দক্ষিণ কামৰূপৰ সুঁৱৰী উচব এক অৱলোকন-০২

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা--
  ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে গছ-গছনি , তৰু-তৃণ , লতান লতিকা, ফলন ফুল ,জীৱ-জন্তু নয়োন্মোখী হৈ কৰ্মত ৰত হয় | চৌ দিশে নতুনক আদৰাৰ প্ৰস্তুতি | এইহেন সময়ত গাই গৰু বিলাকেও প্ৰচুৰ পৰিমাণত গাখীৰ দিব পাৰে বুলি এটা জনবিশ্বাস আছে | মানুহে প্ৰকৃতিৰ সেই সুবিধা লাভ কৰি পৰম খাদ্য গাখীৰৰ সাৰ অংশ উলিওৱাৰ উদ্দেশ্য দধিমন্থন পৰব আৰম্ভ কৰি শ্ৰীকৃষ্ণৰ প্ৰতি থকা অগাধ প্ৰেমৰ ভক্তিৰস পান কৰে | সেয়েহে কোনো কোনো লোকে ইয়াক বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বুলিও কব বিচাৰে  |
     দক্ষিণ কামৰূপত পোন প্ৰথম দধিমন্থন অথবা সুৱৰী পৰবটো গুইমাৰা নামৰ গাঁওখনৰ গোপাল গোঁসাইঘৰত এক নাটকীয় ভাবে আৰম্ভ হৈছিল | তাৰ পিছত বৃহত্তৰ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বাৰেবৰণীয়া আৰু উলহ মালহেৰে পালন কৰে | পোন প্ৰথমে সৰপাৰা গাৱত তাৰ পিছত ক্ৰমে উপৰহালী, ৰামপুৰ, তেজপুৰ , জীয়াকুৰ , গোসাইহাট , বৰটাৰী , বালাগাঁও , কল্লাপাৰা , সাতপখলী , বাঢ়ণ্টী , বকো , ৰঙামাটী , বঙৰা পলাশবাৰী , মিৰ্জা আদি ঠাইত অতি জাকজমকতাৰে আৰু উলহ মালহেৰে উদযাপন সমিতি সমূহে পালন কৰা দেখা যায় |

📝হেমন হাজৰিকা মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)