সুখৰ কামিজৰ তলত
দুখেৰে আৱৰা মনটােৰে সৈতে মই জনী ।
কামিজেৰে ঢাকি থৈছাে
এই সংঘাতভৰা জীৱনৰ চক্ৰ ।
তুমি দেখা জনী- মই নহয় ।
তুমি নেদেখা " মইজনী" পোছাকৰ তলত ।
হৃদয়ত অকাঁ আছে ঘাত - প্ৰতিঘাতৰ ছৱি,
প্ৰতিঘাত- সংঘাতবােৰ শুৱাই থৈ দিও
সিহঁত জাগি থাকিলে বৰ মনােকষ্ট হয় ।
তেজৰ নদী বোৱা জীৱন
গােট মাৰি কৰাল বান্ধে ।
সুখৰ পোছাকযোৰ পিন্ধিলে
কোনো শব্দবাণে তোমাক
থকা - সৰকা নকৰে ।
মন শৰীৰৰ কংকালবােৰ
তুমি নোচোৱাই ভাল ।
কংকালৰ নোকোৱা ভাষাই
তোমাৰ কৰ্ণকোহত
তীব্ৰবাণে ভেদাদি ভেদি অন্তৰ দহিব ।
জীৱনৰ পোছাকযোৰ
সেয়েহে পিন্ধাে ।
ভাল নালাগিলেও
ভাল লাগিব, লাগিব ।
পোছাকী হাঁহিৰে জীৱন জিনিবলৈ শিকা
নহলে জীৱন জিনিবা কিহেৰে ।
সুখৰ পোছাক পিন্ধি
দুখৰ জীৱন কাতি
জীৱন জিনিবলৈ শিকা বন্ধু ,
জীৱন জিনিবলৈ শিকা ॥
📝 মীনা পামে গাম, চিপাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ