শদিয়াৰ সেতু
ৰিব্ ৰিব্ কৈ এজাক বতাহে কাণে কাণে
কৈ গৈছিল নিৰ্জনতাৰ আবেগ সানি
পলাশ -শিমলুৰ ফাগুন
ফাগুন লগা অনুভৱৰ কথা ।
লুইতৰ বিশাল বুকুত এৰি আহিব খুজিছিলো হৃদয়ৰ বেথা ।
সময়ে হুহুৰি মাৰি সোঁৱৰাই দিয়ে
জীৱনৰ দোমোজাত যৌৱনৰ মাদকতা ।
বৰলুইতৰ বুকুৱেদি বৈ যোৱা আৱৰ্জনা বোৰৰ দৰেই যেন নাৰীৰ জীৱন ।
সময়ে হেতালি খেলি বুকুত বান্ধি দিয়ে
দুচকুত আবেগ ঢালি মৰমৰ সফুঁৰা ।
সহিব নোৱাৰিলেও সহিছোঁ নিৰবে
সময়ৰ গতিশীলতাত
হৃদয়ৰ ভাষাবোৰে কিবা কব খুজিছে
গোপনে গোপনে ।
বৰলুইতৰ বুকুতেই এৰি আহিব পৰা হলে
জীৱনৰ মাদকতা ।
যন্ত্ৰণাৰ দগমগীয়া ৰ'দালিয়ে
একোকে নুবুজা হৈছে
মাথো আবেগবোৰে?
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ