আহ আজি তোৰ হৈ কবিতা এটাৰ কথা পাতো
আহ মোৰ বেমাৰী ধোৱা চাংখনৰ মাজতে বহ।
আঁতৰি যোৱা কথা বোৰ তাতে এলান্দো কলীয়া হৈ উলমি আছে।
কথাবোৰ কোনো দিনাই কথা নহ'ল অ
সেইবাবে জীৱন ধিক,
কৰ আনৰ প্ৰেক্টিকেল সপোন কত মোৰ এলান্দো জীৱন ধিক জীৱন ধিক
অস্থায়ী জীৱন টোক কেনেকৈ স্থায়ী কৰোঁ, কব পাৰিবি ?
অ লুইত টোক ভালপোৱা মৰম মোক ঘূৰাই দিব পাৰিবা?
নোৱাৰা!!
মইও নোৱাৰিছোঁ, আশাক আশা ৰূপ দিবলৈ।
জীৱনক তোমাৰ ৰূপ দিবলৈ।
ধিক জীৱন ধিক।।
📝দৰ্পণ দাৱ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ