ব্যক্তিৰ নটা বেয়া অভ্যাস -যিয়ে ব্যক্তিৰ সফলতাৰ পথত বাধাৰ সৃষ্টি কৰে

©Admin
0


আজিৰ যুগত সকলোৱে সফলতাৰ আকাশ চুব বিচাৰে কিন্ত তাৰে এশ শতাংশৰ পাঁচ শতাংশহে সফলতাৰ আকাশ চুবলৈ সক্ষম হয় আৰু বাকী  নিৰানব্বৈ শতাংশই বিফল হয় ৷ ইয়াৰ কাৰণ কি হব পাৰে কেতিয়াবা আপুনি মন কৰিছেনে ? নিশ্চয় কৰা নাই আৰু যদি কৰিছে তেনেহলে জনাব আপোনাৰ মতে কি কি বেয়া গুণ হব পাৰে যাৰ ফলত বেছিভাগ ব্যক্তিয়ে বিফলতাৰ মুখ দেখে ৷


আমি জানো যে এজন ব্যক্তিক সফল হবলৈ ভাল শিক্ষা , উত্তম ব্যক্তিত্ব , ধনাত্মক চিন্তাধাৰা , আত্মাবিশ্বাস , ধৈৰ্য্য আৰু সহনশীলতা বিশেষকৈ এইকেইটা গুণৰ আৱশ্যক ৷

কিছুমান  ব্যক্তিত এই সকলো গুণ থকাৰ স্বত্বেও সেইসকল

ব্যক্তি সফলতা অৰ্জন কৰিব নোৱাৰে ৷ আপুনি ভাৱি চাইছে নে কিয় এনে হয় ? যদি ভৱা নাই বা নাজানে তেনেহলে এই প্ৰবন্ধটি মনোযোগ দি পঢ়ক সকলো কথা গম পাই যাব ৷


এশ শতাংশৰ বেছি ভাগ ব্যক্তিৰে বিফলতাৰ মুখ দেখাৰ প্ৰধান কাৰণটো হ'ল - অভ্যাস ৷ এই অভ্যাসটোৱে নিৰ্ণয় কৰে ব্যক্তিজনৰ সফল আৰু বিফল হোৱাৰ কাৰণ ৷

যদি ব্যক্তিজনৰ গাত ভাল অভ্যাস আছে তেন্তে নিশ্চিত যে সেইজন ব্যক্তি সফলতাৰ আকাশ চুবই লাগে লক্ষ্যপথত যিমানেই বাধাবিঘিণি নাহক কিয় সেইজন ব্যক্তি এদিন নহয় এদিন সফল ব্যক্তিৰ তালিকাত নাম আহিবই ৷

আৰু যদি ব্যক্তিজনৰ গাত বেয়া অভ্যাস আছে তেনেহলে

জানি লওঁক যে ওপৰত উল্লেখিত সকলোবোৰ গুণ দেহৰ

ৰন্ধ্ৰে ৰন্ধ্ৰে নাথকক কিয় সেইজন ব্যক্তি কেতিয়াও সফলতাৰ আকাশখন চুবলৈ নোৱাৰিব ৷ 


এই কথা ভালদৰে বুজিবলৈ এটা উদাহৰণ লব পাৰি - 

ধৰি লওঁক আপুনি এজন চোকা ধৰণৰ ছাত্ৰ এতিয়া আপুনি নিজেই ভাৱকচোন আপোনাৰ চোকা হোৱাৰ কাৰণ কি ? আপোনাৰ উত্তৰ নিশ্চয় অভ্যাস হব ৷ আপুনি আপোনাৰ ৰিজাল্ট উত্তম কৰিবলৈ নিতৌ ভালদৰে অধ্যয়ন

কৰে লাগে আপুনি যেনেকুৱাই পৰিস্থিতিত নাথাকে কিয় প্ৰতিটো ক্ষণত আপোনাৰ মনত এটাই চিন্তা থাকিব মই পঢ়িব লাগিব , মোৰ বহুত সময় নষ্ট হ'ল , এইবাৰ ৰিজাল্ট

আগৰ বছৰতকৈ বেছি উন্নত কৰিব লাগিব ইত্যাদি ৷

গতিকে এইয়া আপোনাৰ অভ্যাসৰ ফলাফল ৷ নিয়মীয়া অধ্যয়ন কৰি থকাৰ বাবে অধ্যয়ন আপোনাৰ অভ্যাসত পৰিণত হৈছে ৷


এই উদাহৰণলপৰা গম পালোঁ যে যিকোনো কাৰ্যৰ প্ৰতি যদি অভ্যাস কৰি লোৱা হয় তেন্তে পাঁচ শতাংশ সফল ব্যক্তিৰ তালিকাত আপোনাৰো নামটো অহাটো নিশ্চিত ৷

গতিকে ভাল অভ্যাস গঢ়ি তোলক সফলতাৰ আকাশত উৰি ফুৰক ৷


এতিয়া নটা বেয়া অভ্যাস কি কি? তলত ক্ৰমান্নয়ে উল্লেখ কৰা হ'ল - 


 ১/ টিভিত সময় কটোৱাঃ

 হয় টিভি দেখাটক এটা বেয়া অভ্যাস কাৰণ বৰ্তমান টিভি চেনেল আৰু টিভিত প্ৰচাৰিত হোৱা অনুষ্ঠানৰকোনো সীমা নাই এটা পাছত এটা এই ক্ৰম চলিয়ে থাকে গতিকে টিভিয়ে এজন ব্যক্তিৰ যথেষ্ট সময় নষ্ট কৰাৰ লগতে ভৱা শক্তি কম কৰে ৷ 

গতিকে যিমানপাৰে টিভি দেখা অভ্যাসটো কমাই দিয়ই ভাল পৰাপক্ষত নোচোৱাটোৱে ভাল ৷ পৃথিৱীৰ যিমান সফল ব্যক্তি আছে তেওঁলোকে টিভি নাচায়ে আৰু চাই যদিও বহুত কম পৰিমাণে ৷


২/ অপুষ্টিকৰ খাদ্যপাণঃ 

ব্যক্তিগৰাকীয়ে সফলতা অৰ্জন নকৰালৈকে যি পায় য'তে ত'তে খাদ্য নভবা নিচিন্তাকৈয়ে 

গ্ৰহণ কৰে ৷ ইয়াৰ ফলত দেহা দুৰ্বল আৰু ক্ষমতাহীন হৈ পৰে ৷ কাৰণ আমাৰ শৰীৰটো কাৰখানাৰ যন্ত্ৰৰ দৰে যদি ভাল ইন্ধন আৰু ভাল যত্ন লোৱা নহয় তেন্তে যন্ত্ৰই ভালদৰে

কাম কৰা বন্ধ কৰি দিয়ে ফলস্বৰূপে ব্যক্তিগৰাকী সফলতা কৰাটো অসম্ভৱ হৈ পৰে আৰু হৈতো জীৱনত একো নকৰাকৈয়ে মৃত্যুক সাবটি লব লগা হয় ৷


৩/ যধে দধে খৰচঃ 

যিসকল ব্যক্তিৰ খৰচৰ প্ৰতি কোনো সতৰ্কতা নাই ৷ বা খৰচৰ কোনো সীমাবদ্ধতা এনে অভ্যাস  

থকা ব্যক্তিসকল কেতিয়াও সফল হব নোৱাৰে ৷

সেই কাৰণে দুখীয়া বেছি  দুখীয়া হৈ আৰু ধনী বেছি ধনী হৈ ৷ কাৰণ দুখীয়াসকলে অপ্ৰয়োজনীয় বস্তু কিনি টকা নষ্ট কৰে কিন্ত ধনীসকলে প্ৰয়োজন অনুসৰি বস্তু কিনে আৰু সদায় টকা বৃদ্ধি কৰাৰ চিন্তা পোষণ কৰে ৷ 


৪ / দেৰীলৈকে শুই থকাঃ

 যিসকল লোক সোনকালে  শুই দেৰিকৈ উঠে তেনে অভ্যাস থকা লোকসকলে জীৱনত একোৱে কৰিব নোৱাৰে মাথা শুই শুই সপোন চাই থাকে ৷

আনহাতে সোনকালে শুই উঠা লোকসকলে এজন সফল ব্যক্তিৰ ইতিহাস ৰচিবলৈ সক্ষম হৈ ৷


৫ / দোষ স্বীকাৰ নকৰাঃ

 যিজন ব্যক্তি নিজৰ দোষ স্বীকাৰ কেতিয়াও নকৰে আৰু আনৰ দোষ আঙুলিয়াই থাকে এনে

অভ্যাস পোষণ কৰা ব্যক্তিয়ে সফলতাৰ আকাশ চুৱাটো দুৰৰ কথা যি অলপ সফল হৈ সেয়াও ৰসাতলে যায় ৷সফল সেইজন ব্যক্তিহে হব পাৰে যিয়ে নিজৰ কৰা ভুলক পুনৰাবৃত্তি নকৰে ৷


৬ / আনৰ উন্নতি দেখিব নোৱাৰাঃ

 আনৰ উন্নতি দেখিব নোৱাৰি আনক কেনেকৈ তলত পেলাব পাৰি , আনৰ প্ৰতি ইৰ্ষা ভাৱ ৰখা এই অভ্যাসে ব্যক্তি এজনক সফলতা অৰ্জন কৰাত বাধাৰ সৃষ্টি কৰে ৷ আন দিশত আনৰ উন্নতিৰ গুণগান আৰু সহযোগ কৰা ব্যক্তিয়ে অতি শীঘ্ৰে সফলতা অৰ্জন কৰিব পাৰে ৷


৭ / দুৰ্বলতাক ভাগ্যৰ দোষ বুলি ভৱাঃ 

পৃথিৱীত এনে কিছু লোক আছে যিয়ে নিজৰ দুৰ্বলতাক লুকুৱাই ভাগ্যক দোষ দিয়ে এনে অভ্যাসৰ অধিকাৰী লোকে সফলতা আৰ্জিব নোৱাৰে আৰু নিজৰ দুৰ্বলতা তথা 

বিফলতাৰ গাঁথা ৰচিয়ে জীৱন কটাই ৷ 

আনফালে যিসকল লোকে নিজৰ দুৰ্বলতাকে শক্তিশ্ৰুত ভাৱি লক্ষ্য পথত আগুৱাই যায় তেনে লোকে নিজৰ সফলতাৰ গীত গুণগুণাই ৷


৮ / সংৰচনা কৰাঃ

 এনে কিছুমান লোক আছে যিয়ে নিতৌ নতুন সংৰচনা কৰে অৰ্থাৎ ইটো কৰিম সিটো কৰিম, এইটো কৰিলে সেইটো হব , আমুক দিনা - অমুকা তিথিত , এটা শুভ মুহূৰ্তত পালেই কামটো আৰম্ভ কৰিমেই আদি এনে অভ্যাসত পাৰ্গত লোকে সংৰচনা কৰিয়ে জীৱননৰ সঠিক সময়খিনি কটাই পাৰ কৰি শেষত কয় দোৰ জীৱনত সুযোগ সুবিধা নোপোৱা কাৰণেহে মই সফল ব্যক্তি নহলো 

যদি মোৰ জীৱনত সমস্যা নাহিলেহেঁতেন নেহলে মই আজি পৃথিৱীৰ বিখ্যাত সফল ব্যক্তি হলোহেঁতেন আদি এনেধৰণৰ মনতব্য দি নিজে সান্ত্বনা লভে ৷


৯ / সংকটমুখী নহয়ঃ

 এই অভ্যাসগত ব্যক্তিয়ে পদে পদে নিজকে সুৰক্ষাৰ সীমাত ৰখাটোৱেই বাঞ্ছনীয় বুলি ভাৱে আৰু জীৱনৰ কৰ্মপথত কিঞ্চিতমানও সংকটৰ সন্মুখীন হোৱা লগে লগে দহ খোজ পিছলৈ উভতি আহে ৷

চমুকৈ কোনো নতুন পৰিকল্পনা কৰিবলৈ টান পাই কাৰণসংকটলৈ অতিমাত্ৰা ভয় কৰে ৷ কিন্ত যিসকল ব্যক্তিয়েসংকটলৈ ভয় নকৰি নিতৌ নতুন পৰিকল্পনা নন চিন্তা নিজক সফলতাৰ শিখৰত বগাবলৈ সংকটময় প্ৰয়াস কৰে ৷


গতিকে এই নটা অভ্যাস যদি শুধৰাই লব পাৰে তেতিয়াহ'লে জানিব আপোনাক সফলতাৰ আকাশত মুক্ত মনে বিচৰণ কৰি ফুৰিব পাৰিব ৷কাৰণ " অভ্যাসৰ শৰ কৰ্ণ পথে কৰে শৰ " ৷



📝দলাল ৰবিদাস
নুমলীগড় গোলাঘাট






Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)