পৃথিৱীত মহাপ্ৰলয় হৈছে ২০২০

Rinku Rajowar
0

"কৰোণাই" নাজানে মই কিমান খাম
বতাহে নাজানে মই কিমান বম,
সাগৰে নাজানে মই কিমান দ,
আকাশে নাজানে মই কিমান বহল,
ধুমুহাই নাজানে - মোৰ তাণ্ডৱ কিমান,
কাল ধুমুহাই নেজানে  - কিমান ভাঙিম ঘৰ,
মানুহে নাজানে কেতিয়া মৰিম,
দেশেও নাজানে -কৰোণাত কিমান মৰিব,
ইটলীয়ে নাজানে আৰু কিমান মৰিব,
আমেৰিকাই বুজা নাই আৰু কিমান মৰিব
কৰোণাত ॥

য়ুহানে জানে কৰোণা ক'ত ক'ত যাব
প্ৰান্তীয় দেশে জানে "প্ৰকোপ" ক'ত হ'ব
প্ৰান্তীয় দেশে জানে "কৰোণা" ক'ত নহ'ব !!!🤔

কৰোণাৰ বীজবােৰ সিঁচি দিলি দেশ - দেশে
কিন্তু , বীজবােৰ নিসিঁচিলি বেইজিঙত, কিয় ??

কোনেও নাজানে দেশত হাহাকাৰ হ'ব,
মানুহ, কৰোণা আৰু অনাহাৰত মৰিব
চাৰিওফালে হাহাকাৰ - দেশ বাকী নাই ॥

এতিয়া পৃথিৱীত মহাপ্ৰলয় চলি আছে
আমিবােৰ এই মহাপ্ৰলয়ৰ সাক্ষী ॥ 

সুখ ক'ত আছে কোৱা - সুখ লুকাল 
দুখ কাৰ নাই কোৱা - সকলোৰে  আছে ॥

পৃথিৱীৰ চিন্তা মানুহক বচোৱাৰ
কৰোণাৰ চিন্তা মানুহ গোচােৱাৰ ॥

"দিনজীৱিকাৰ  ব্যৱসায়ীৰ",আজি প্ৰথম মৰণ,
কলিজাতো ক'ত জিৰাব আৰু পেটক পানী কৰ পৰা দিব চিন্তাত মগ্ন - তেওঁলোক ॥

আপোন ঠাই বিচাৰি মানুহৰ দৌৰ
উত্তৰৰ পৰা দক্ষিণলৈ
পূৱৰ পৰা পশ্চিমলৈ 
মৰণে -জীৱনে 
নিজৰ আইৰ কোলাত মৃত্যু বৰণ কৰাৰ
চিন্তাত  -মনুষ্যসকল ॥

এতিয়া পৃথিৱীত মহাপ্ৰলয় চলিছে
দেশৰ মূৰব্বীৰ  দেশৰ বাবে চিন্তা
কেনেকৈ দেশক বচাও 
দিন নাই -ৰাত নাই 
পৰিকল্পনাত ব্যস্ত  ৰজাসকল ॥

দেশৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা
হে বুদ্ধিজীৱিসকল
হে দেশ ৰক্ষাকাৰীসকল
হে দেশবাসী, 
সকলোৱে দেশ বচোৱাৰ কামত লাগা
সকলোৱে শুদ্ধ  আৰু  ৰোগ ৰক্ষাৰ "তত্বক"
বুজিবলৈ চেষ্টা কৰা ॥
 
আজি পৃথিৱীত মহাপ্ৰলয় হৈছে
সকলোকে বচোৱাৰ চিন্তা কৰা ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)