বিদায়

©Admin
0
আজি মােৰ শেষ দিন -বন্ধু,
তোমালোকে বিদায় দিলা ।
গছ -গছনিয়েও যেন বিদায় 
দিছে -হালি জালি
যাবাগৈ আৰু বুলি ।
বিদায় কি ?
বিদায় হৃদয় বিদাৰক ।
বিদায় বৰ কঠােৰ ।
বিদায় বৰ নিৰ্মম ।
বিদায় বৰ নিষ্ঠুৰ ।
বিদায়ে মাতে অশ্ৰু ।
বিদায়ে চিঙি দিয়ে-  মৰমৰ বান্ধােন ।
বিদায়ে  অতীত বুজি নাপায় ,
জানে বৰ্ত্তমানক ।
বিদাইৰ দিনা ,
"শোকৰ কলিজাতো সোলোকাই থৈ"
মাত দিয়া বন্ধুক -
পাৰিলে এখন্তেক হাঁহি- 
যাওঁগৈ বুলি -
শােক  সাগৰত থাকিলেও -
কান্দােনৰ খিৰিকী ফালি- হাঁহি হাঁহি
মাত দিয়া বন্ধুক -
বিদায় বন্ধু, বিদায় বুলি  ॥


📝 মীনা পামে গাম
      চিপাঝাৰ, দৰং 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)