যেতিয়াই যাক যেনেকৈ মন যায়
হাতত হাত থৈ দি দিবা
আৰু মন গ'লেই Android ম'বাইলৰ Ordenary apps বুলি ভাৱি Deleteকৰি দিবা।
প্ৰতিশ্ৰুতি সেই জনক দিবা।
যি জনৰ লগত তুমি তোমাৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ সপোন পূৰ্ণ কৰিবা।
কিন্তু,কিন্তু তুমি মোক দিয়া প্ৰতিশ্ৰুতি বোৰ কি আছিল?
কি আছিল নিজানত নদীৰ পাৰত বহি,
হাতত হাত থৈ মোক কোৱা কথা বোৰ।
মৰম ভাল-পোৱা,আশা-নিৰাশা নে ঠগ্ প্ৰৱঞ্চনা,
নে প্ৰতিশ্ৰুতিৰ আধৰুৱা কবিতা?
কি আছিল সেই বোৰ?
তুমি এতিয়া মোৰ মৰম পাহৰি মোক এৰি আনৰ বুকুত সোমালা।
জানো তুমি মোক ভাল নোপোৱা বুলি।
তথাপি নাজানো মোৰ ঠুনুকা হৃদয় খনে অলিয়ে-গলিয়ে বলিয়াৰ দৰে তোমাকেই কিয় বিচাৰি ফুৰে।
সেই বাবেই নেকি তোমাক নিজতকৈও আপোন আৰু জোখতকৈও বেছি বিশ্বাস কৰিলো।
সেই বাবেই বিচাৰে,
সেই বাবেই বিচাৰে নেকি?
বিচাৰে তুমি দিয়া আশা বোৰ তুমি দিয়া আধৰুৱা প্ৰতিশ্ৰুতি বোৰ।
তোমাৰ লগত দেখা মিঠা সপোন বোৰ দিঠকত বাস্তৱ কৰিবলৈ।
কিন্তু সকলো বোৰ দেখোন মোৰ বাবে এতিয়া,
মাথো বালিৰে সজা ওঁৱলি যোৱা পজা।
কাল ধুমুহাই সকলো বোৰ তচ্নচ্ কৰি গ'ল।
সকলো সপোন একো একোটা ভগ্ন স্বপ্ন হে হ'ল।
যোৱা তুমি সুখী হোৱা আৰ্শীবাদ কৰিছো তোমাক।
তোমাৰ কপালৰ সেই ফুটতো সন্ধিয়াৰ পশ্চিমত মাৰ যোৱা ৰঙা জোনটোৰ দৰে যেন সদায় জিলিকি ৰয়।
তুমি মোক দিয়া প্ৰতিশ্ৰুতি বোৰ
শীতৰ সেমেকা উমি উমি জ্বলা জুইত যাহ যাবলৈ দিবা।
সেই জুই পিছে সাচি নাৰাখিবা তোমাৰ বুকুত
আজীৱন।
📝 দ্বীপ দীপাঙ্কৰ লাহন।
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ