নিতৌ নিশা গোপনে কান্দো অকলে
মোৰ দুচকুৰ নীৰ বৈ সাগৰ হৈ যাব খোজে
তোমাৰ অবিহনে মোৰ জীৱন অন্ধকাৰ,
নোৱাৰো মা তোমাৰ অবিহনে -
জীৱনৰ প্ৰতিটো খোজত আগুৱাই যাবলৈ ।
মা মোৰো মন যায় দামী সাঁজ পিন্ধিবলৈ
হোটেলত গৈ দামী খাদ্য খাবলৈ কিন্তু –
মোৰ কপাঁলত এইবোৰ বিধাতাই দিয়া নাই মা,
মা মোৰ মনহে যায়, নালাগে মোক এইবোৰ
কাৰণ মই জানো ইয়াৰ সামৰ্থ্য মোৰ নাই
সচাঁকৈ নালাগে মা, মোক লাগে মাথো তোমাৰ মৰম ,
দামী সাঁজ, দামী খাদ্য কিনিব পাৰি কিন্তু –
তোমাৰ মৰম ধনেৰেও কিনিব নোৱাৰি মা
সেয়ে মোৰ যি আছে, যিমান আছে সন্তুষ্ট মই ।
মা মই কেতিয়া ডাঙৰ হ’ম ?
তোমালোকৰ বাবে কিবা কৰিব পাৰিম
মোৰ ডাঙৰ সপোন আছে কিন্তু –
মোৰ জীৱনৰ আটাতকৈ ডাঙৰ সপোন
ভাইটি-ভণ্টি, দেউতা আৰু তোমাক সুখত ৰখাৰ।
তোমালোকক সুখত ৰাখিব পাৰিলে ভাৱিম
মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন পূৰ্ণ হ’ল বুলি ।
উৰে দিন ৰ’দ বৰষুণত কষ্ট কৰিব নালাগে মা
নালাগে দেউতা য’তে – ত’তে হাজিৰা কাম বিচাৰিবলৈ
দুখ লাগে যেতিয়া তোমাক আৰু দেউতাক কষ্ট কৰা দেখো।
মোৰ চকুৰ পৰা আতঁৰত আছা যদিও
সদায় মোৰ হৃদয়ত আছা, শৰীৰৰ ছাঁৰ দৰে
মোৰ হৃদয়েই তোমাৰ মন্দিৰ, এই মন্দিৰৰ পূজাৰী মই ,
তুমি ভাইটি – ভণ্টি, আৰু দেউতাক চাবা
তোমালোকৰ ওপৰত বিশ্বাস থাকিলেও
স্বাৰ্থপৰ মানুহৰ ওপৰত নাই
মা তোমাৰ মৰম সাগৰৰ দৰে গভীৰ, আকাশৰ দৰে বিশাল,
কেতিয়াও জুখিব নোৱাৰি, কেৱল অনুভৱ কৰিব পাৰি
তোমাৰ মৰম জুখিব পৰা যন্ত্ৰ আজিলৈকে আৱিস্কাৰ হোৱা নাই মা
তথাপিও তোমাৰ এই মৰমৰ গভীৰতাত ডুব যাব খোজো
তোমাৰ আশীষেই মোৰ সম্পতি
মা মই পৃথিৱীত যিমানবাৰ জন্ম ল’ম
সিমানবাৰেই দেউতা আৰু তুমি মোৰ পৃথিৱী হোৱা
সেয়াই ঈশ্বৰৰ ওচৰত মোৰ শেষ প্ৰাৰ্থনা ।
📝 শিৱাংগী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ