চহৰৰ এমূৰে এটা ব্যস্ত তিনিআলিত জগতৰ ভাতৰ ৰেষ্টুৰেণ্টখন । সেইখন কোনাে নামী- দামী হােটেল নহয় । খেৰ আৰু বাঁহেৰে বনােৱা সাধাৰণ ৰেষ্টুৰা । বহিবলৈ বাঁহেৰেই তিনিখনমান বেঞ্চৰ নিচিনাকৈ বনাই থৈছে ।
বেছেৰা মাত্ৰ ক্লাচ এইটলৈকে পঢ়ি এই সৰু ৰেষ্টুৰাখনকে খুলিলে । তাৰে যি পইচা পায় তাৰে পৰিয়ালতো চলি থাকে । জগত আৰু পত্নী সবিতাই পুৱা ন-বজাৰ আগতেই আহি পায়হি ।
মাকে চিভিল হস্পিতেলত চতুৰ্থ বৰ্গৰ চাকৰি এটা কৰে । দেউতাকৰ মৃত্যুৰ পাছত চৰকাৰে মাককে সেই চাকৰিতাে দিলে আৰু একমাত্ৰ পুতেকেৰেসৈতে ঘৰখন চলি আছিল ।
মাকৰ চাকৰি আৰু তাৰ ৰেষ্টুৰাখনৰ টকাৰে অতি লাহ-বিলাহ নিবিচৰাকৈ সৰু পৰিয়ালটি চলি আছিল । সি চফল ডেকা । বিয়া-বাৰু কৰাবৰ বয়স হোৱাত গাঁৱৰে এজনী কম বয়সীয়া, ধুনীয়া ছােৱালী বিয়া কৰাই আনিলে । বিয়াৰ চাৰি বছৰৰ ভিতৰতে দুটা ল'ৰা -ছােৱালীৰ সি বাপেক হ'ল । ল'ৰা-ছােৱালী দুটা লাহে লাহে ডাঙৰ হৈ আহিল । দিনত পতি-পত্নী দুয়ােৱে ৰেষ্টুৰাখন চলাই,
তেনেকৈ পৰিয়ালটি আটােম-টােকাৰিকৈ চলি আছিল ।
কিছু বছৰৰ পিছত -
এনেতে, এদিন নিশা জগত শােৱা পাটিতে
মৰি থাকিল । কােনেও ভৱা নাছিলে, ইমান কম বয়সৰ ল'ৰাটো -ইমান সোনকালে মৰিব বুলি ? মানুহে ভৱাৰ দৰে নহ'ল । মানুহক আচৰিত কৰি -সি পৰিয়ালবৰ্গক ত্যাগ কৰি গুচি গ'ল । আনকি মৰাৰ আগতে কিবা জ্বৰ-ছৰো হোৱা নাছিল । তাতে মানুহে আচৰিত পালে । হঠাতে ল'ৰাটাে ঢকাই থাকিল । কিন্তু কি হ'ব, নিয়তিয়ে নিলে যেতিয়া মানি ল'বই লাগিব । অৱশেষত, ঘৈনীয়েক সবিতাই বহুত শোক আৰু ধৈৰ্য্য ধৰি -চলি থকা ব্যৱসায়তো ধৰি ৰাখিবলৈ যত্ন কৰিলে । নহলে পৰিয়ালতো কেনেকৈ চলিব (?), তেনেকৈ ভাবি কামত মনোযোগ দি ৰেষ্টুৰাখন চলাবলৈ সংকল্পবদ্ধ হ'ল ।
ল'ৰা-ছােৱালী দুটা ক্ৰমে চতুৰ্থ আৰু পঞ্চম মানত পঢ়ি আছিল । তেনেকৈয়ে শাহুৱেক আৰু বোৱাৰীয়ে ঘৰখন চলাবলৈ ল'লে । তাৰ কিছু বছৰৰ পিছত শাহুৱেকৰো চাকৰিৰ পৰা অৱসৰ লোৱা দিন আহি পৰিল । এতিয়া অকল বোৱাৰী সবিতায়েই ঘৰখন সম্পূৰ্ণকৈ চাব লগীয়া হ'ল ।
সবিতাই পুৱা ন বজাৰ আগতেই ঘৰৰ সকলো কাম-বন কৰি, ল'ৰা - ছােৱালী স্কুললৈ পথিয়াই ৰেষ্টুৰাখন খুলেহি । দিনত কমেও চল্লিশ -পঞ্চল্লিশ জন মানুহক ভাত দিব পৰা জােখাৰে যোগাৰখিনি কৰে । ভাতৰ উপৰিও চাহ আৰু তামােল ও তাইৰ তাত পোৱা যায় । নিয়মিতভাৱে ভাত -চাহৰ ৰেষ্টুৰাখন খোলেবাবে ভাত-চাহখোৱা মানুহবােৰো একে সময়তে আহে সবিতাৰ ৰেষ্টুৰাখনলৈ । ৰেষ্টুৰাতত কোনাে নাম - ফলক আদি নাই । তেনেই সাধাৰণভাৱে চলি আছে ।
গিৰিয়েকৰ মৃত্যুৰ পিছত তাই থমকি নৰ'ল - অকলে হলেও চলাই থাকিল । তাই হােটেলখন চলাই থাকোতে পানী আদি যোগাৰ দিয়া -যোগনীয়া কিছুমানে আনি দিছিল আৰু সেই যোগনিয়াৰ বিলাকেও তাইৰ পইচাৰ পৰাই চলি আছিল । নিয়মিত গ্ৰাহক আৰু নিয়মিত ধনলাভ হোৱাৰ বাবে তাই দুইটা ল'ৰা-ছােৱালীক কলেজত সহজতে বি. এ. লৈকে পঢ়ুৱালে - কোনাে অভাৱ নিদিলে সিঁহতক । দুটাকৈ সন্তানক স্কুলত পঢ়োৱা, কিতাপ-পত্ৰ , কাপোৰ-কানি আদি কিনি দি ভালকৈ তাই চলি থাকিল । দুয়ােটাকে তাৰ পিছত উচ্চশিক্ষাৰ বাবে গুৱাহাটীতো পঢ়িবলৈ পথালে । তেনেকৈয়ে তাই জীৱনক হাৰ নমনাকৈ নিজৰ ব্যৱসায় চলাই থাকিল । সেয়ে, এনে নাৰীৰ আদৰ্শ অন্য পুৰুষ বা মহিলাই অনুকৰণ কৰিব পাৰে । দেখা যায় যে, বহু যুৱক, মুনিহ আদিয়েও চাকৰি নাই বুলি ল'ৰা-ছােৱালীক পঢ়াৰ খৰচ দিব নােৱাৰে বুলি আৰু আনৰ ওচৰত হাত পাতি ফুৰে ।
সবিতাৰ আদৰ্শ যদি কোনোৱে গ্ৰহণ কৰে , নিশ্চয় আজিৰ যুগত নিবনুৱা হৈ বহি থাকিব নালাগে ।
এগৰাকী বিধৱাৰ জীৱনত বহুত ঘাত - প্ৰতিঘাত আৰু বিভিন্ন সমস্যাই সমাজত দেখা দিয়ে কিন্তু, সেইবােৰ কোনাে হেঙাৰ হিচাবে নলৈ নিজৰ কৰ্ম কৰি গ'ল আৰু এটা পৰিয়াল ভালকৈয়ে চলালে । সবিতাই জীৱনত থমকি নৰ'ল । জীৱনৰ -জীৱিকাৰ পথ সবিতাৰ ভালদৰে চলি থাকিল । সেইখন ৰেষ্টুৰা চলায়েই অৰ্থোপাৰ্জ্জন কৰি ঘৰ -সংসাৰ, সিহঁতৰ শিক্ষা -দীক্ষা, পিন্ধা -উৰা , বেমাৰ - আজাৰ সকলোবােৰ দিশত সহজেই চলাই থাকিল । বিধৱা হলেওঁ - অকলশৰীয়া বুলি বহি নাথাকি এই যুগত ল'ৰা -ছোৱালীৰ প্ৰাথমিক প্ৰয়ােজনীয় অভাৱবােৰ পূৰণ কৰিব পৰা ক্ষমতা সবিতাই সহজতেই গোটাব পাৰিলে ।
আজিকালি বহু যুৱক-যুৱতীয়ে চাকৰি নাপাই বছৰ বছৰ ধৰি বহি থকা উদাহৰণ আজিৰ যুগত বহুত আছে । ধৈৰ্য্য আৰু একাগ্ৰতাই মানুহক 'মানুহ' কৰি তোলে । সবিতাৰ নিচিনা নাৰী প্ৰশংসাৰ যোগ্য আৰু তাইৰ স্বাৱলম্বিতাৰ আদৰ্শ মুনিহ, যুৱক আদিয়ে অনুকৰণ কৰে জীৱনত লোকৰ পৰা হাত পাতিব লগীয়া নহ'ব নিশ্চয় ।
--------
সচাঁ ঘটনাৰ আঁৰ লৈ লিখা
নিৱনুৱা সকলক উদ্গনি দিবৰ বাবে গল্পটি লিখা হ'ল
📝 মীনা পামে গাম্
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ