আজি 22 মাৰ্চ
মোৰ নগৰখন
আজি তেনেই উকা
বেলকণিত বহি আছো ।
ত্বকত স্পৰ্শিত
এজাক মৃদু সমীৰণ
যেন এখনি ৰেশমী চাদৰ
ভাঁজে ভাঁজে ৷
চৰাই চিৰিকটিৰ কলৰৱ
দূৰ অথবা ওচৰৰ
কৰ্ণকুহৰৰ বাটেৰে অন্তৰ্যাত্ৰা
মনগহনৰ প্ৰতিটো বিন্দুত
পৰমানন্দৰ অনুভূতি
আনফালে একাকীত্ব
শূন্যতা আৰু নীৰৱতাত
ক'ৰণা বধৰ আখৰা ।
📝সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ