হৃদয়ৰ পাতত

Rinku Rajowar
0
তোমাৰ তো সময় নাই
      উলটি চোৱাৰ 
ব্যস্ত মহানগৰীৰ জীৱন যাত্ৰাৰ
সপোন ৰচিছা নতুন দিগন্তৰ
জনমে জনমে হ'ব জন্ম জন্মান্তৰৰ ।
ধংস হব মানৱ দেহৰ প্ৰতি অংগ 
ৰৈ যাব খোজ সময় বালিত 
পৰি ৰ'ম মাথো মই তোমাৰ হৃদয়ৰ কোনোবা বালি বোকাত- - - !!
আবেগৰ চকুলো সৰি নিমিষতে বোৱাব এখনি বিষাদৰ নৈ
হৃদয়তে ৰৈ যাব মাথোঁ স্মৃতি যুগমীয়া হৈ।
কোনেনো জানিব অন্তৰৰ বিষাদবোৰ
সুধিলেও নোৱাৰিম ক'ব 
প্ৰেমৰ ৰাগিণী  মোৰ ।
গোপনে  গোপনে চলিব অন্তদ্বৰ্ন্দ্ব
উমি উমি জ্বলিব জুই মোৰ হৃদয়ৰ পাতত।
দুখুনীৰ দুখ উজাৰি দিবলৈ
পিন্ধিব লাগিব মুখা 
জগতে নাজানিব কেতিয়াও মোৰ হৃদয়ৰ বেথা ।

📝ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)