এইখন সপ্তভনীৰ স্বৰ্গময় , একতাৰ বান্ধোনত থকা লুইতপৰীয়া বৰ অসম ৷
বৰ অসম বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাত , বাই ভনীৰ মাজত কিহৰ বেয়া পোৱা হ'ল যে কেইবাগৰাকী ভনী আতৰি গ'ল কিয় ?
আমি সেই সকলক নিচ বুলি লেতেৰা পাহাৰীয়া বুলি ঘৃণা কৰিছিলো নেকি ? মনে বহু চিন্তা কৰে , তাৰে দুই এক ভনীৰ এলেকালৈ যাবলৈ থাকিবলৈ আমাক আকৌ অনুজ্ঞাপত্ৰ লাগিব ৷
এনে বিভাজন কিয় আহিল , একতাৰ ডোলত বান্ধ খাই থকা এক মাতৃৰ সন্তান হৈ কিয় আঁতৰি গ'ল এতিয়াও বহুৱে আতৰিব বিচাৰিছেও সুকীয়াকৈ থাকিব বিচাৰিছে ,ইয়াৰ কাৰণ বিচৰা বহু টান হৈ পৰিছে ইয়াৰ দুখ কাক দিম আনক নে নিজক আমি বাৰু সকলোতকৈ ডাঙৰ ভাল উন্নত , আমাৰ অভিমান হৈছে নেকি ?
আমি আনক হেয় জ্ঞান কৰোঁ নেকি ?
মনটোৱে কি কি চিন্তা কৰে যে
আমি বাৰু দেশীয় , দেশৰ বাহিৰৰ আলহীক বৰ ভাল পাওঁ নেকি ? আমাৰ স্বাৰ্থৰ বাবে
যি আজি আমাকহে আলহী কৰিব খোজে সেইসকলে আজি নিজস্ব সকলো বিচাৰিছে ৷
য'ত দিনে দিনে আমাৰ সংখ্যা কমি আহিছে ৷
আমাৰ একতা আছে কিন্তু সৰু সৰু গোটৰ নিচিনা সকলোৱে নেকি ডাঙৰ ৷ যিসকলক আপোন কৰিলে নেকি ? আমাৰ দেশ ডাঙৰ হব
সেইয়া কৰা নাই কিয় ?
এখন দেশৰ বাবে এটা স্বিকৃতি ভাষা থাকে যাক কওঁ মাতৃ ভাষা এই ভাষা দেশৰ প্ৰতি এলেকাত প্ৰচলনৰ বাধ্যবাধকতা নাই কিয় ? সেই উৰু পুঙা
বিলাকে কি ভাৱি নিজক প্ৰতিস্থা কৰাৰ প্ৰচেষ্টা কৰিছে ইয়াৰ বাবে জগৰীয় আমি কাক কৰিম
আনক নে নিজক আমাৰ এই অৱস্থাৰ বাবে জগৰীয়া কোন কাক দুখ দিম প্ৰায় দিশত অন্যায়
শোষণ ৷ আমাৰ ইয়াত বসবাস কৰা মিশ্ৰিত জাতি - উপজাতি , জনজাতি চাহ শ্ৰমিকৰ লোক আছে
ইয়াৰ ওপৰিও অন্য দেশৰ লোক , বিদেশৰ লোকে
বাস কৰিছে সেই সকলে নিজক প্ৰতিস্থা কৰিবলৈ
সুবিধা লৈছে যাৰ ফলত আমাৰ অস্তিত্ব শেষ কৰাৰ অনেক চালনা কৰিছে যেন লাগে ৷ সেই সুবিধা কোনে দিছে ? এটা কথা হয় যে আমি খেতি বাতি কৰিবলৈও উদ্যোগিক কাম আদিৰ বাবে সেই মানুহ সকলক লগোৱা হয় কিয় পুৰ্বে বহু লিখক , গায়ক আদিয়ে যেনে ভূপেন হাজৰিকা আমাৰ ভৱিষ্যত কি হব সোঁৱৰাই দিছিল বাৰে বাৰে কিন্তু আমি ভাৱিলো ধুনীয়া গীত গাইছে ভালগীতৰ ভাষাৰ কাণ নিদিলো ৷
আমি ইয়াতে জন্ম গ্ৰহণ কৰি ইয়াৰ বায়ু পানীত সাতোঁৰি নাদুৰি ডাঙৰ হৈ এই মাতৃ ভূমিৰ ওপৰত চিন্তা নকৰি প্ৰ পিতামহক প্ৰতিস্থা কৰিব বিচাৰিছো তেন্তে ইয়াতকৈ আৰু নিচ কথা কিবা
হব পাৰেনে এটা কথা হয় পূৰ্বে অনুসৰণ কৰিয়ে , পৰিৱেশ অনুসৰি বৰ্তমানক বনুৱা হয়
কিন্ত৷ আমি নিজৰ মাতৃভূমিৰ অস্তিত্ব শেষ কৰাৰ
বাবে দেশ চলোৱা চৰকাৰী কিবা দফাই আমাক
বাধা দিছে নেকি যদি দিছে তাৰ বাবে আমি মাত মাতিছো নে নাই ?
পূৰ্বে দেশৰ কিছু প্ৰান্তৰ পৰাও মোগল যুদ্ধত বন্দী কৰা লোকসকল অসমীয়া হ'ল কিন্ত ঠগি লোভ
দেখােৱাই অনা চাহ শ্ৰমিকে বাধ্যতামূলক ভাৱে পেটৰ বাবে শোষণৰ বাগজৰীত বান্ধ পথহাৰা হৈ
কিমান সমস্যাৰ সন্মুখীন হৈ জীয়াই আছিলও জীয়াই আছে অসম মাতৃভূমি আমাৰ কিন্তূ আমি বাগানীয়া চাহশ্ৰমিক হৈ থাকিলোঁ ফলত বৃহৎ অসমীয়া জাতি বৃহৎ অসম গঢ়াৰ বাবে দুৰ্বল হৈছে নেকি কোনে এনে শ্ৰেণীবিভাজন ঘটাইছে
যাৰ ফলত অসম ব্ৰহ্মপুত্ৰ উপত্যকাত ৷
আমি জীয়াই থকাৰ মূল বিষয়সমুহ বহু ভাগত
বিভক্ত হৈছে যাৰ ফলত আমাৰ জীৱন
যাত্ৰাৰ পথ আহৰণত চিন্তা আহিছে এই মূক্ত আকাশৰ তলত এই ভূমিত কাৰ সন্তান আমি :
আহক আমি বৃহৎ অসমৰ জাতি উপজাতি , জনজাতি , চাহশ্ৰমিক আদি আমি অসমীয়া
আমি আনৰ কথা প্ৰলোভন আদিত কাণ নিদিওঁ
ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি নিজস্ব কলা সংস্কৃতি
সংমিশ্ৰিত কলা সংস্কৃতিৰে বৃহৎ সোণৰ অসম গঢ়িম ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ