দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন-০৫

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা----
দধি নষ্ট হোৱা দেখি যশোদাই হাতত এচাৰি লৈ কৃষ্ণক শাস্তি দিবলৈ অগ্ৰসৰ হয় |কৃষ্ণই ভয় খাই দৌৰি পলায় পত্ৰং দিয়ে |
আৰে গোপাল কেনে দুষ্ট হৈলি তই ----বহু খেদিও ধৰিব নোৱাৰি যশোদা ভাগৰি পৰিল | বালক কৃষ্ণই জননীৰ দুখ কষ্ট সহিব নোৱাৰি শোকত ম্ৰিয়মান হৈ নিজেই ধৰা দিয়ে | তাৰ পিছত যশোদাই গৰুৰ পঘাৰে উড়াল এটাত বান্ধি থয় |
মা যশোদা মোক নাবান্ধিবা তুমি
হৈল যত হানি, দিয়ে যাইবো আনি
সত্যে সত্যে বোলো আমি.....
শিশু কৃষ্ণই বহুত কাকুতি মিনতি কৰাৰ পিছতো যশোদাই বান্ধ খুলি দিলে নিদিলে | তেতিয়া কৃষ্ণই বান্ধি থোৱা উড়ালটো বগৰাই বগৰাই টানি নিয়াত ওচৰতে থকা অৰ্জ্ন গছ দুজোপাত লাগি ধৰা ৰচিদাল টানমাৰি দিয়াত গছ দুজোপা উভালি পৰে আৰু গছ দুজোপাৰ ঠাইত দুজন দেৱতা কুবেৰৰ পুত্ৰদ্বয়ৰ আবিৰ্ভাৱ হয় আৰু দুয়োজনে কৃষ্ণক সেৱা জনাই স্ব-স্থানলৈ গমন কৰে |
আনহাতে নন্দই পুতেকক বান্ধি থোৱা দেখি যশোদাক গালি শপনি পাৰি কষ্ণৰ বান্ধ খুলি কোলাত তুলি লৈ ঘৰলৈ আহে | ইয়াৰ পাছতে দধিমন্থন অনুষ্ঠানৰ সামৰণি পৰে |
 আগলৈ---
              
   📝হেমেন হাজৰিকা
                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)