ভুল স্বীকাৰ

©Admin
0
এখন গাৱঁত বিজয় নামৰ এজন ল’ৰা আছিল সি নৱম শ্ৰেণীত পঢ়ি আছিল ৷বিজয় এজন দুষ্ট প্ৰকৃতিৰ ল'ৰা আছিল স্কুলত হওক নাইবা
কাৰো লগত মিলিব নোৱাৰিছিল তাৰ দুষ্ট চৰিত্ৰল কাৰণে ৷ তাৰ দুষ্টালিৰ অন্ত নেদেখি বাপেকে এদিন তাক বহুত বেয়াকৈ গালি পাৰিলে " যদি মোৰ নাম ৰাখিব নোৱাৰা তেন্তে মোৰ নাম বদনাম কৰাৰ অধিকাৰ তোৰ নাই ডাঙৰ হৈছা নিজকে শুধৰাবলৈ চেষ্টা কৰা আৰু যদি নোৱাৰা তেনহলে ঘৰৰপৰা ওলাই যা " ৷
বাপেকৰ কথাখিনি তাৰ মনটো গলাই পেলালে সি দুখমনে ঘৰৰপৰা নিলগত গৈ নদীৰ পাৰত বহি আছিল এনেতে বুঢ়া মানুহ এজনে আহি তাৰ এনেকৈ মন মাৰি বহি থকাৰ কথা সুধিলে " বেটা কিয় এনেকৈ মনমাৰি বহি আছা ?" বিজয়ি সকলো কথা বিৱৰি ক’লে ৷ তেতিয়া বুঢ়াজনে তাক ঘৰলৈ উভতি গৈ নিজৰ মা , দেউতাৰ আঁঠু কাঢ়ি কাণত ধৰি নিজৰ ভুল স্বীকাৰ কৰাগৈ মোৰ আশিৰ্বাদ আছে "৷ বিজয়ে লগেলগে ঘৰলৈ গৈ বুঢ়াজনৰ কোৱা মতে কাম কৰিলে আৰু তাৰ মা দেউতাই তাৰ ভুল স্বীকাৰ কৰাত বৰ সুখী অনুভৱ কৰিলে আৰু মৰমতে বুকুৰ মাজত সাৱটি ধৰিলে ৷
তাৰ পাছৰ দিনাখনৰ কথা বিজয় লৰালৰিকৈ স্কুললৈ গৈ আছিল দলংখন পাৰ হওঁতে সঠৎ দলংখন ভাঙি পৰিল ৷তাৰ আগে আগে গৈ আছিল অকণমানি শিশু এটাক কোচত লৈ গৈ আছিল তেওঁ সৰি পৰিলত এডাল বাঁহ ধৰি বিজয়ক ক’লে মোৰ ছোৱালীক ৰক্ষা কৰা ৷ বিজয়ে যেনেতেনে কৰি ছোৱালী জনী আৰু মাকক ওপৰলৈ তুলিলে ৷ মাকে শিশুটিক মৰম কৰিবলৈ ধৰিলে তাকে দেখি বিজয়ে ভাৱিলে " ময়ো যদি এটা ভাল ল’ৰা হলোহেঁতেন মোকো মায়ে এনেকৈয়ে মৰম কৰিলেহেতেঁন এনেতে সঠাৎ সি তললৈ পিছলি পৰিলে আৰু শেষত সি হাঁহি হাঁহি মৃত্যুক সাৱটি ল’লে ৷


📝ভাস্কৰ কায়স্থ
অষ্টম শ্ৰেণী 
ৰজ ইংলিছ স্কুল বোকাখা 




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)