বহাগ তই - এইবাৰ বিহু নহবি

Rinku Rajowar
0
বহাগ তই - এইবাৰ বিহু নহ'বি
বহাগ তই এইবাৰ "মাহ" হৈয়ে থাক ।

গাভৰু তই ছােৱালী হৈয়ে থাক
এইবাৰ  তই "নাচনী" নহবি ।

কুলি তই সুৱঁদি মাত হৈয়ে থাক
বিহু সুৰীয়া সুৰেৰে গীত নুজুৰিবি
মন বননিত ।

কুলি  - কেতেকী
নিবিনাবি মন  গহণত,
জাননে তই -
সহোদৰৰ মৃত্যুৰ কিৰিলী ?
দুখৰ বীণ বজাই
আছাে  জীয়াই ॥

কেনেকৈ বিহু পাতো
সহোদৰৰ মৃত্যুৰ পাহাৰৰ
নিশাৰ চিঞঁৰবােৰে 
কেনেকৈ ৰাউচি জুৰিছে !

বিহুঢােল - তই  যন্ত্ৰ হৈয়ে থাক
ঢুলীয়াক মাতি
বজাব নিদিবি,
আতংকৰ দিনত ।

কপৌ' কেতেকী ফুলৰ
সুন্দৰতাই ,
টলাব নোৱাৰে
মানুহৰ মন ।

ভাহি গৈছে পৃথিৱী
কেনেকৈ নাচিবি
চোতালত  ভাইৰ 
মৃত্যুৰ কিৰিলী
শুনা নাই তহঁতি ??

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)