দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন-০৭

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা ----
দধিমন্থনৰ অমৃতময় গীতমাতৰ মধুৰ ছন্দই ,ৰাম-কৃষ্ণ ,গোপ-গোপিনীসকলৰ লয়লাস অপূৰ্ব নৃত্য ভংগিমাই সকলোৰে মন প্ৰাণ হৰি নিয়ে আৰু এই দিনটোৰ বাবে ঠাইখিনি সাক্ষাত ব্ৰজধামলৈ পৰ্যবেশিত হৈ পৰে |দবা বৰকাঁহ ,শংখ ঘণ্টা ,ঢোল, খোলৰ শব্দ ,আয়তীৰ উৰুলি আৰু ৰাম কৃষ্ণ জয়ধ্বনিয়ে দশোদিশ কঁপাই তুলি সকলোৰে অন্তৰত কৃষ্ণভক্তিৰ অমিয়া ধাৰ বোৱাই দিয়ে  |
   গাঁওবাসীৰ অন্তৰত থকা হিংসা ,অসুয়া, খিয়লা খিয়লি ভাৱবোৰ অাতৰাই ধৰ্মলৈ প্ৰেৰণা যোগায় | ঐক্য-সংহতি ৰক্ষা কৰাৰ উপৰিও তেওঁলোকৰ মাজত ভাতৃত্বৰ বান্ধোনৰ ভেটি সুদৃঢ় কৰে | ৰাজহুৱা ভাবে পালন কৰা গীত মাত ,শাস্ত্ৰ, আবৃত্তি, আৰু নৃত্য অভিনয়ত অংশ গ্ৰহন কৰা লোক সকলৰ শিল্পানুৰাগ ,কলাসুলভ দক্ষতাও বহলভাবে প্ৰকাশ পায় | খুব সম্ভৱ গ্ৰাম্য সমাজত দধিমন্থনৰ দৰে গভীৰভাৱে আকৃষ্ট কৰিব পৰা আনএটা অনুষ্ঠান যথাসম্ভৱ নোলাব | আগলৈ ---

📝হেমেন হাজৰিকা 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)