মনালিচা তাই কলেজৰ প্ৰফেচাৰ । কলেজত তাইৰ এটা সুকীয়া ইমেজ আছে আৰু তাই পঢ়াত চােকা বুলি সকলোৱে সমীহ কৰে । বয়স ৪৮ মান হৈছে । গিৰিয়েক নিৰণ পেচাত ইন্জিনীয়াৰ । ধুনীয়া ঘৰ । টকা পইচাৰ বাবে একো চিন্তা কৰিব নালাগে । ঘৰত ৰীতা নামৰ বাই এজনী আছে তাই গােটেই ৰান্ধনিশালৰ দায়িত্ব লয় । বজাৰ-সমাৰ সকলাে গিৰিয়েকেই কৰে ।
মনালিচাই আজৰি পৰত অৰ্কিড বিলাক চােৱা-চিতা কৰি ভাল পায় । কিমান যে দেশী - বিদেশী অৰ্কিড কালেকচন কৰিছে তাৰ কোনো হিচাবেই নাই । ডাঙৰ ল'ন, বাংলাে ঘৰ
তাইৰ অৰ্কিডৰ বাগিছাৰেই মাটি ৩ কঠামান হ'ব, ৰং - বিৰঙৰ ধুনীয়া ধুনীয়া অৰ্কিডৰ মাজত পুৱা -আবেলি নিজকে পাৰ কৰি দিয়ে । ইংলিচৰ M. A. কিন্তু নাৰ্চাৰী পালন কৰা লােকৰ সমানেই জ্ঞান আয়ত্ব কৰি ল'লে - অৰ্কিডবােৰ কেনেকৈ প্ৰতিপাল কৰিব লাগে ।
তাইৰ হবি দেখি গিৰিয়েকে মাজে মাজে কিছুমান কামত সহায়হে কৰা হ'ল -আগতে বৰ সেই কথাত গুৰুত্ব দিয়া নাছিল ।তাই যি কাম কৰে ভালকৈ মনােযোগ দি কৰে । এতিয়া ইমানেই বিধে বিধে অৰ্কিড, আনকি বেছিবও পাৰিব, কিন্তু তাই বেচাৰ কথা ভবা নাই ।
এটা ল'ৰা নাম ৰিয়ান । সি যােৰহাট ইন্জিনীয়াৰিত পঢ়ি আছে । গৰমৰ বন্ধত ঘৰলৈ আহিছে আৰু দেউতাকক কাশ্মীৰলৈ লৈ যাবলৈ কুটৰি আছে । দেউতাকে তাৰ ইচ্ছা পূৰণ কৰিবলৈ ফ্লাইটৰ টিকত কৰিলে আৰু এসপ্তাহৰ পিছতেই যাত্ৰা কৰিব । সকলো ইতিমধ্যে সাজু কৰিছেই ।
যোৱাৰ দুদিনমানৰ আগতে কলেজৰ সহকৰ্মী ৰিজুমণি আহিল আৰু কলেজৰ চেমিনাৰ পতাৰ আগতে থুলমুলকৈ মনালিচাৰ পৰা কিছুমান আইদিয়া ল'ম বুলি আহিছিল ।
ৰিজুৱে লক্ষ্য কৰিলে - ৰান্ধনিশাল চম্ভালা 'ৰীতাৰ' দেখুন খােজ - কাটল, কথা-বাৰ্তা মালকিন মালকিনৰ নিচিনা । মনে মনে থাকিল , ফটককৈ মানুহৰ কথা সুধিব নােৱাৰি । কিন্তু , কিবা এটা সন্দেহ উপজিছিল । আৰু তাৰ ঠাইত মনালিচাৰ গুৰুত্ব ঘৰখনত একেবাৰেই কমহেন অনুভৱ কৰিছিল । ঘৰত কি লাগিব, কি খাব আৰু ল'ৰাক কি কিনি দিব লাগিব সকলাে নিৰণক কিনিবলৈ
, ৰীতাই কৈ থকা গম পালে । আৰু ল'ৰাটােৱেও মনালিচাক বৰকৈ গুৰুত্ব নিদিয়াহেন অনুমান কৰিলে । তাই সুধিম সুধিম বুলি ভাবিও
ৰৈ গ'ল । ৰিজুমণিয়ে আজি শুধা বাদ দিলে ।
তেওঁলােক ফুৰি অহাৰ পিছতহে সুধিম বুলি থৈ দিলে । কিন্তু, মনৰ খু-দুৱনি মাৰ নগ'ল । সেইবােৰ দেখি সন্দেহত আবৰ্ত্তত ৰৈ গ'ল ।
প্ৰায় এমাহমানৰ পিছত ৰিজুৱে মনালিচাৰ অৰ্কিডৰ কথা কৈ প্ৰশংসা কৰি থাকোতে মনালিচাই ক'লে," এদিন যাবা আমাৰ ঘৰলৈ দিনযোৰাকৈ অৰ্কিড চাবলৈ" । ৰিজুৱে ভালেই পালে । সেইদিনাই কথাতো সুধিম বুলি পাঙি থলে , সেইবাবে নিমন্ত্ৰণতাে গ্ৰহণ কৰিলে ।
ৰিজুৱে এদিন বন্ধৰ বাৰ এটা ঠিক কৰি মনালিচাৰ ঘৰ ওলালেগৈ । মনালিচা অৰ্কিডৰ বাগিছাতে আছিল । ল'নৰ মাজতে এটা বহিব পৰা সুবিধাও আছে । ৰিজুৱে প্ৰায় চিঞৰি
কোৱাৰ নিচিনাকৈয়ে ক'লে , " ওৱাও হােৱাট এ নাইচ প্লেচ , বিউটিফুল "! ক' ব নােৱাৰাকৈয়ে দুয়াে বহিগ'ল আৰু মনালিচাই ল'নত কাম কৰা ল'ৰা ৰিনতুক চাহ দুকাপ ল,নৰ ছেদলৈ পথিয়াই দিবলৈ ক'লে - ৰীতাই চাহ দুকাপ আৰু বিস্কুত লৈ আহিল আৰু টেবুলত দি থৈ গ'ল । দুয়াে কথা পাতি পাতি চাহ খালে । ইতিমধ্যে আগতেই কৈ থোৱামতে ঘৰত ভাতৰ যোগাৰ আৰম্ভ কৰিলেই । ৰিজুৱে আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে মনালিচাই প্ৰতিটাে অৰ্কিডৰ নামেসৈতে ক'ৰ পৰা আনিছিল আৰু কিছুমান দাম পৰ্য্যন্ত ক'লে - য'ত কিছুমান বৰ দামত কিনিব লগীয়া হৈছিল তাকে ক'লে । লাহে লাহে দুপৰীয়া হ'ল, ভাত খোৱা সময় হ'ল আৰু ৰীতাই সকলো যা-যোগাৰ কৰিলে । ধুনীয়া পৰিৱেশন ।
ধুনীয়া চীনা মাটিৰ বাচন, যথেষ্ট কাৰুকাৰ্য্য খচিত বাচন । ভাবিলে এনেলাগে," মনালিচা প্ৰায় ৰাণীৰ দৰেই থাকে আৰু মনালিচাক ক'লেও ," তোমাৰ কিন্তু ভাগ্য মানিছাে দেই" ।
মনালিচাই ক'লে ," তুমি দেখাৰ দৰে নহয়, কিমান দুৰ্ভগীয়া তুমি নাজানা "। ৰিজুৱে প্ৰায় আচৰিত হোৱা যেনেই পালে আৰু তাই সন্দেহ কৰাতো প্ৰায় ৫০ শতাংশ সত্যহয় বুলি অনুমান কৰিলে । দুয়ােৰে ভাত খোৱা হলত কিছুসময় মনালিচাৰ নিজা ৰূমত গ'ল । তাইৰ ৰূমতো আটক-ধুনীয়াকৈ সজোৱা আছে ,কাষত এটা বেলকনিত চকী দুখন আৰু ধুনীয়া ফুলৰ টাবেৰে সজাই থোৱা আছে । তাতে কিছুসময় বহাৰ পিছত
: ৰিজুৱে সুধিলে," মনালিচা তুমি যে কৈছিলা
- তুমি দেখাৰ দৰে নহয় " কি কথা ?
: সেইবােৰ বহুত কথা ৰিজু মহাভাৰতৰ কাহিনীৰ নিচিনাই । মােৰ অন্তৰত কিমান বেদনা আছে কোনেও নাজানে ।
: আমি কোনেও নাভাবাে । তোমাৰ বেদনা আছে বুলি ।
: তুমি যে দেখিছা "ৰিয়ান" মােৰ ল'ৰা নহয় ।
: তেন্তে কাৰ ল'ৰা ।
: ৰীতাৰ ।
: কেনেকৈ ?
: কি ক'ম, কিছুমান ডাঙৰ অধ্যায় আছে, সকলােবােৰ বাৰু তোমাক চমুকৈ ক'ম । তুমি কিন্তু কাকো নকবা । নহলে মােৰ মান-সন্মান সমাজৰ আগত একো নাথাকিব। মােৰ এতিয়া একো নাই, মাত্ৰ চাকৰিতো কৰি নিজকে ব্যস্ত কৰি ৰাখিব বিচাৰো । চাকৰি নকৰিলেও চলে , কিন্তু , ব্যস্ত হৈ থাকিলে দুঃ চিন্তাৰ পৰা নিজকে বিৰত ৰাখিব পাৰিম সেইবুলিহে কৰি আছাে ।
মােৰ সন্তান ধাৰণ কৰা ক্ষমতা নাই । আমি বহুত চেষ্টা কৰিও সফল নহলো । তেতিয়া আমি গুজৰাটত আছিলাে । মিষ্টাৰ বাহিৰলৈ গ'লে অকলশৰীয়া হোৱা বাবে ৰীতাক মােৰ বাবে আনিছিল । মােৰ স্বামীৰ আশা - এটা সন্তান লাগে । মােৰ ফালৰ পৰা আশা কৰিও একো নাপালে । । তেওঁ তেতিয়া গুজৰাটৱ অইল ইন্ডিয়াৰ চাকৰি কৰিছিল আৰু ময়াে কলেজত সোমোৱা নাছিলাে । ৰীতাৰ লৰা জন্ম হ'ল মানুহে মােৰ ল'ৰা বুলিয়েই জানে ।
ৰিয়ানৰ জন্মৰ দুবছৰ মানৰ পাছতহে আমি ইয়ালৈ আহিছিলাে । তেওঁ ৰীতাক সামাজিকভাৱে গ্ৰহণ কৰিবলৈ ভাল নাপালে আৰু এতিয়াও ৰান্ধনি হিচাবেই ঘৰত ৰাখিছে । কিন্তু তেজৰ সম্পৰ্ক ক'ত হেৰাব । ৰিয়ানে মাকক প্ৰথমে আয়া বুলি ভাৱিছিল -যেতিয়া পিছত মৰমৰ ব্যৱহাৰবােৰত আত্মীয়তা গঢ়ি উঠাতো নিজে নিজে বুজি পাই উঠিছিল আৰু মা বুলি গ'ম পাই গ'ল । মাকে কিন্ত তাক তাৰ মাক মােকহে ( মনালিচা) বুলি কৈ থলে, তাই (ৰীতাই) চাহাবৰ সন্মানতো বজাই ৰাখিলে -লােকচক্ষুৰ বাবে । আনফালে তেখেতৰ পৰা ভাল ব্যৱহাৰ পাই থাকিল । ৰীতাক পত্নী মৰ্য্যদা নিদিলে । নিৰণৰ পত্নী মইহে , কিন্তু
পতি-পত্নীৰ মাজৰ যি সম্পৰ্ক থাকিব লাগে সেয়া আজি বিশ বছৰমানেই হ'ল একো সম্পৰ্ক নাই । মাথাে একেখন ঘৰত থাকোহে ।
সকলোৱে জানে এওঁ নিৰণ ইন্জিনীয়াৰৰ পত্নী আৰু ৰিয়ানৰ মাক । জীৱনতো একোৱেই নাপালাে । সন্তানহীনবাবে পত্নী মৰ্য্যদাখিনিও ৰীতাই কাঢ়ি ল'লে, প্ৰকাশ্যে নহলেও অপ্ৰকাশ্যে । বেদনাভৰা জীৱনৰ ঘটনাবােৰ মনৰ ডায়েৰীত লিখা থাকিব সেই সকলোবোৰ আৰু সেইবােৰ হজম কৰি কৰি মনতাে কেতিয়াবা ডাঠ হৈ আহে । এনেকৈয়ে জীৱন মােৰ ।
সমাজত মােৰ পৰিচয় আছে মই নিৰণৰ পত্নী । যদি মই সেই চক্ৰবেহুৰ পৰা ওলাই আহাে - তেতিয়াও সমাজে মােক হেয় চকুৰে চাব - সন্তানহীনা বা ডিভােৰ্চী বুলি । সমাজত ডিভােৰ্চীক অলপ হেয় - জ্ঞান কৰে ।
মুঠ কথাত, মই জানাে, মই যদি ডিভােৰ্চ দিও তেতিয়াও মই হাৰি যাম লােকচক্ষুৰ দৃষ্টিত ।
মানুহে মন কৰিব - কাম কৰা বাইজনীকহে গিৰিয়েকে ৰাখিলে আৰু তাইক ডিভােৰ্চ দিলে, তেতিয়া মােৰ সন্মান ৰীতাতকৈও তলত হ'ব । আৰু নিৰণেও মই কেচ কৰিব পাৰো বুলি ভাৱি ৰীতাক বুজাই থলে আৰু ৰীতাও সেইবাবেহে মান্তি হ'ল , পত্নীৰ মৰ্য্যদা নিবিচাৰিলে ।
সেই সকলোবােৰ ভাৱি, "সমাজত মােৰ পৰিচয়- নিৰণৰ পত্নী" বুলিয়েই থাকক বুলি মনে মনে থাকি গ'লাে আৰু ৰিয়ান মােৰ ল'ৰা হৈয়ে আছে । যদিও আপাতত - মােৰ কােনাে স্বামীয়েই নাই । সমাজত পৰিচয়ৰ সাজতোৰ মাজত সোমাই আছাে। সমাজত সামাজিক সন্মান নাথাকিলে বৰ লেই-লেই, চেই-চেই হয় , সেইবাবে তেনেকৈয়ে জীৱন -যাপন কৰি আছাে । মােৰ অন্তৰৰ ভিতৰখনত কিমান বেদনা সোমাই আছে - কাকো ক'বও নোৱাৰো । এনেকৈয়ে সামাজিক পৰিচয়ৰ আবােৰত মােৰ জীৱন ।
: ৰিজুৰ মনতো বৰ বেয়া লাগিল । মনালিচাৰ মুখৰ পৰা কথাখিনি শুনাৰ পিছত মুখৰ মাত হেৰায় গৈছিল । ৰিজুৱে ক'লে," মনালিচা বৰ বেয়া লাগিল আৰু প্ৰমিচ কৰিছাে তোমাৰ এই
একান্ত ব্যক্তিগত কথাতো কাকো নকও । তুমি বিশ্বাসত লৈ কৈছা - তাৰ পিছত মই আনক ক'লে তােমাক অন্যায় কৰা হ'ব । মই বুজি পালো - "তুমি সমাজত মানুহক এটা পৰিচয় লাগেবাবেই এনেদৰে আছা, নহয়জানাে, হয় সেইতােও প্ৰয়ােজন "। মনালিচাই মুখেৰে একাে নামাতিলে ।
তাৰ পিছত সেইদিনা ৰিজু গ'লগৈ । নীৰৱে গেটলৈকে ৰিজুক আগবঢ়াই দিলে । ৰিজু যোৱাৰ পিছত মনালিচাই মাত্ৰ আকাশলৈ নীৰৱে চাই -চাই নিজৰ ভাগ্যক ধিয়াই নিজকে শান্তনা দি ৰাতিতাে কেনেকৈ পাৰ কৰিলে গমকে নাপালে ।
~~~~~~~সমাপ্ত~~~~~~
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ