কবিতা মোৰ অনুভৱেৰে-০১

Rinku Rajowar
0
কবিতা সম্পৰ্কে সুগন্ধি পখিলাৰ কবি প্ৰয়াত হীৰেণ ভট্টাচাৰ্য দেৱে কৈছিল---'ভঙা কলিজাত কোনে বিনাই কবিতা মোৰ দুখৰ ঋতুৰ এপাহি খৰিকা জাই | এবাৰ পঢ়িলে আকৌ এবাৰ পঢ়িবলৈ মনযোৱাকৈ সজোৱা শব্দৰ বিন্নাস |
আকৌ আমি তাহানিৰ পঢ়াশালীত পঢ়ি অহা আজিও জিভাৰ আগত একেই সুৰ একেই আকৰ্ষণ | একেই ধ্বনিৰে সজোৱা শব্দৰ মালা--শুৱনী আমাৰ গাঁও অতি শুৱনী গছেৰে ভৰা , ডাল ভৰি ভৰি ফলফুল লাগে ক'ত পাও তলসৰা | বাঃ কি মাদকতা কবিতাৰ |
আকৌ মনত পৰে এখুদ ককাইদেউ(নৱকান্ত বৰুৱা)ৰ কলমেৰে নিগৰা ভালপাঁও কবিতাৰ পংক্তি --- ভালপাওঁ আকাশৰ মেঘৰ ধেমালি , বেলিৰ লগত থাকে লুকাভাকু খেলি | কোনে পাহৰিব এনেবোৰ ৰসাল আৰু মনোগ্ৰাহী কবিতা | তেনেদৰে পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ | এইবোৰ কবিতা আজিও জনতাৰ মুখে মুখে প্ৰচলিত  |
ইয়াৰ পিছত সময় বাগৰিল |
কবিতাৰ ক্ষেত্ৰলৈ নতুন নতুন নিয়ম আহিল | কবিতাৰ কথা, কবিতাৰ কাহিনী, ধ্বনি ,প্ৰতীক, চিত্ৰকল্প আদি  | 

(আগলৈ)

📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)