প্ৰণয় গীত

©Admin
0

⬛ প্ৰিয়তমা

আহানা আহানা

এই প্ৰভাত আহানা

ৰাতিটোক দি বিদায়

প্ৰিয়তমা আহানা ৷

তোৰে প্ৰেমতে 

মন বলিয়া হৈছে

হিয়াত তোৰেই ছবি

য'তে ত'তে তোকে দেখাে ৷

মই নদী তই পানী

তোৰে মোৰে হব

মধুৰ মিলন 

সাক্ষী হব এই আকাশ ৷

          ---

 ⬛  বুকুৰ আপোন

নাজানো কিনো 

বিচাৰি ফুৰিছে

      মোৰ মন আজি 

তোমাক কি 

       লাগে জীৱন

ৰাস্তা মোৰ

         একা বেকা

কেনেকৈ কৰোঁ

            মই যাত্ৰা

বিচাৰে যাক

         মোৰ এই দৃষ্টি

তাই ক'তে 

          আছে লুকাই

 এটা মাথা চেহেৰা

           সপোনত ৰাতি

হলেও সপোন তাই 

            বুকুৰ আপোন

কোন দেশৰ

        তাই অপেছৰী

মন মোৰ যি

          নিলে কাঢ়ি

যোৱা বতাহ

           তাইৰ  আনি

 দিয়াগৈ বাতৰি 

           উগুলথুগুল

মন লগ পালে

          লভিব শান্তি ৷

📝দুলাল ৰবিদাস

বিদ্ৰঃ গীতসমূহ ভাল পাই যদি কোনো শিল্পীপ্ৰেমী সদাশয় ব্যক্তিয়ে বাণীবদ্ধ কৰিব বিচাৰে তেনেহ’লে মোক যোগাযোগ কৰিবপাৰে এই নম্বৰত 6002305269 ৷

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)