অদ্ভুত

Rinku Rajowar
0

শুনাচোন শুনা ন'কবা আৰু

অলপতে ঘটা কথা,
নিজ চকুৰেই দেখি আহিলোঁ
নেমাতো অকনো মিছাঁ

'পহুমৰা গলো পহু বিচাৰি
পহু যে এটাও নাই, 
নাওবৈচা গলো নাও বাবলৈ
নাঝ যে এখনো নাই ।

'হাতীলুং---গ'লো হাতী বিচাৰি
হাতী এটাও নাই,
বাট পথবোৰ আহল -বহল
লুংলুঙীয়া বাট নাই ।

বগলীজানত ঢেৰ বগলী
তাকেই চাবলৈ গলো,
বগলী নাই কেৱল ছাগলী
দেখি আচৰিত হলো ।

এঙাৰখোৱাত এঙাৰ খায় কথাটো সঁচানে বাৰু?
মই যেতিয়া প্ৰমাণ চালো
হিতে বিপৰীত আৰু !

পুৰণি নাম এঙাৰধোৱাহে
বৃটিছে লগালে লেঠা,
কোনেও তাত এঙাৰ নাখাই
একেবাৰে সচাঁ কথা ।

সাপৰ শিং দেখিছানে তুমি
নোম গজা ভেকুলী পিঠিত,
জীয়া ফাঁকি যদি একে উশাহে
মাৰা দুভুকু মাটিত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)