তোমাৰ দুচকুত

©Admin
0
 তোমাৰ দুচকু দেখিয়েই
পঢ়িব পাৰি
তোমাৰ খবৰ  |
আনন্দই লহৰ
তুলিছেনে বুকুত  ?
দুখত শুকাইছে নেকি
সুখৰ সাগৰ   |
কি কথা পুহিছা পেটত
স্বগতম নে আক্ৰোশ
নে হিংসাৰ দাবানল  |
প্ৰকাশিব নোৱাৰা
গুপুত বেদনাই
ভৰি আছে নেকি বুকু  ?
এইবোৰ একো নুসুধিলেও
পঢ়িচাব পাৰি
সকলো তোমাৰ দুচকুত   ||

      
   📝হেমেন হাজৰিকা, মিৰ্জা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)