চাকৰিজীৱি মহিলা

©Admin
0
টিংকু আৰু  হিৰণ দুয়াে নতুনকৈ বিবাহ পাশত আৱদ্ধ হৈছিল । টিংকুৱে দিল্লীতে কোম্পেনী এটাত কাম কৰে । হিৰণ বেংকৰ প্ৰবেচনেৰী অফিচাৰ,তেওঁৰো তাতেই পষ্টিং  । দুয়ােটাই দিনৰ দিনটাে কামত ব্যস্ত হৈ থাকি সন্ধ্যা ৭.৩০ মান বজাতহে বা তাৰ পিছতহে ঘৰ পাইহি ।  তেওঁলোকৰ চাকৰি প্ৰায় চাৰি -পাচ বছৰমানেই হ'ল । দুয়ােৱে ঠিৰাং কৰিলে ইমান ঘৰভাৰা দিব লাগে, তাতকৈ ফ্লেট এটা কিনি ল'লে কেনে হয় -কথামতেই কিনি লৈ থাকিবলৈ ল'লে । দুয়ােৰে ঘৰ অসমত ।  তেনেকৈ বিয়াৰ কেইবাবছৰৰ পিছত তেওঁলোকৰ এটা ল'ৰা জন্ম হ'ল । ল'ৰাটাে জন্মৰ সময়ত টিংকু মাকৰ ঘৰত দুমাহ থাকিল । দুমাহৰ পাছত হিৰণে টিংকু আৰু কেচুঁৱা দুয়োটাকে লৈ আহিল দিল্লীলৈ । নিজৰ সন্তানক নিজৰ পৰা দূৰত ৰাখিবলৈ ইচ্ছা নকৰিলে । ল'ৰাটাে দেখাত  একেবাৰেই ৰাজকুমাৰ দৰেই লাগে । তাৰ নাম থলে -'ৰাজ' ।  ৰাজক চোৱা-চিতা কৰিবৰ বাবে  অফিচৰ চকীদাৰৰে জীয়েকক আনি এবছৰমান ৰাখিলে - এটা মোটা দৰমহা দিছিলে । ছোৱালী জনীও ভালেই আছিল । কিন্তু, এবছৰৰ পিছত দেউতাকে তাইক নাৰাখিলে । 
তাইৰ বয়স ১৫ মান হওঁতেই তাইক চাবলৈ দৰা আহিছে বুলি দেউতাকে তাইক মানে মুন্নীক লৈ গ'লগৈ । তাইক যি নিলে নিলেই - উভতি আৰু নাহিল । টিংকুৱে আকৌ দুদিনমান অফিচলৈ  ৰাজক লৈ গৈ অফিচ কৰিলে । কিন্তু, সেইদৰে আৰু কিমান কৰিব ।
ল'ৰা ধৰা মানুহ বিছাৰি ফুৰিছে, কিন্তু বিছাৰি পোৱা নাই । ধনৰ তাড়নাত চাকৰিতোও বাদ দিব নোৱাৰি আৰু সিফালে কেচুঁৱাটোও চোৱা মানুহ নোপোৱাত দুয়াে পুনৰ চিন্তিত হৈ পৰিল । সেই সমস্যাই দেখা দিলে । টিংকুৱে, মনে মনে ভাৱিবলৈ  ধৰিলে," মোৰ নিচিনাকৈ আৰু বহুতৰে কিজানি এনে সমস্যা থাকিব পাৰে   আৰু নিশ্চয় আছেওঁ চাগে " ।  তেনেকৈ ভাৱি থাকোতেই লগতে পঢ়া পাঞ্চালীয়ে ফোন কৰিলে ," কি খবৰ বুলি " ? টিংকুৰ মনত দুলি থকা ভাৱনা বিলাকৰ কথাখিনি আপোনা - আপুনি ওলাই আহিল । এ আচ্ছা নেহী হে ।
পা :: কিউ ?
টি ::বচ্ছা কে লিয়ে প্ৰবলেম হে ।
পা :: ক্যা হোৱা ?
টি :: Day time মে দেখ - ভাল কৰ'নে কে লিয়ে আদমী নেহী মিলা ।
পা :: ৱহ : So sorry. হা নজদীক মে এক Baby creche  হে । তুম জা'কে পু'ছ' ।
টি :: মুঝে মালুম হে । Baby creche মে ডাল চকতা হু । লেকিন বহত গৰবৰ হ'তা হে ।
পা:: ক্যা গৰবৰ ?
টি :: হা হামাৰা পৰােচী কী বচ্ছা change হো গ'য়া থা ।
পা :: ক্যা !!!!
টি :: একদম চচ বাত হে । বাত মে থানে মে এফায়াৰ ভী দেনা পা'ৰা ।
পা :: অ মাই গদ !!!
টি :: কই দিন কে বাদ মিল গয়া ।
পা:: Thank God. Ok you take care him- I mean your baby- Raj.
টি :: Thanks .

টিংকুৱে বহুত সময় জুপুকা মাৰি থাকি ভাবিলে, "যদি এনে নিয়ম থাকিলেহয় - চাকৰিজীৱি মহিলাই কোম্পানী বা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ল'ৰা -ছোৱালী জন্ম হোৱাৰ পিছত কমেও তিনিবছৰ চুটি লৈ থকাৰ পিছতো - সাধাৰণভাৱে চুটি সম্পূৰ্ন হোৱাৰ পিছত কোনো নিয়মৰ ক্ৰুটী নোহোৱাকৈ   পুনৰ জইন কৰিব পৰা  হেতেন বা নিয়ম যদি চৰকাৰে কৰিলেহেতেন, তেতিয়া মোৰ দৰে বহুত নাৰীৰ শিশুৰ  লালন-পালনত অলপ সকাহ পালে হয় । নহলে, চৰকাৰী নিৰ্ভৰযোগ্য Baby creche থাকিলেহয় শিশুৰ ভৱিষ্যত সুৰক্ষিত হলেহয় অন্যথাই বহুত মানুহে এনে সমস্যাত ভুগি থাকিব  ।

হিৰণ আৰু টিংকুৱে চাৰিওফালে বিচাৰ - খোচাৰ কৰিও  একো উৱাদিহ নাপালে । ইপিনে পৰিয়ালতো কোনো তেনেকৈ থাকি চাই দিব পৰা মানুহ নাই । শহুৰ - শাহু বিয়াৰ আগতেই ঢুকাল । বৰজনাক দুজনেই তেওঁলোকৰ বিয়া পাতি দিছিল ।  টিংকুৰ ঘৰৰ মানুহাে আহিব নোৱাৰে । তাই শেষত কাষৰ দোকানৰ দোকানীৰ ঘৈণীয়েকক কাকূতি মিনতি কৰি মাহে ৭ হাজাৰ দি ৰাজক চোৱা-চিতা কৰিবলৈ দিলে । তেনেকৈ দুমাহমানহে দিব পাৰিলে । পুনৰ সেই সমস্যা জী উঠিল । টিংকুৱে না ঘৰত মন দিব পাৰিছে না অফিচত মন দিব পাৰিছে, একোতেই ধ্যান দিব পৰা নাই ।
তাৰ পিছত তাই কোম্পানীত অসুখ হোৱা বুলি দৰখাস্ত কৰি জনালে । মালিকে সচাঁ বুলিয়েই ভাৱিলে । তেনেকৈ ছমাহ ছুটি ল'লে  । ছমাহৰ পিছত আকৌ সেই একেই সমস্যা ।  দুয়াে আলোচনা কৰি  শেষত সিদ্ধান্ত ল'লে , " টিংকুৱে চাকৰিটাে বাদ দিব । কাৰণ ৰাজক যাৰে - তাৰে হাতত গটাই যাবওঁ নোৱাৰে ।
আজি - কালি  শিশুবােৰ  যি কোনো ঠাইত মুঠেই সুৰক্ষিত নহয় ।
  প্ৰকৃততে এই সমস্যা মাত্ৰ এজনৰ সমস্যা নহয় । তেনেধৰণৰ সমস্যা সকলোৰেই আছে সেয়ে খুব নিৰ্ভৰযোগ্য চেন্টাৰৰ প্ৰয়োজন প্ৰায়ভাগ মানুহৰেই আছে ।
  উচ্চশিক্ষিত হয়ো টিংকুৱে ঘৰতে চাকৰি এৰি থাকিব লগীয়া হোৱাত অলপ ভিতৰি ভিতৰি
অন্তৰত দুখ পালে । কিন্তু, কি হ'ব  তাৰ বাদে তাইৰ অন্য উপায় নাছিল । ৰাজৰ মুখলৈ চাই দিনবােৰ পাৰ নিয়াব লাগিল ॥


📝লেখক : মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)