চিকু আৰু ভোলা - এটা বাস্তৱিক প্ৰেম কাহিনী (খণ্ড -০১)

©Admin
0

 

মই চাইকেলখন লৈ গাৱঁৰ ৰাস্তাত গৈ থাকোতে এটা অদ্ভুত দৃশ্য দেখি থমকি ৰলো আৰু চাইকেলখন স্টেণ্ড কৰি নিজকে কলোঁ বাঃকি মনোমোহা দৃশ্য মাকে টোপনিত লালকাল আৰু কণমানি শিশুকেইটাই খেলাত মগ্ন এইবুলি মই তাৰে এজনী কন্যা শিশুক তুলি ঘৰলৈ লৈ আনিলোঁ তাকে দেখি মায়ে বৰকৈ বলকিবলৈ ধৰিলে " নিজৰে খবৰ নাই ইহ আনৰ দেখ ভাল কৰিব যা যা যৰপৰা আনিছ তাতে গৈ থৈ আহ "

মই দেউতাৰ মুখখনলৈ চালো মনে মনে দেউতাই ভালে পাইছে এনেই দেখোৱাই ধমক দিলে " যা থৈ আহ " কিন্ত চকুৰ ইংগিতেৰে থবলৈ পাৰ্মিচন দিলে  শিশুটিৰ নাম চিকু ৰাখিলো আৰু লালন পালনৰ দায়িত্ব মই নিজেই গ্ৰহণ কৰি কৰিবলৈ ললো ৷

শিশুটি লাহে লাহে ডাঙৰ হবলৈ ধৰিলে ৷ চাওঁতে চাওঁতে কন্যাটিৰ বয়স হ'ল মোৰ লগত সদায় স্কুললৈ যায় আকৌ লগত আহে মই যলৈকে যাওঁ তলৈকে তাইয়ো যায় ৷


এদিনাখনৰ কথা মই স্কুলৰপৰা আহি তাইক ঘৰত নাপালো মই চিন্তাত পৰিলো এতিয়া কি কৰো ক'ত বিচাৰি যাওঁ , মাক সুধিলো মায়ে গ'ল যে ভালে হ'ল বুলি ক'লে সেইসময়ত বায়ে আহি কয় চিকুক কেইটামান বদমাছ ল'ৰাই তিনিআলিৰ পৰা আহি থাকোতে বাটতে অপহৰণ কৰি নিছে ৷


মই খঙত ৰব নোৱাৰি চিকুৰ সন্ধানত ওলালো 

মই বহ ঠাইত গ'লো কিন্ত চিকুক বিচাৰি নাপালো 

শেষত গাৱঁৰে এঘৰত চিকুৰ চিঞৰ শুনি মই তুৰন্তে গৈ দেখিলো যে জহনিতযোৱাহঁতে চিকুক নিষ্ঠুৰতাৰে বান্ধি থৈছে চিকুৱে মোক চাই আৰু বেছি কান্দিবলৈ ধৰিলে মই সিহঁতলৈ খঙেৰে চাই কলো " ঐ তুৰন্তে এৰি দিয়া মোৰ চিকুক নহলে কথা বেয়া হব " সিহঁতে বিকট হাঁহি মাৰি ক'লে " অ হয় নেকি নেৰো কি কৰি লবি কৈ আকৌ হাঁহি এটা মাৰি ক'লে " আমি চাৰিটা তই অকলে সেইটোও পানী কেচুৱা হা হা হা " কথা শুন মই ৰব নোৱাৰো  সিহঁতৰ লগত যুঁজিবও নোৱাৰো হঠাৎ মনলৈ এটা বুদ্ধি আহিল মই লাহেকৈ তলত বহি দুই হাতত মুঠি ভৰাই ধুলি ললো তাকে দেখি সিহঁতে হাঁহি হাঁহি ক'লে " দেখিছ পোৱালিটো ভয়তে পেপুৱা লাগি আমাক ক্ষমা বিচাৰিছে হেৰো পোৱালি উঠা উঠা ঘৰলৈ যা গৈ যা " মই লাহেকৈ থিয় হৈ সিহঁতলৈ ভালকৈ চাই হাতৰ ধুলি চকুলৈ মাৰি পঠিয়ালো সিহঁতে চিঞৰিবলৈ ধৰিলে " আহঃ চকু পুৰিছে একু মনিব পৰা নাই আহঃ ধৰ ধৰ মাৰ মাৰ দুষ্ট ল'ৰাটোক এনেকৈ সিহঁতে চিঞৰি থাকিল আৰু মই চিকুক লৈ ঘৰলৈ উভতিলো ৷  

  বাকী কাহিনী অহাটো দেওবাৰে পঢ়িবলৈ পাব


📝ভাস্কৰ কায়স্থ                                অষ্টমমান                                                    ৰজ ইংগলিছ বোকাখাত



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)