মহানায়ক - এটা অৱাস্তৱিক কাহিনী (খণ্ড -০২)

©Admin

"মহানায়ক " ধাৰাবাহিকৰ ১ ম খণ্ডত আপুনি পঢ়িবলৈ পাইছিলে - 

ঘৰৰ মানুহৰ অত্যাচাৰৰ পৰা অতিস্ত হঋ ৷ অপহৰলক্ষণ ককা চহৰত গৈ ভাড়াঘৰত থাকিবলৈ লৈ অপহৰণকাৰীৰপৰা এটা অনাথ ল'ৰাক বচাই নিজৰ পুত্ৰমানি লগতে দুয়ো থাকিবলৈ লৈ ৷ এদিনাখন তিনিটা প্ৰাণী আহিছিল ৷ লক্ষণ ককাই ঘৰৰপৰা খেদি দিছিল ৷কিন্ত বুঢ়ী গৰাকীয়ে টাইমপাছক অপমান কৰি গৈছিল সেই ঘটনাক লৈ টাইম পাছৰ মনত প্ৰশ্নৰ উদয় হৈছিল ৷ এতিয়া আগলৈ পঢ়ক -
এনেতে ককাই মাত লগাই " টাইম অ শুনাচোন " টাইম পাছ ককাৰ কাষলৈ গৈ ৪ কওক ককা ? ককৰাই তাক কাষতে বহাই পিঠিত মৰমতে হাত বোলাই আৰু কয় " সোণাই মনত বেজাৰ নকৰিবি মই আছো নহয় কোনোবাই কিবা বেয়াকৈ ক'লে এটা কাণত শুনিবি আনটো কাণেদি উলিয়াই দিবি " ককাৰ কথাটো হয়ভৰ দি সি ককালৈ জিজ্ঞাসাে দৃষ্টিৰে চাই ক'লে " ককা সেই প্ৰাণী তিনিটা কোন আছিল বেয়া নাপায় যদি কব নেকি ? " ককাই দীঘলীয়া উশাহ এটা টানি " সেই যে বুঢ়ী জনী মোৰ পত্নী , ডেকাজন মোৰ পুত্ৰ আৰু মহিলাগৰাকী মোৰ বোৱাৰী কিন্ত সিহঁত নামৰ পৰিয়াল সিহঁতক টকা লাগে ৷ টকাৰ বাহিৰে কাকো মূল্য নিদিয়ে গতিকে তই নিৰ্ভয়ে থাকিবি সকলো 
তোৰ নামত কৰি যাম এতিয়া যোৱা ভাতত লাগ গৈ সাত বাজিলেই অ তাৰ আগতে আদা দি ৰঙা চাহ একাপ আনি লবি " ৷ টাইমপাছ পাকঘৰলৈ যায় গেছটো জ্বলাই দুই কাপ চাহ বাকীলে একাপ নিজলৈ আন কাপ ককাক দি থৈ আহিলে চাহ কাপ এটা হাতত লৈ আনটো হাতেৰে কুকাৰটো চৌকাত তুলি ভাতৰ পানী দি চাউল দুইকাপ চৰিয়াত বাকী চৰিয়াত পানী ঢালি কাপখন থৈ চাউলখিনি ধুই কুকাৰত দিলে ৷ মবাইলত গান বজাই হেডফোনডাল কাণত লগাই ভাত হোৱালৈ বাট চাই কিছু সময় পাছত কুকাৰত ছিঃ...৷ কৰি শব্দ কৰাত কুকাৰ নমাই তিয়াই থোৱা আলুগুটি ধুই কেৰাহীত তেল দি ভালকৈ ভাজিলে তাৰপাছত দাইলত তাৰ্কা মাৰি গেছটো বন্ধ কৰি দুখন থালত ভাত বাঢ়ি ককাৰ ওচৰলৈ গৈ শুই থকা ককাক জগাই ভাত খাবলৈ দিলে ৷ ভাতপানী খাই কামখিনি কৰি বিচনাত পৰিল ৷

ৰাতিপুৱাৰ ৰঙা সূৰুযৰ পোহৰ পৰি সেউজীয়া ধৰণী জিলিকি উঠিছে ৷ চৰাই চিৰিকটিৰ সুললিত মাতত সাৰ পাই উঠিল টাইম পাছ লৰালৰিকৈ গাপা ধুই বাইকখন চাফা কৰি ককালৈ গৰমপানী কৰি ককাক জগাই ককাই শুই উঠি গাপা ধুই টাইম পাছে দিয়া চাহকাপ খাই ক'লে " সোণাই বাইকখন ওলোৱা উকীলজন নহলে গুচি যাব "
টাইমপাছে ককাক বাইকত বহাই উকীলৰ ঘৰলৈ বুল যাত্ৰা কৰিলে ৷ ৰাতিপুৱা সময় মানুহৰ ব্যস্ততাপুৰ্ণ পথ স্কুলীয়া শিশুৰপৰা আৰম্ভ কৰি বিভিন্ন কামকাজৰ সুত্ৰে মানহৰ আৱাগমণ ৷ এইফালে দীঘলীয়া ট্ৰাফিক জাম টাইমপাছে যেনিতেনি কৰি বাইকখন উলিয়াই আগবাঢ়ি গৈ আছে সেই সময়তে পাছফালৰপৰা আল্ট্ৰা এখন তীব্ৰ বেগেৰে আহি বাইকখনক খুন্দিয়াই থৈ গ'ল নিমিষতে বাইক গৈ কৰবাত পৰিল আৰু মানুহ গৈ কৰবাত পৰিল ৷

দুয়োৰে বগা কাপোৰ তেজেৰে ৰঙা পৰি গ'ল লগেলগে এশ আঠ গাড়ীখন আহি দুয়োকে তুলি চিভিললৈ
 লৈ যোৱা হ'ল ৷ চিভিলত চিকিৎসা আৰম্ভ হ'ল ইতিমধ্যে ককাৰ পৰিয়ালবৰ্গও আহি পাইছেহি বুঢ়ীয়ে বলিয়াৰ দৰে কান্দোনৰ ভাও জুৰিলে পিতেকে বুজাইছে  "মা ধৈৰ্য্য ধৰা দেউতা নিশ্চয় ভাল হব " বুঢ়ীয়ে মনেমনে ভোৰভোৰাই কয় " আৰে কিয় ভাল হব বুঢ়া মৰিলেহে সকলো সম্পত্তিৰ গৰাকী হব পাৰিম এয়া ঘৰিয়ালৰ চকুলো " এনেতেে ডাক্তৰে আহি ক'লে " বুঢ়াজনক বচাব নোৱাৰিলো অধিক তেজ বৈ যোৱাৰ ফলত আৰু মুৰত বেয়াকৈ দুখ পোৱাৰ ফলত তেখেতৰ মৃত্যু হ'ল ৷ বুঢ়াৰ মৰাৰ কথা জানি তিনিও মনেমনে বৰ ৰং পালে ৷ বুঢ়ীয়ে মনৰ ভিতৰতে হাঁহি হাঁহি ক'লে গ'ল ৰাস্তাৰ কাঁইট এতিয়া চাফা 
মই কোটিপতি হ'লো ৷ বুঢ়ীৰ পিতেকে ডাক্তৰলৈ চাই ক'লে 
" ছাৰ সেই ল"ৰাটোৰ অৱস্থা কেনে ?" ডাক্তৰজনে দীঘলীয়া উশাহ টানি ক'লে " ল'ৰাটোৰো সংকটময়  অৱস্থা 
এতিয়া সেই হৰিহে তৰিব পাৰিব এইবুলি কৈ ডাক্তৰজন গুচি যায় ৷ সিহঁতে আৰু বেছি আনন্দ লভিলে ৷ লক্ষণ ককাৰ মৃতদেহটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে ৷ ঘৰত নি ককাক অন্তিম সৎকাৰ কৰি সিহঁতে ককাৰ সকলো সা সম্পত্তি জব্দ কৰি ল'লে ৷ ককাৰ এটা পুৰণা বাকচ আছিল বাকচটো সিহঁতে জাবৰৰ ডোমত পেলাই দিলে ৷ ৰাতি হ'ল বাকচটোৰপৰা কিবা উজ্জ্বলি আছে এনেতে ৰাস্তাই দি এজন মদাহী আহি আছিল সি বাকচটোত কিহৰ পোহৰ বুলি ওচৰত চাপি বাকচটো খুলিবলৈ হাতখন দিওঁতে তাৰ আনুভৱ হ'ল যেন কোনোবাই কাণতলীয়া চৰ এটা শুধাই দিলে সি ভূত ভূত বুলি চিঞৰি চিঞৰি তাৰপৰা পলাই পত্ৰং দিলে ৷

( বাকীখিনি অহা সপ্তাহত আজিৰ দিনটোলৈ অপেক্ষা কৰক ৷)

📝  ভাস্কৰ কায়স্থ 
( সহযোগী দুলাল ৰবিদাস )