মহানায়ক-এটা অৱাস্তৱিক কাহিনী (খণ্ড - ০৩)

©Admin
0


" মহানায়ক "এটা অৱাস্তৱিক কাহিনীত এতিয়ালৈকে - টাইমপাছ ককাক বাইকত উঠাই উকীলৰ ঘৰলৈ যাওঁতে দুৰ্ঘটনা গ্ৰস্ত হৈ ককাৰ মৃত্যু হৈছিল আৰু টাইমপাছৰ অৱস্থা শোচনীয় নাছিল  ৷ ককাৰ পৰিয়ালে ককাক জুই দি ধনসম্পত্তিৰ মালিক হয় পুৰণা বাকচটোৰ পৰা এটা পোহৰ দেখি মদাহীজনে ওচৰত যোৱাত কোনোবা অদৃশ্য শক্তিৰ চৰত পলাই পত্ৰং দিয়ে এতিয়া আগলৈ পঢ়ক -

ডাক্তৰৰ অপ্ৰাণ প্ৰয়াসৰ ফলত টাইম পাছৰ অৱস্থা শোচনীয় হ'ল কিন্ত এতিয়াও সি বহুত দুৰ্বল নাৰ্চগৰাকীয়ে সোমাই আহি ঔষধৰ ট্ৰেখন থৈ " টাইম কেনে আছা ?" টাইম পাছে শুৱাৰপৰা উঠি শিতানত মূৰটো থৈ " মই ভালে আছো পাৰিলে মোক ৰিলিজ দিয়ক " নাৰ্চগৰাকীয়ে চিৰিঞ্জটোত ঔষধ ভাৰাই টাইমপাছৰ হাতৰ বাহুত দি " কি কথা কোৱাহে তুমি বিচনাৰপৰই উঠিব নোৱাৰা আৰু ৰিলিজ লাগে নহব কবলৈ তুমি ইয়াত সুৰক্ষিত আছা গোটেই বিশ্বতে কৰ'নাৰ ভাইৰাছ আতংক " কি কৰ'না ভাইৰাছ বুজাই কবনে " টাইমপাছে আচৰিত হৈ সুধিলে ৷

নাৰ্চগৰাকীয়ে তাৰ কাষতে বহি লৈ কবলৈ আৰম্ভ কৰিলে " কৰ'না হৈছে এক মাৰাত্মক ভাইৰাছ ইয়াৰ সৃষ্টি হৈছিল চীনদেশত২০১৯ চনৰ নৱেম্বৰ মাহতে কিন্ত চীনে বিশ্বৰপৰা এই কথা গুপুতে ৰাখিলে যেতিয়া এই ভাইৰাছত অত্যাধিক লোক আক্ৰান্ত হবলৈ ধৰিলে তেতিয়া চীনে বিশেষ কিছুমান মেডিকেলৰ নিৰ্মাণ কৰি তাত কৰ'না ভাইৰাছত আক্ৰান্ত ৰোগীসকলক ট্ৰিটমেণ্ট দিবলৈ ধৰিলে চাওঁতে চাওঁতে 

গোটেই বিশ্বতে এই ভাইৰাছৰ আতংক বাঢ়ি গ'ল ৭৪ টাতকৈ বেছি দেশত এই ভাইৰাছৰ কবলত পৰি অজস লোকৰ মৃত্যু হৈছে ৷ আমাৰ ভাৰতততো ১৬০ জনৰ মৃত্যু হৈছে ৷ বাতৰি মতে অসমত এই ভাইৰাছ আহি পোৱা নাই কিন্ত সাবধান হৈ থকাটো বাঞ্ছনীয় ৷ গতিকে তু কিছুদিন ইয়াতে থাকা আৰু এই মবাইল লোৱা কৰ'নাৰপৰা সুৰক্ষিত থকাৰ নিয়ম খিনি জানি লোৱা অহাকালি চৰকাৰে জনতা সান্ধ্য আইন জাৰি কৰিছে মই শুনা মতে এই ভাইৰাছ ১২ ঘণ্টাৰ পাছত মৃত্যু হয় গতিকে ১৪ ঘণ্টা বন্ধ দিছে যাতে কৰ'নাৰ আতংকৰ পৰিমাণ কদি যায় ৷ এইবুলি কৈ নাৰ্চগৰাকী গুচি যায় ৷ টাইম পাছ মবাইলত কৰ'নাৰ ভাইৰাছৰ ভিডিঅ চোৱাত ব্যস্ত  হ'ল ৷ ৰাতি বিচনাত বাগৰি

ককালৈ মনত পেলাই আৰু নিজকে কয় " ককা আজি জীয়াই থকা হ'লে এই কৰ'না ভাইৰাছৰ ওপৰত কি কি যে 

ক'লে হয় এইবুলি কৈ এটা দীঘলীয়া উশাহ লৈ শুই পৰিল ৷

এনেদৰে এসপ্তাহ পাৰ হ'ল টাইমপাছ সুস্থ হ'ল নাৰ্চ গৰাকীয়ে আহি ক'লে তুমি আজি ৰিলিজ পাবা কাৰণ আমাৰ মেডিকেলত কৰ'নাৰ ৰোগীৰ পৰিমাণ বহুত বাঢ়ি গৈছে আৰু তুমি এতিয়া সুস্থ হৈছা গতিকে তুমি সোনকালে ফ্ৰেচ হৈ ডাক্তৰৰ চেম্বাৰত গৈ বাকী থকা ঔষধপাতি লৈ যাবা অ এই বেগটোত মাক্স আৰু হেণ্ডগ্লচ আছে যাওঁতে নগাই যাবা আহিচো এইবুলি কৈ নাৰ্চগৰাকী গুচি যায় ৷

ৰিলিজ পাই সি মনৰ উল্লাসত নাচি নাচি ঘৰলৈ ওলাই যায় কিন্ত এতিয়া সি যাব কলৈ ককাতো নাই তাৰমানে সি আকৌ অনাথ হৈ পৰিল ক্ষণতকতে তাৰ মুঃখন নিৰাশাত ডুব গ'ল ৷

টাইমপাছে বিচাৰি বিচাৰি ককাহঁতৰ গাৱঁত উপস্থিত হ'ল সি গাড়ীখনৰ পৰা নামি ওচৰতে দোকান এখনত গৈ ককাৰ ঘৰৰ কথা সুধিলে " দাদা আপুনি লক্ষণ সিং ৰ ঘৰ কোনফালে অনুগ্ৰহ কৰি কবনে ? " দোকানীজনে ক'লে " সৌ হালধীয়া ৰং দিয়া দুমহলীয়া ঘৰটো দেখিছে সেইয়াই লক্ষণ সিঙৰ ঘৰ কিন্ত তেওঁ নাই ঢোকালে " টাইমপাছ ধন্যবাদ জনাই আগবাঢ়ি যায় ৷ ঘৰৰ পদূলি মুখত থিয় হৈ " গৃহস্থ আছেনে ?" কিছু সময় পাছত বুঢ়ী এগৰাকী ওলাই আহি তাক দেখা লগে লগে চকু ডাঙৰ কৰি ক'লে " তোৰ ইয়াত কাম নাই কৰবাৰ লেতেৰা তেজ যা যা তোৰ গৰকী মৰিল এতিয়া আমাৰ ৰাজত্ব যা " টাইমপাছ মনৰ দুখত উভতিল এনেতে তাৰ দৃষ্টি পৰিল সেই বাকচটোত সি ওচৰত গৈ ভালদৰে চাই " অ এয়া দেখােন ককাৰ বাকচ " তাকে দেখি বুঢ়ীগৰাকীয়ে ক'লে লৈ যা লৈ যা তোৰ মালিকৰ অন্তিম চিন " ৷ সি বাকচটো লৈ গুচি যায় ৷

সি গৈ জিৰণি ঘৰত বহি নিজৰ ভাগ্যক ধিক্কাৰে " কি যে ভাগ্য মোৰ সৰুতে মা দেউতাক নেদেখিলো এটা অনাথ অসহায় হৈ জীৱনটো কটাই পাৰ কৰোতে হঠাৎ জীৱনত ককাৰ আগমণ হোৱাত মনত সুখৰ অনুভৱ কৰিছিলোহে তাতে বিধাতাৰ সহ্য নহল চাগে কককো মোৰপৰা আঁতৰাই নিলে হায় ৰে মোৰ ভাগ্য " লাহে লাহে সন্ধিয়া নামি আহিল

সি কলৈ যাওঁ  কি কৰেো ভাৱি নাপায় ৷ সেইসময়তে সেই মদাহী মানুহজন আহি মোক আৰু বাকচটোক অবাক হৈ চাই ৰয় আৰু মনতে ভাৱে এই বাকচটো চিনাকি চিনাকি লাগিছ কিন্ত ল'ৰাটো চিনি পোৱা নাই আৰু মই সিদিনা বাকচটোৰ ওচৰত চাপি যাওঁতে মোক এটা চৰ শুধাইছিল এই বাকচটোৱে এই ল'ৰাটোৱে দেখােন শিতান বনাই শুই আছে সি ভয়ে ভয়ে ওচৰ চাপি টাইমপাছক মাত লগালে " ভাইটি অ ভাইটি তোমাক বাকচটোৱে চৰ মাৰা নাই নেকি ?

টাইমপাছে আচৰিত হৈ ক'লে " কিযে বলকিছ দাদা বাকচে জানো কাকোবা মাৰিব পাৰেনে ? হা হা হা সি খিলখিলাই হাঁহি উঠিল তেতিয়া মদাহী জনে সিদিনাখনৰ ঘটনা বিৱৰি ক'লে ৷ টাইম পাছে লগে লগে বাকচটো খুলি চাই সঁচাকৈ সোণবৰনীয়া ঘড়ী , চচমা , জোতা আৰু সোণেৰে খচিত কাপোৰ এখন দেখি তাৰ মনত উৎসাহ আৰু জিজ্ঞাসা জাগিল মদাহীজনৰো চকু চকমকাই গ'ল ৷ 

বাকী অহা শনিবাৰে পঢ়িবলৈ পাব 

     📝 ভাস্কৰ কায়স্থ

সহযোগী - দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)