ধৰ্ষণ, বলাৎকাৰ। কি এই ধৰ্ষণ, বলাৎকাৰ ? চৌপাশে কেৱল ধৰ্ষণ, বলাৎকাৰ। ধৰ্ষণ, বলাৎকাৰ। বলেৰে স্ত্ৰী-সঙ্গম কৰা। আৰে পাষাণ, নিষ্ঠুৰ, পাষণ্ড, অত্যাচাৰী, পাপী, নিলাজ, অসুৰ দানৱ মানৱ কিয় কণ-কণ পাঁচ বছৰীয়া, দহ বছৰীয়া, বাৰ বছৰীয়া ছোৱালী মানুহৰ জীৱন ধ্বংস কৰি আছা? কিয় কণমানি ছোৱালীৰ মুখৰ হাঁহি অন্যায়ভাৱে কাঢ়ি লৈছা? কিয় ছোৱালী মানুহৰ সপোনৰ, হাঁহি-আনন্দৰ ৰঙীন জীৱন হাতৰ ধূলিৰ দৰে মচি নাইকিয়া কৰি দিছা? কিয় ছোৱালী মানুহৰ জীৱন মষিমূৰ কৰি দিছা? কিয় ছোৱালী মানুহৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈছা? কিয় ছোৱালী মানুহৰ স্বাধীনতা কাঢ়ি লৈছা? কিয় সমাজত এই ঘৃণনীয় অত্যাচাৰ চলাই আছা?
“বেটি পঢ়াও, বেটি বচাও” এই শ্ল’গানটি দি লাভ নাই। কাৰণ এই শ্ল’গানে মনত শান্তি, সান্তনা দিয়ে, কিন্তু বাস্তৱিকতে ইয়াৰ একো অস্তিত্ব নাই। এই শ্ল’গান শুনিও পশুতুল্য মানৱে এই কাণ্ড কৰিয়েই আছে। আচলতে পশুতুল্যও নহয়, কাৰণ পশু পাষণ্ড মানৱতকৈ বহু গুণে ভাল। কত নিৰ্ভয়া কাণ্ড, কত চিকিৎসক ঁপ্ৰিয়ংকা ৰেড্ডীৰ দৰে ধৰ্ষণ, আজি অ’ত, কালি ত’ত, চৌপাশে কেৱল ধৰ্ষণেই ধৰ্ষণ। এই পাষণ্ড মানৱতকৈ কোনো তুচ্ছ নাই নেকি এই পৃথিৱীত। অন্যৰ বেটি-বোৱাৰীৰ ওপৰত চকু দিয়াতকৈ ৰাজনীতিৰ ওপৰত অলপ চকু দিয়া হ’লেও ৰাজনীতিৰ অৱস্থাটো অলপ হ’লেও সৎ পথলৈ আহিব আৰু অন্য বেটি-বোৱাৰী স্বাধীনভাৱে থাকিব পাৰিব।
যদি অন্যৰ বেটি-বোৱাৰীক ভাল চকুৰে দেখিব নোৱাৰে তেন্তে সেই চকু দুটা থকাতকৈ অন্ধ হৈ থকাই ভাল। একো কাম নাই তেনে চকুৰ। তেনে নিলাজ লোকৰ বাবে সমাজ লজ্জিত। সীতা, ৰুক্মিণী, ৰাধা, দ্ৰুপদী, উৰ্মিলা, শকুন্তলা, ঊষাৰ দৰে ছোৱালী লখিমী হ’ব লাগে আৰু নিজৰ সমাজত কণমানি ছোৱালীক ধৰ্ষণ কৰি কলংক কৰিব লাগে। নাৰী যদি ঘৰৰ সাধাৰণ গৃহিণী হ’ব পাৰে মনত ৰাখিবা কেঁচাইখাঁতি গোসাঁনীও হ’ব পাৰে। তাম্ৰেশ্বৰী মন্দিৰত নৰবলি দিয়াতকৈ তাত এনে পাষণ্ড, তুচ্ছ, নিলাজ মানৱক বলি দিব লাগে। নাৰী যদি সুন্দৰাধিকাৰীণী হ’ব পাৰে, তেন্তে নাৰী কালী, দুৰ্গাও হ’ব পাৰে।
📝 শিৱাংগী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ