচটাৰ , দৰজা আদি লগাবলৈ আৰু বাথৰূমৰ টাইলচ, পাকঘৰৰ
আদিৰ কেবিনেট বনােৱা আদি কাম ৰৈ গ'ল।
কি কৰিব আকৌ বেংকৰ পৰা লােণ এটা ল'লে । ঘৰৰ লােণ,গাড়ীৰ লােণ আদি বহু লােণ লৈ থােৱা আছে । দৰমহা পইচাও প্ৰায় দুয়ােজনৰে আধামানেই যায় । তাৰ পাছত লােণৰ পইচাখিনিলৈ কিছু কাম কৰিলে ।
ইপিনে উৎপলৰাে গা বেয়া হৈ আহিছে , হাৰ্টৰ অসুখ থকা মানুহ । তেওঁ পাকঘৰ আদিৰ কাম কৰি থাকোতেই এদিন বৰ টান অসুখত পৰিল। তেওঁক গুৱাহাটীলৈ লৈ যাব লগীয়া হ'ল , কিন্তু দেখুৱাবলৈ ক'ত পইচা পাব । আকৌ পইচাৰ নাটনি হ'ল । ৰিজুৱে সেইদিনা ৰাতিপুৱাই অফিচৰ অফিচাৰৰ ঘৰ ওলালেগৈ , আৰু চাৰক ক,লে " চাৰ মােৰ মানুহজনৰ চিৰিয়াচ । গুৱাহাটীলৈ লৈ গৈ দেখুৱাবলৈ মােৰ হাতত একেবাৰে পইচা নাই আপুনি মােক এক বা দুইলাখমান পাৰিলে দিয়কচােন মােৰ দৰমহাৰ পৰা বা এৰিয়াৰবােৰ আহিলে আপোনাক ঘূৰাই দিম । উপায় নাপাই অফিচাৰে এক লাখমান দিলে । সেইখিনিকে লৈ তাই গিৰিয়েকৰ অসুখতাে দেখুৱাই আহিলে ।
তাৰ পৰা আহিলেও সিমান ভাল পোৱা নাই ।
ডাক্তৰে কৈছে টেনচন নলব । বাছি খাব ।সাৱধানে থাকিব। ইত্যাদি ইত্যাদি ।
ঘৰৰ কাম ৰৈ গ'ল । ইলেকট্ৰিফিকেচন, পানীৰ সমস্ত কাম , ঘৰৰ ৱাল পেইনটিং বােৰ আছে । কেইদিনমান যােৱাৰ পিছত ৰিজুৱে আন এটা কথা চিন্তা কৰিলে । এদিন বায়েকৰ ঘৰলৈ গ'ল, গৈ নিজৰ অসুবিধাৰ কথা কলে আৰু দুইলাখ টকা ধাৰে খুজিলে
এই কামবােৰ বাকী আছে বুলি । বায়েকে ধাৰে খোজাৰ বাবে পইচাখিনি দি পথালে । সেইদিনা পইচাখিনি লৈ ঘৰ পালেহি আৰু বাকী থকা কামবােৰ যেনেতেনে সম্পূৰ্ণ কৰিলে । সেইখিনি কৰাৰ পিছত তাইৰ হাতত আকৌ পইচা নােহোৱা হ'ল । ইপিনে পম্পী , দিম্পী আৰু ৰিম্পী তিনিওজনী ছােৱালীৰ পঢ়া -শুনা আদিৰ কথা আছেই । হাত অনবৰতে খালি থাকে ।পইচা পোৱাৰ লগে লগে খৰচ হৈয়েই যায় ।
ঘৰতো হোৱাৰ পিছত এতিয়া নতুন ফাৰ্নিচাৰ লাগে আৰু ফাৰ্নিচাৰ কিনিবলৈ টকা নাই । ডাঙৰ ঘৰ । ধাৰ ঋণত পোত গ'লেও ঘৰ বনাইছে । লক্ষ্য মাত্ৰ ঘৰ বনােৱা। পইচা নাথাকিলেও কৰবাৰ পৰা হলেও ধাৰ ল'ব ।
চাৰিওফালে ধাৰ, কেৱল ধাৰ । তথাপিও চিন্তা নকৰে -ইমানবােৰ ধাৰ কেনেকৈ মাৰিম ।
ফাৰ্নিচাৰ ধাৰ কৰি হলেও কিনিবই লাগিব , সেইবাবে অফিচৰে আন কাৰোবাৰ পৰা আকৌ ধাৰ খুজিলে । সেই পইচাখিনিৰে ঘৰৰ ফাৰ্নিচাৰ কিনিলে । ঘৰ হোৱাৰ পিছত কিছুমান চিনাকি , চুবুৰীয়া সকলক ঘৰ লোৱা পাৰ্টিত খাবলৈ মাতিলে ।
গধূলি চাকি দিবলৈ লওতেই উৎপলে ৰিজু- ৰিজুকৈ চিঞঁৰি মাতিলে আৰু ক'লে মােৰ গাটাে ভাল লগা নাই । ডাক্তৰ মাতাচােন ।
কােনোৱাই ডাক্তৰ মাতিবলৈ গৈ আহি নেপালেই তেওঁৰ মাতবোল বন্ধ হৈ গ'ল ।
ডাক্তৰ আহি পালে আৰু ডাক্তৰে ক'লে তেওঁৰ প্ৰেচাৰতাে সম্ভৱ বহুত ওপৰত গুচি গ'ল - সেইবাৱে নাবাচিল " ।
সেইদিনা আছিল লক্ষীপূজা । সকলোৱে
খোৱা-বোৱা বাদ দি শ্মখানত লৈ যোৱা ব্যৱস্থা কৰিলে , ইপিনে আত্মীয় সকলক খবৰ দিবলৈ আছেই । হঠাত্ হুৱা-দুৱা লাগিল । ঘৰত কন্দাকটা, চুবুৰীয়াসকলে আহি দেখা দিলে আৰু কিছুমানে ক'লে , " মানুহজনে ইমান কষ্ট কৰি ঘৰতো বনালে -থাকিবলৈকে নাপালে "। তেখেতৰ ভাগ্যই বেয়া । ইত্যাদি । ঘৈণীয়েকৰ সৰগ ভাগি যোৱা হেন লাগিল । ইনাই-বিনাই কান্দিবলৈ ধৰিলে । ছােৱালী কেইজনীয়ে বৰ অ-নিৰাপত্তা অনুভৱ কৰি কান্দিলে ।
কিন্তু, কি হ'ব - বিধিৰ বিপাক । কপালৰ লিখন নাযায় খন্ডন । সেয়ে হ'ল ।
সকলাে সম্বন্ধীয় গােট খোৱাৰ পাছত, তেখেতৰ মৃত্যুৰ পাছত কৰণীয় সকলোবােৰ কাম কৰিলে। বহুতে আহি খা-খবৰ ল'লে । লাহে লাহে দিনবােৰ বাগৰিবলৈ ধৰিলে ।
নতুন ঘৰ । ফুৰ্ত্তি কৰিবলৈ তেওঁলােকৰ কোনো উদ্দমেই নোহোৱা হ'ল । মাক অফিচলৈ গৈ থাকিল । দৰমহা পায়হে -পিছদিনাই পইচা হাতত নোহোৱা হয়। তিনিজনীকৈ ছোৱালী , এনেকৈ কেনেকৈ চলে , ৰিজুৰ চিন্তাত মূৰতো মাজে -মাজে গৰম হৈ যায় । তাতে গিৰিয়েকো নাই । ইমানবােৰ ধাৰ কেনেকৈ মাৰিব ? পইচা ক'ত পাব ? এনেবােৰ চিন্তাই জুমুৰি দি ধৰিলে ।
গিৰিয়েক ঢুকুৱাৰ পাছত পেন্চনৰ টকাখিনিৰেই চাৰিজনীয়া পৰিয়াল আৰু লােণৰ ধাৰ মাৰি চলাতো একপ্ৰকাৰ অসম্ভৱ হৈ আহিল । তাই ঘৰখন চলাব নোৱাৰা হৈ আহিল । ছােৱালী কেইজনীৰ লগত আলােচনা কৰিলে -কি কৰা যায় (!), অৱশেষত ঘৰটােকে বেচাৰ সিদ্ধান্ত ল'লে ।
এতিয়া ঘৰকিনা মানুহ বিছাৰি ফুৰিছে ।
পিছে ক'ত পায় ? বহুদিন ইজন -সিজনক কৈ খা -খবৰ ল'লে । পাছত এজন মানুহ আহিল - ঘৰতো ল'ম বুলি । কিন্তু তেওঁ পইচা একেবাৰতে দিব নােৱাৰিব বুলি ক'লে ।
ৰিজু তাতে মান্তি হ'ল । সৰু ফ্লেট এটা ল'ম বুলি এবাৰ চােৱা-চিতা কৰিলে , কিন্তু একেবাৰতে পইচা দিব লাগিব । তাতো ৰিজুৰ আৰু এটা সমস্যাই দেখা দিলে । ঘৰ কিনা মানুহজনে পইচা কিস্তি কিস্তিকৈ দিয়া কাৰণে একাে এটা কাম কৰিব নােৱাৰিলে ।
লােণ, ধাৰ যিমান আছিল অলপ অলপকৈ মাৰি যেনে-তেনে শেষ কৰিলে ।
ইপিনে ছােৱালী কেইজনীকো পঢ়াব লাগে ।
বিয়া দিব লাগে , কিমান যে কাম আছে ।
তাই আগৰ সেই বিলাসিতাত চলা দিনবােৰৰ কথা বাদ দিবলগীয়া হ'ল ।
পাছতহে উপলব্ধি কৰিলে , কিয় ইমান ডাঙৰ ঘৰ বনাবলৈ লৈছিলাে । সকলােৰে পৰা ধাৰ খুজি ফুৰি নিজকে তল কৰিলো । এইবােৰ ভাবি মাজে মাজে বলিয়াৰ নিচিনা হৈ যায় । কিয় এবাৰো নাভাবিলাে, সেই সময়ত আমাৰ পইচাৰে সেই ঘৰখন বনাব নােৱাৰিম বুলি ।
আগৰ গাড়ীখনাে বেচিলে । এতিয়া ৰিক্সা আদিত ঘূৰি ফুৰে ।
কেতিয়াবা আত্মীয়ই কয় -
আপােনালােকে নিজৰ সামৰ্থ্যৰ বাহিৰত যাবই নেলাগিছিল । এতিয়া আপোনালােকৰ হাতত ঘৰো নাই । ভাৰাঘৰে -ভাৰাঘৰে থাকিব লগীয়াত পৰিছে । ইমান কষ্ট কৰি ঘৰ বনাই কি লাভ হ'ল ? বৰন্চ বহুত কষ্ট খালে ।
তাতকৈ নিজৰ সামৰ্থ্য অনুসৰি সৰুকে ঘৰ এটা বনাব লাগিছিল - তেতিয়া ইমান' ঘৰ বনুৱা বা বেচা এইবােৰ লটিঘটি নহলে হয় ।
এতিয়া প্ৰতিদিনেই তাইৰ চিন্তা, তিনিওজনী ছােৱালীক কেনেকৈ বিয়া দিও ? যি কণ পাও সেয়া পৰ্য্যাপ্ত নহয় । প্ৰথমৰে পৰাই নিজৰ চাকৰি - দৰমহা যিমান পায় - তাৰ মতেহে চলিব লাগে বুলি এতিয়াহে উপলব্ধি কৰিলে, "সামৰ্থ্য নােহোৱাকৈ আধিক বিলাসিতাৰ কথা চিন্তা কৰোতে জীৱনত বহুত উত্থান - পতন হ'ল । তেতিয়াহে বুজিলে নিজৰ সামৰ্থ্য আনুযায়ীহে চলিব লাগে ।
------সমাপ্ত------
গল্পকাৰ : মীনা পামে গাম
চিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ