মা- এটা মমতাময়ী কৰুণ কাহিনী - ০১

©Admin
0
দেৱ স্কুলৰ বাছখনৰ পৰা নামি ঘৰৰ পদূলি মুখত পোৱাৰ লগলগে এটা সুৰীয়া গীত শুনি পায় সি সাবধানেৰে ঘৰৰ দৰ্জাখন খুলি ভৰিৰপৰা জোতা খুলি লৈ লাহে লাহে প্ৰৱেশ কৰে যাতে মাকে গম নাপাই কাৰণ দেৱ অহাৰ সম্ভেদ পালে গান গোৱ বন্ধ কৰি দিব ৷ সি ভিতৰত সোমাই মাকৰ কোঠাৰ দুৱাৰমুখত গৈ চাই মাকে গহণাগাঁঠৰি পিন্ধি সাজি কাচি আছে সুমধুৰ গানত মতলীয়া হৈ ৷ দেৱে  ড্ৰইং ৰুমতে গানৰ সুৰত তালে মিলাই নাচিবলৈ ধৰিলে ৷ সেইসময়তে মাকে গান গাই গাই বাহিৰলৈ ওলাই আহি দেখে দেৱ গানত মতলীয়া হৈ নাচি আছে মাকে গানগোৱা বন্ধ কৰি " অ দুষ্ট স্কুলৰপৰা আহি মই গম নোপোৱাকৈ ঘৰত সোমাই নাচি আছ ৰ’  তোক এশিকনি দিহে এৰিম এইবুলি কৈ দেৱক গোটেই ঘৰ দৌৰালে শেষত ভাগৰি চৌফাখনত  বহি দিলে দেৱ লাহেকৈ পাছফালে দি আহি মাকক সাবটি ধৰিলে আৰু ক’লে " মা আজি চাগে দেউতা আহিব সেইবাবে ইমান তৈয়াৰী মই শুদ্ধ নে ? " মাকে তাক কোচত বহাই কপালত চুমা এটা আঁকি দি ক’লে " হয় মোৰ হিয়াৰ আমঠু " দেৱ দেউতাকৰ অহাৰ কথা গম পাই বহুত উৎসাহী হৈ ক’লে " মা দেউতা আমাৰ লগত কিয় নাথাকে ? " মাকে মুখত কৃত্ৰিম হাঁহি দেখোৱাই ক’লে " তই মোক যিদৰে এৰি থাকিব নোৱাৰা ঠিক তেনেদৰে তোৰ দেউতাই নিজৰ মাকক এৰি থাকিব নোৱাৰে এতিয়া আৰু কোনো কথা নাই যোৱা গৈ হাত মুখ চাবোন দি ভালদৰে ধই আহগৈ মই ভাত বাঢ়িবলৈ যাওঁ এইবুলি কৈ মাকে পাকঘৰলৈ পোনাই ৷ দেৱ বাথৰুমত গৈ স্কুলৰ কাপোৰসাজ সোলোকাই ডেটলৰ বটলটো হাতত তুলি লৈ কয় " কৰ’না ভাইৰাছ এতিয়া এই ডেটলে তোৰ ছুটী কৰি দিব " হাত মুখ ধুই মাকৰ লগত বহি ভাত খাই হাত ধুই মাকক কয় " মা মই খেলিবলৈ যাওঁ দেই এইবুলি কৈ ওলাই যাওঁতে মাকে মাত লগাই মাক্স আৰু হেণ্ডগ্লছ টো লগাই যা দেখা নাই নেকি কৰ’নাৰ আতংক দিনক দিনে বাঢ়ি গৈ আছে " দেৱে ক’লে আছে মা লগতে এতিয়া লগাই লম বুলি কৈ গুচি গ’ল মাকে একেথৰে দেৱ যোৱালৈ চাই ৰয় আৰু নিজকে কয় " দেৱে তো মোৰ জীয়াই থকাৰ সাধন মানুহৰ ইমান ককৰ্থনা শুনিও মাথা দেৱৰ মুখখন চাইয়ে জীৱনটো কটাই আছো ৷
সন্ধিয়া দুয়ো ঘৰৰ খিৰিকী ফালে দি কোনোবা অহালৈ বাট চাই থাকে ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যায় দুয়ো চকুযুৰি বাহিৰতে টোৱাই ৰাখে ৰাতি দহ বাজিল কিন্ত কোনো নাহিল ৷ শেষত নিৰাশ মনেৰে খিৰিকী জপাই দুয়ো বহি পৰিল ৷ মাকে ক’লে " দেৱ দেউতালৈ ফোন লগোৱাচোন সুধা কিয় নাহিলে " দেৱে মবাইলত নম্বৰ ডাইল কৰিলে কিছু সময়ৰ পাছত বুঢ়ী এগৰাকীয়ে ফোন ৰিচিভ কৰি চিধাই বলকিবলৈ ধৰিলে " ইয়াত কিয় ফোন কৰিছ বেশ্যা মাকৰ চৰিত্ৰহীন ল’ৰা দুনাই যদি ফোন কৰিলে আঙুলিকেইটা কাটি পেলাম এইবুলি কৈ ফোন কাটি দিলে ৷ দেৱে ইমান বেয়াকৈ শুনি পাই মনত বৰ বেজাৰ পাই চকী এখনত বহি হুক হুকাই কান্দিবলৈ ধৰিলে মাকেও কথাটো বুজি পাই তাক সাবটি কান্দিবলৈ ধৰিলে মাকক কন্দা দেখি দেৱ কন্দা বন্ধ কৰি চকুপানী মচি মাকৰো মচি দি মনৰ ভিতৰতে ভোৰভোৰালে " মোৰ মাৰ চকুত অশ্ৰু এয়া মই কেতিয়াও সহিব নোৱাৰো পুৱাতে মই চহৰলৈ যাম আৰু দেউতাক হতত ধৰি ঘৰলৈ লৈ আনিম " ৷
ৰাতিপুৱা স্কুললৈ নগৈ চহৰলৈ পোনাই দিলে গাড়ীৰপৰা নামি দেউতাকৰ ঘৰৰ ঠিকনাটো চাই  আগবাঢ়িল ঘৰপাই দেখি আচৰিত দেউতাই দেখোন অন্য এগৰাকীৰ লগত বিয়াত বহিছে ৷ সি দখত ভাঙি পৰিল আৰু লৰালৰিকৈ খবৰটো মাকক দিলেগৈ মাকে কথাটো শুনি কোঠা এটাত সোমাই বহুত সময় কান্দিলে দেৱৰো সৰসৰকৈ চকুলো দুগালেৰে ববলৈ ধৰিলে ৷ এনেকৈ দিনটো গ"ল ৷
 এনেকৈ ছমাহ সময় পাৰ হ’ল ৷
এদিনাখন দেৱ মবাইলত ফ্ৰী ফায়াৰ গেম খেলি আছে তেনেতে কলিংবেলটো বাজি উঠিল মাকে ক’লে সোণ চোৱাচোন কোন আহিছে " দেৱে দৰ্জাখন খুলিয়ে খঙত চকু ৰঙা কৰি ধমকিৰ সুৰত ক’লে " আপুনি কিয় আহিছে অন্য এটা বিয়া পতাৰপাছত যাওঁক গুচি যাওঁক এনেকৈ চিঞৰ শুনি মাকে ভিতৰৰপৰা লৰ মাৰি আহি দেখে যে দেৱৰ বাপেক দেখোন লগে লগে ভিতৰলৈ সোমাই গৈ দৰ্জাখন বন্ধ কৰি কান্দোনত ভাগি পৰিল তাকে দেখি দেৱে ক’লে দেখিলে দেউতা আপুনি আহি মাক কন্দোৱাই দিলে মই মোৰ মাৰ দুখ দেখিব নোৱাৰো অনুগ্ৰহ কৰি ইয়াৰপৰা গুচি যাওঁক " ৷ দেউতাকে তাক বুকুৰ মাজত সাবটি ধৰিলে আৰু ক’লে " মই বাধ্যত পৰি বিয়াত বহিব লগা হ’ল , মই যদি বিয়াখন নপতা হ’লে তোৰ আইতাই নিজকে মাৰি পেলালেহেঁতেন এতিয়া তুমিয়ে কোৱা ইয়াত মোৰ কিবা দোষ আছে " কথাটো দেৱে বুজি পাই চকুলো মচি ক’লে মায়ে আপোনাৰ সোঁৱৰণত বহুত কান্দিছে যাওঁক বুজাব ৷
দেউতাকে পাৰেমানে চেষ্টা কৰাৰ পাচত দেৱৰ মাকে দৰ্জাখন খুলি দিলে দেৱৰ দেউতাকে সকলো কথা কোৱাৰ পাছত দেৱৰ মাকে চকুলো মচি ক’লে " আজি মই আপোনাৰ সৈতে থকা সকলো সম্পৰ্ক শেষ কৰিছো যাওঁক নতুন পত্নীৰ লগত সুখেৰে থাকক " ৷ দেৱৰ দেউতাকে দুখমনেৰে উভতি যায় যোৱাৰ আগত কৈ থৈ যায় কিন্ত মই সম্পৰ্ক শেষ কৰা নাই মাজে সময়ে আহি থাকিম ৷
  (আগলৈ )

    📝দুলাল ৰবিদাস  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)