সৰাপাতৰ উচুপনি

©Admin

ফাগুনৰ ৰঙা ওঁঠে ওঁঠে
 ধূলিয়ৰি বাটত সেউজীয়া
 সপোনৰ ৰহন সানে
তেতিয়াৰ চিনাকী সেউজীয়া
 সেই  ঢৌবোৰে বৰণ সলালে,
এতিয়া হালধীয়া হ'ল।
সপোন গজা কুহিঁপাঠবোৰে
 পোছাক সলালে,
এতিয়া তলসৰা বিষাদ হ'ল।

   📝উত্তম লইং