এখন নতুন পৃথিৱীৰ সন্ধানত

©Admin
0
তোমালোক নতুন যুগৰ 
      নৱ প্ৰভাতৰ সোণালী ৰেখা ।
সৃষ্টিৰ তোমালোক নতুনকৈ গজি উঠা 
   একো একোটা বীজ ।
তোমালোক সৃষ্টিৰ প্ৰাথমিক 
       এক প্ৰাথমিক অৱস্হা ।

থাকিব লাগিব আপোন লক্ষ্য ,দৃষ্টিভংগী তীক্ষ্ণ !
জীৱনৰ যৌৱনোদীপ্ত বয়সত 
    হব লাগিব সবল শাৰীৰিক তথা মানসিকভাৱে ।
প্ৰচুৰ সম্ভাৱনাময় আৰু সকলো ধৰণৰ উদ্দীপনাৰ ভৰপূৰ 
    
তোমালোক দেশৰ ধৰণী ।
মন মগজুত জগাব লাগিব 
        অসীম উৎসাহ উদ্দীপনাৰ।

নামিবও পাৰে যৌৱনৰ প্ৰাচুৰ্যত বৰ্ষাৰ ঢল 
    সপোনৰ সমাৰোহ জীৱন নদীৰ ঘাটত ।
লিখিব লাগিব সুখৰ বাৰ্তা 
         হৃদয়ৰ পাতে পাতে !

এতিয়া তোমালোক বহু প্ৰশ্নৰ গ্ৰাসত
     এখন নতুন পৃথিৱীৰ সন্ধানত ।
যৌৱনৰ বলিয়া বানত উটিব নুখুজিবা ।
    
     একবিংশ শতিকাৰ সভ্যতা জখলাত 
দৌৰি দৌৰি বগাই যোৱা 
     নতুন পৃথিৱীৰ সন্ধান কৰা ৷

ক্ষুধাৰ্ত শত -সহস্ৰ 
         বিৱৰ্ণ মোৰ স্বদেশ ।
এই সময়  দুঃসময় ।
অ' 
নতুন যুগৰ যাত্ৰী 

সেয়ে সন্ধান কৰা এখন নতুন পৃথিৱী ।


📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)