লয়যোগ প্ৰসাৰী ত্ৰিৱেনী সঙ্গম

©Admin
0

কবিত্ব 
পৰমাত্মিক প্ৰোজ্বল প্ৰেমসন্নিভ
সত্য সুন্দৰ নিৰ্লোপ নিৰ্মল সৌন্দৰ্য্যৰ 
সৃষ্টিশীল শৈল্পিক শক্তিৰে সমৃদ্ধ
পৰিবৰ্তনশীলতাৰে তীব্ৰ প্ৰগতিশীল 
অনাবিল অমেয় অচিন্ত্য শৌৰ্য বীৰ্য

কাব্যিকতা 
স্বৰ্ণাভ বৰ্ণাভ শাশ্বত ভাস্বত
অমেয় অমিয়া সুমধুৰ মূৰ্চ্ছনামণ্ডিত
ছন্দিত ৰঞ্জিত স্পন্দিত ভাৱাৰ্ণৱ ঝংকাৰিত
অন্তৰাত্মা ধ্বনিত প্ৰতিধ্বনিত 
ধন্যাত্মক সুশীল সুৰীয়া শৈল্পিক তৰঙ্গ

কবিতা 
অনিবৰ্চনীয় পৰমাত্মাৰ আত্মিক মিলনৰ
স্বৰ্ণমণ্ডিত স্বৰ্ণাভ সাধনা সন্নিৱিষ্ট 
সমূজ্জ্বল সুৱাসী সাঙ্গীতিকতা সুৰঞ্জিত
শংকা সংকট বিমুক্ত বিনম্ৰ সন্মাৰ্গ 

প্ৰত্যক্ষ অপ্ৰত্যক্ষ অপ্ৰতিৰোধ্য
প্ৰাঞ্জলতাৰে প্ৰদৰ্শিত হয় য'ত
আত্মা নিসৃত ভাৱ তৰঙ্গ সমাহিত
স্বৰ্ণোজ্বল শব্দৰ ব্যঞ্জনাময় আলোকেৰে
অলংকৃত আলোড়িত আধ্যাত্মিকতাসিক্ত 
মধুৰ মকৰন্দময় সূৰ্যসন্ধানী  শৈল্পিক শিল্প

পৰমব্ৰহ্মৰ পূৰ্ণাংগ পূৰ্ণানন্দ প্ৰতিভান প্ৰমূৰ্ত
প্ৰশান্ত প্ৰসন্ন পৰিভ্ৰমন প্ৰোজ্বলতাৰে প্ৰদীপ্ত 
পৰম প্ৰাঞ্জল পৱিত্ৰ প্ৰেম প্লাৱিত
অনন্ত অচিন্ত্য মাহাত্ম্যদীপ্ত 
অখন্ডমন্ডলব্যাপ্ত অমেয় অনন্য তীৰ্থ

কবিত্ব কবিতা আৰু কাব্যিকতাৰ
এই লয়যোগ প্ৰসাৰী ত্ৰিৱেনী সঙ্গমত
নৈসৰ্গকতাৰে যি কৰে স্নান অবিৰত
তেওঁৱেই সৰ্বপ্ৰেমৰ সতীৰ্থ হ'বলৈ
চিন্ময় স্মিতব্যক্তিত্বপূৰ্ণ বিনম্ৰতা সিদ্ধ অখণ্ড সৌন্দৰ্যমণ্ডিত সাৰল্যতাৰে হয় সমৰ্থ
জনমানস জিনি মৃত্যূঞ্জয়ী মাদকতাৰে
সৰ্বকালে হ'ব পাৰে তেওঁ সবাৰে বৰেণ্য
              


    📝 প্ৰণৱৰঞ্জন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)