পৰিণতি (মমতাময়ী কাহিনী)

©Admin
0


 "বাবু  অ বাবু সোনকালে আহ আকৌ বজাৰলৈ দেৰি হৈ আছে " বায়েকৰ কথা শুনি বাবুৱে দৌৰাদৌৰিকৈ জোতাৰ ফিতা বান্ধি বান্ধি  উত্তৰ দিলে আহি আছো ৰ' 


বাবু ওলাই আহিল ৷ বায়েক আৰু ভায়েক মিলি বজাৰলৈ বুলি খোজ দিলে ৷ এনেতে বাবুয়ে বায়েকক উদ্দেশ্যি সুধিলে " বা এটা কথা কোৱাচোন ৰাম বজাৰ নামৰ বজাৰ আছে নেকি ? " বায়েকে তপৰাই উত্তৰ দিলে " নাই নাই কি যে ভাৱি থাক এতিয়া এইবোৰ নিৰ্থক কথা বাদ দি ব'লা ৷

ৰাম বজাৰ হোৱা হ'লে কেনেকুৱা হ'লহেঁতেন……….৷


ইমান দিন হ'ল পিতেক উভতি নহা দেখি মাকে পিতেকক বিচাৰি যোৱাৰ সিদ্ধান্ত কৰিলে ৷ ৰাস্তাত মানুহ পালেই পিতেকৰ কথা সুধিছে কিন্ত কোনেও কবপৰা নাই ৷

মাকে পিতেকক বিচাৰি বিচাৰি ৰামবজাৰ পালেগৈ ৷ ইফালে সিফালে চাই এটাও মানুহ দেখি নাপাই ভাৱিলে এয়া কেনে ধৰণৰ বজাৰ মানুহ দেখিবলৈয়ে নাই মাকে উদাস মনেৰে পিতেকৰ সন্ধানত আগবাঢ়িল " ইমান  সময় ধৰি খোজকাঢ়ি আছো ৰাস্তাৰ অন্তই নাই " মাকে নিজকে সুধিলে নাই নাই মোৰ কষ্টৰ চিন্তা নাই মোৰ পুত্ৰক বিচাৰি উলিয়াবই লাগিব এইবুলি কৈ মাকে খোজ ল'লে শেষত ভাগৰি পৰি ৰাস্তাত বহি দিলে ৷ ইমান সময় ধৰি খোজ কাঢ়ি কাঢ়ি ভাগৰি দুৰ্বল হৈ পৰিল ৷ কেনেকৈ যে টোপনি গ'ল গমকে নাপালে ৷


 কিছু সময়ৰ পাছত সাৰপাই দেখিলে 

এয়া কি অলপ সময়ৰ আগতে বজাৰত এজনো মানুহ নাছিল এতিয়া দেখােন বজাৰত মানুহৰ মেলা ৷ এটা দীঘলীয়া উশাহ টানি যিয়েই নহওক কিয় মানুহ তো দেখা পালোঁ এতিয়া মোৰ পুত্ৰৰ কথা সুধিব পাৰিম " এইবুলি কৈ

এগৰাকী মহিলাৰ কাষ চাপি পুতেকৰ কথা সুধিলে " বাইদেউ  ওঠৰ , বিছ বছৰীয়া ওখ পাখ মাগুৰ বৰণীয়া

ল'ৰা এটাক আপুনি কৰবাত দেখিছিলে নেকি ? " মাকৰ

ফালে কিছু ক্ষণ তলে ওপৰে চাই ভাৱিলে ইমান লেতেৰা ফেতেৰা বস্ত্ৰধাৰী মানুহ তো আমাৰ ৰাজ্যত নাই দেখােন ৷

মহিলাগৰকী চাগে বহুত দুৰ যাত্ৰা কৰি ভাগৰি পৰিছে , বহু সময়লৈকে একো খোৱাও নাই চাগে , নাই নাই সহায় কৰিবই লাগিব " এইবুলি কৈ মহিলাগৰাকীয়ে ক'লে মাকক

লৈ চাই বাইদেউ আপোনাৰ ল'ৰাক তো দেখা নাই কিন্ত সন্ধানত নিশ্চয় সহায় কৰিব পাৰিম ব'লক আমাৰ মুখীয়াদেৱৰ ওচৰত গোহাাৰি লগাম তেখেতে আমাক নিশ্চয় সহায় কৰিব 


এইবুলি কৈ মাকক লৈ মুখীয়াদেৱৰ 

দৰবাৰত উপস্থিত হ'লহি "গোহাৰি দেৱ গোহাৰি এই দুখীয়াৰিৰ পুত্ৰ সন্ধানহীন  বহু দিন ধৰি ঘৰলৈ উভতি যোৱা নাই মহিলাগৰাকীয়ে মুখীয়াক প্ৰণাম জনাই ক'লে ৷

মুখীয়াদেৱে মাকলৈ চাই ক'লে এওঁ তো আমাৰ ৰাজ্যৰ বাসিন্দা নহয় কৰপৰা আহিছে ? মহিলাগৰাকীয়ে উত্তৰ দিলে দেৱ হয় এওঁ আমাৰ ৰাজ্যৰ বাসিন্দা নহয় পুত্ৰ সন্ধানত বাহিৰৰ ৰাজ্যৰপৰা আহিছে ৷ মুখীয়াদেৱে ক'লে অ হয় নেকি নিশ্চয় আমি সহায় কৰিম মাকক লৈ চিত্ৰকৰৰ ওচৰত যোৱা ল'ৰা টোৰ চিত্ৰ আঁকিব দি প্ৰিণ্ট আওট কৰি মিডিয়াৰ হাতত দিবলৈ কবা এইয়া মোৰ কঢ়া আদেশ আৰু এই দুখীয়াৰি মাকক গাপা ধোৱাই নবস্ত্ৰ পিন্ধাই ভালদৰে অতিথিপৰায়ণ কৰিবা আৰু যেতিয়ালৈকে 

এওঁৰ পুত্ৰকৰ সন্ধান নোলাই তেতিয়ালৈকে আমাৰ অতিথিশালাত থাকিব ৷ মহিলাগৰাকী আৰু মাকে মুখীয়াদেৱ ধন্যবাদ জনাই চিত্ৰকৰৰ ওচৰত পালেগৈ ৷


মুখীয়াদেৱে দিয়া আদেশমতে কাম হ'ল ৷

প্ৰায় তিনিমাহমানৰ পাছত গম পোৱা গ'ল যে ল'ৰাটো ৰাৱণ বজাৰ নামে ৰাজ্যত আছে বুলি ৷ মুখীয়াদেৱে লগেলগে পুলিচ প্ৰশাসন তথা সৈনিক দ'ল এটা একোটাকৈ

পঠিয়ালে কাৰণ ৰাৱণ ৰাজ্য সাধাৰণ ৰাজ্য নহয় বিজ্ঞান প্ৰযুক্তিবিদ্যাত যথেষ্ট আগবঢ়া এক শক্তিশালী ৰাজ্য গতিকে ৰাৱণ বজাৰ যোৱালৈ যোৱা মানে মৃত্যুলোকত যোৱা যেন হব ৷ 


এইফালে ৰাৱণ বজাৰত ল'ৰাটোৰ ৰূপ ৰঙত মোহিত হৈ 

ৰাৱণ বজাৰৰ কুঁৱৰীয়ে তাক ভাল পাই বিয়াৰ প্ৰস্তাৱ আগবঢ়াই কিন্ত ল'ৰাটোৱে প্ৰস্তাৱটি গ্ৰহণ নকৰাত তাক বন্দী কৰি ৰাখিছে এদিন দুপৰীয়া সময়ত ল'ৰাটো নিজৰ ভাগ্যক ধিক্কাৰ দি নিজৰ ভুলৰ কথা ভাৱি আছে " কিয় মই ৰাম বজাৰ চোৱাৰ হেঁপাহ কৰি আহিলো মই ৰাম বজাৰ ৰাজ্যত আহি এতিয়া ৰাৱণ বজাৰ ৰাজ্যৰ বন্দী হায় ৰে মোৰ কপাল মোৰ অবিহনে মাৰ কি গতি হৈছে সেয়া একমাত্ৰ সূৰ্য্য দেৱতাই হে জানিব মবাইল ও এই জহনিতযোৱা কোঁৱৰীয়ে কাঢ়ি ৰাখি থৈছে হে সূৰ্য্যদেৱ আপোনাৰে আশা কিবা এটা কৰা মোৰ মাক লগ কৰাই দিয়া " 


এনেতে কোঁৱৰী আহি মধুৰ মাতেৰে ক'লে " মোৰ জান কি ভাৱিছা মোৰ সৈতে বিয়াত বহিবা নে ? " ল'ৰাটোৱে খঙেৰে 

ক'লে নাই কেতিয়াও নকৰোঁ মোক এনেদৰে বন্দী কৰি থৈ কিন্ত ভুল কৰিছা যদি মোৰ মাৰ কিবা হয় তেন্তে জানি লবি

তঁহতৰ ৰাৱণ বজাৰ ৰাজ্যৰ নাম পৃথিৱীৰ মানচিত্ৰৰপৰা নোহোৱা কৰি দিম " কোঁৱৰীয়ে তাৰ গাত হাত ফুৰাই ক'লে

হয়নে তোমাৰ এই বীৰত্বৰ ভাষ্যতে মই মোহিত হ'লো ৷

এতিয়া কিন্ত  খাটাং মই তোমাৰ সৈতে বিয়াত বহিমে বহিম

তাৰ কাৰণে মই যিহকে কৰিবলৈ সাজো আছো এইবুলি কৈ

গুচি যায় ৷


 ইতিমধ্যে এইফালে ৰাম বজাৰ ৰাজ্যৰ পুলিচ আৰু সৈনিক দ'ল ৰাৱণ বজাৰ ৰাজ্যৰ সীমাত প্ৰৱেশ কৰিলেহি। খবৰ ৰাৱণ ৰাজ্যৰ মুখীয়াদেৱৰ কাণত পৰিলহি মুখীয়াই লগেলগে আদেশ জাৰি কৰিলে যে শত্ৰু আহি ৰাজ্যতৰ সীমাত সোমালেহি যা সিহঁতৰ দুসাহসিতাৰ শাস্তি দিবই লাগিব অতিশীঘ্ৰে যা ৷ ৰাৱণ বজাৰ ৰাজ্যৰ প্ৰশাসন সৈনিক আদি যুদ্ধলৈ বুলি ওলাই যায় ৷


ৰাম বজাৰ ৰাজ্য আৰু ৰাৱণ বজাৰ ৰাজ্যৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল ৷ এই খবৰ ল'ৰাটোৰ  কাণত পৰিল সি মনত বৰ আনন্দ পালে কোঁৱৰী আকৌ ল'ৰাটোৰ 

ওচৰত আহিল আৰু ক'লে এতিয়া তুমি বিয়া কৰাবই লাগিব " ল'ৰাটোৱে হাঁহি মাৰি ক'লে সপোন দেখাতো ভাল কথা কিন্ত মোক বিয়া কৰাৰ সপোন কেতিয়াও দিঠকত পৰিণত  নহব " কোঁৱৰীয়ে তাৰ ওচৰ চাপি মবাইলত ছেলফি এটা লৈ ক'লে " মোৰ জানটো বিয়াতো হবই এইবাৰ মোৰ লগত তোমাৰ কাৰণে উপহাৰ এটা আছে ৷ ল'ৰাটোৱে উচপ খাই সুধিলে '" কি উপহাৰ ? " কোঁৱৰীয়ে মবাইলত ভিডিঅ এটা দেখােৱাই ৷ ল'ৰাটোৱে চাই মা বুলি চিঞৰি উঠে আৰু ক'লে " মোৰ মাই তোমালোকৰ কি হানি কৰিছে আকৌ এবাৰ সকিয়াই দিছো  মোৰ মাৰ গাত অকণমানো যদি ঘা লাগে জানি থোৱা ৰাৱণ ৰাজ্য ধ্বংস 

কৰি পেলাম "৷ কোঁৱৰীয়ে হাঁহি মাৰি ক'লে ঠিক আছে তেনেহলে বিয়াৰ বাবে সাজো হোৱা মই তোমাৰ মা মানে শাহু মাকৰ আশিৰ্বাদ লৈ বিয়াৰ পাছত শাহুৱেকক সেৱা শুশ্ৰূষা কৰিম নহ'লে শাহুমাকৰ বুকুত গুলিৰ মৰম যাঁচিম হা হা হা হাঁহি হাঁহি গুচি যায় ৷


এইফালে যুদ্ধৰ অন্তিম পৰ্যায় আহি পালেহি ৰাম বজাৰৰ সৈনিকৰ ইতিমধ্যে অন্ত হৈছেহি ৷ এইফালে ৰাম বজাৰৰ মুখীয়াদেৱ ৰাৱণ বজাৰৰ মুখীয়াৰ লগত মুখামুখি হ'ল ৷

ৰাম বজাৰৰ মুখীয়াই ক'লে আপোনাৰ আমি একো হানি নকৰো আমাক সেই বিদেশী ল'ৰাটো উভটাই দিয়ক ৷

কিন্ত ৰাৱণ ৰাজ্যৰ মুখীয়াই ওলোটা কথাহে ক'লে নাই নাই

এয়া সম্ভৱ নহব কাৰণ মোৰ জীয়েকে তাক বিয়া কৰাবৰ মন কৰিছে গতিকে এতিয়া আহিছে যদি বিয়াখন খাই যাব 

ৰাম বজাৰৰ মুখীয়াই খঙত ক'লে " বিয়া কেনেকৈ হব মই

জীয়াই থকা পৰ্যন্ত এয়া অসম্ভৱ " ৷ তেনেহ'লে মৰিবলৈ সাজো হোৱা " এইবুলি কৈ ৰাৱণ বজাৰৰ মুখীয়াই পিষ্টল

উলিয়াই ৰাম বজাৰৰ মুখীয়ালৈ নিক্ষেপ কৰিলে সাবধান মুখীয়া এইবুলি কৈ ট্ৰিগাৰত আঙুলি দিবলৈ লওঁতেই লোহাৰ ৰ'ড এডাল আহি ৰাৱণ বজাৰৰ মুখীয়াৰ মুৰত লাগাত মা অ বিকট চিঞৰ মাৰি পিষ্টলটো হাতৰপৰা এৰাই গ'ল আৰু পাছফালে ঘূৰি চাই চিঞৰি ক'লে " ঐ বিদেশী ল'ৰা বন্দীশালৰ পৰা মুক্ত কোনে কৰিলে ? ল'ৰাটোৱে ধমকি সুৰত ক'লে যাকে ৰাখে হৰি তাকে মাৰে কোন আৰু এনেও যিজনৰ ওপৰত মাকৰ আশিৰ্বাদ থাকে সেইজনক কোনো মজবুত শিকলিয়ে বান্ধি ৰাখিব নোৱাৰে এইবুলি কৈ ৰাৱণ বজাৰৰ মুখীয়ালৈ পিষ্টল টোৱাঁই ট্ৰিগাৰত আঙুলি দিয়াৰ মাত্ৰকে এটা ধেঁচিঅ কৰি শব্দ হ'ল থিতাতে  ৰাৱণ বজাৰৰ মুখীয়া মাটিত ঢলি পৰিল এইফালে দেউতা বুলি কোঁৱৰী চিঞৰি দৌৰি আহি বাপেকৰ মৃত দেহ টো সাবতি কান্দিব ধৰিলে ৷ ইতিমধ্যে ল'ৰাটোৰ মাকগৰাকীও আহি উপস্থিত হৈছেহি ৷ কোঁৱৰীয়ে কিছুপৰ কন্দাৰ পাছত

চকুপানী মচি লাহেকৈ পিষ্টলটো ল'ৰাটোৰপৰা কাঢ়ি লৈ ল'ৰাটোৰ বুকুত দুটামান গুলি এৰি দি নিজেও মূৰত বাকীবোৰ গুলি ভৰাই দিলে থিতাতে নিমাত হ'ল ঠাইডোখৰ বগা দলিচা ৰঙা হৈ পৰিল ৷ মাকে বিকট চিঞৰ মাৰি ল'ৰাটোকো বুকুৰ মাজত সাবতি কান্দি কান্দি কবলৈ ধৰিলে ইমানদুৰ কষ্ট সহ্য কৰি পুত্ৰক বিচাৰি আহিছিলো কিন্ত মোৰ পুত্ৰ মোৰপৰা আঁতৰি গৈছে হে ইশ্বৰ কি কৰিলা

মোৰ মমতাৰ এই পৰিণতি মোকো উঠাই লোৱা এনেকৈ মাকে ইনাই বিনাই কান্দি থাকিল ৷

 

কাটোলকৈ কাণতলীয়া এটা পৰিলত বাবুৱে ইফালে সিফালে চাই ধেৎ তেৰি ৰাস্তাতে টোপনি গৈছ নেকি ব'ল দেৰি হৈ আছে বজাৰ শেষ হোৱাৰ পাছত

গৈ পাম নহলে এইবুলি কৈ বায়েকে বাবুৰ হাতত ধৰি খৰধৰকৈ বজাৰলৈ বুল খোজ দিলে ৷

                   সমাপ্ত


📝 ভাস্কৰ কায়স্থ 

     অষ্টম শ্ৰেণী 

     ৰজ ইংলিছ স্কুল বোকাখাত


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)