শীতৰ মৃদু বতাহ জাক
প্ৰায়ে মোৰ আবেগৰ লগৰী!
যাৰ স্পৰ্শত পুনৰ সাৰ পায়
গুপ্ত প্ৰেমৰ বহু অকথ্য কাহিনী।
ওৰেটো নিশা এন্ধাৰৰ মাজত
মোৰ বিছনা খনে ছটফটাই থাকে
তেতিয়াও মই সাৰে থাকোঁ
বিচাৰি পোহৰৰ অস্তিত্ব...!
এন্ধাৰৰ প্রতি মোৰ এক প্ৰশ্ন
কিমান দিন আৰু গাপ দিব লাগিব
কাগজৰ উকাপৃষ্ঠাত বিষাদৰ অশ্রুকণা ?
এন্ধাৰো আজি নিমাতী কইনা
অসৰ্মথ হৈ ৰ'য়
ঠিকনা দিয়াত,
এজাক জোনাকৰ বৰষুণ ।
এনেকৈয়ে প্ৰায়ে উজাগৰী কটাওঁ
প্ৰাপ্তিৰ হাবিয়াস মনত বান্ধি
তোমাৰ নামত
মন খুলি আজি হাঁহিবৰো হয় শংকা
এফালে যদি প্ৰাপ্তিৰ এক ৰঙীন ছবি
আনফালে আকৌ হেৰুৱাৰ আশংকা ৷
বিবেক ক'ৰবাতে থমকি ৰ'য়
হৃদয়ত প্ৰায়ে কান্দোনৰ ৰোল উঠে
আবেগৰ বশৱৰ্তী হৈ
নাজানো, "তুমি" পৰা "আমি" হোৱালৈ কিমান পৰ?
তথাপি ৰাখিছোঁ পুহি হৃদয়ৰ গোপন কোঠাত
তোমাৰ নামৰ এটি সপোন
নাজানো,কিমান দূৰ সঁচা হয় ৷
ইয়াকে সুঁৱৰি মোৰ মন আকাশত
প্ৰায়ে ঢেৰেকণি বাজি উঠে
কাৰোবাক কৈ দুখ পাতলাবৰো যেন
বাকৰূদ্ধ চৰিত্ৰটি মোৰ নিচেই আপোন।
যিয়ে নেকি মোক বাৰে বাৰে আমনি কৰে
তোমাক পোৱাৰ আশাত
প্ৰেমৰ বৰষুণ জাকত টিটি-বুৰি
জুৰুলি-জুপুৰি হোৱা
এক পথভ্রষ্ট পক্ষী সদৃশ "মই" ক ৷
📝 ভাৰ্গৱ কুমাৰ নাথ।
মৰিগাঁও, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ