পিছদিনা ৰুণ ক্লাচলৈ গ'ল, কিন্তু, প্ৰফেচাৰে কি পঢ়াইছে তাই একাে ধ্যান দিবই পৰা নাছিল।
দিনৰ দিনতাে কেইবাটাও ক্লাচ কৰিলে । ক্লাচৰ পৰা ওলাই আহি টেলিফােন বুথত গৈ মােলৈ ফােন লগাইছিল তাই ।
ক্ৰিং ক্ৰিং ক্ৰিং তিনিবাৰমান ফােনতাে বজাৰ পিছত মই ফােনতাে উঠালাে ।
ৰুণ : মুনলিমা ( মােক উদ্দ্যেশি) কি কৰিছ' ?
মুনলিমা : নাই এনেয়ে আছাে । কি হ'ল কচােন ?
ৰুণ : মই মহা সমস্যাত পৰিছাে জাননে (?) ।
মুন : কি সমস্যা ? তােৰ নতুন প্ৰেম আৰম্ভ হৈছেহে , পিছে কি হ'ল , কাজিয়া লাগিল নেকি ?
ৰুণ: নহয় অঁ ।
মুন : কি হ'ল , ক আক'।
ৰুণ : দেউতাই মােৰ বাবে ল'ৰা চাইছে আৰু দিল্লীলৈ
আহিব, মােক চাবলৈ ; কি কৰাে ?
মুন : তই ল'ৰাটােক ভাল পােৱা নেদেখাবি। দেউতাই যদি আনে আনক । সি বুজি পাই যাব তেতিয়া ।
ৰুণ : তই ঠিকেই কৈছ'।
পিছে মােৰ মনতোহে বেয়া লাগি আছে ।
মুন: যি কৰ' স্বাভাৱিকভাৱে কৰিবি । কাৰোবাক যদি ভাল পাইছ' পা আৰু সত্যত থাকিবি,চব ঠিক হৈ যাব চাবি ।
ৰুণ : মুন ঠিক আছে দে ।
মনতাে বেয়া লাগিলে আকৌ ফােন কৰিম ।
মুন : কৰিবি ।
ৰুণে মনতাে অলপ স্থিৰ কৰি ল'লে । সিফালে ৰিহণ আছেই । তাক বা কি কও।
কওনে নকও । নকলেও দেখােন মনতাে ভাল নালাগিব । আজি ৰুণৰ ক'তাে ফুৰিবলৈ মন যােৱা
নাছিল । আবেলিতাে হােষ্টলতে থাকিল । পৰহিলৈ দেউতাক আহিব , ভালেই লাগিছে ; কিন্তু মাজত এটা ডাঙৰ প্ৰশ্ন (?)ৰুণৰ । কি হ'ব ? দেউতাইবা কি কৰে ? কি কয় । দেউতালৈ ভয়াে লাগে ।
##হয় বৃহস্পতিবাৰে দেউতাক আহিল, লগত ল'ৰাতাে। দেখাত হেনচাম ।
স্মাৰ্ট । দেউতাকে কৈছিল ৰুণক ,"তই ওলাই আহ । আমি বাহিৰত লান্চ কৰিম । বচ অাদেশ মতেই ওলাই আহিল ৰুণ । আহিল থ্ৰি-ষ্টাৰ হােটেল এখনত । উপাই নাই অনিচ্ছা স্বত্বেও ৰুণ আহিল ।
দেউতাকে লান্চ অৰ্ডাৰ দিবলৈ তাইকেই কৈছিল," আৰু দেউতাকে আন এজন মানুহৰ লগত ল'নত বহি কথা পাতি আছিল । ৰুণ ভাল শলঠেকত পৰিল।
ল'ৰাতােৰ নাম অশােক । ঘৰত তিনিটাকৈ IAS Officer । পিছে কি হ'ব, ৰুণে কথাৰ মাজতে কৈছিলে," তাই পি. এইচ. ডী. কৰাৰ কথা ( যাতে সি বেছি সময় ৰ'ব নোৱাৰাৰ বাবে এৰি দিয়ে মােক)। সি তাই কি ভাবে মনৰ কথা জনাবলৈ ক'লে। তাই কৈছিল, "মই এতিয়াই ভবা নাই " , নিজকে established কৰি ল'ব বিছাৰো আৰু এই সিদ্ধান্ত আজিয়েই নলও ।পাছত জনাম ।
তেনেতে ৰুণৰ দেউতাক আহিল । লান্চ ও ৰেদি হৈ আছিল । দেউতাকে কৈছিলে,"
তােমালােকে কথা পাতিলা "। । ৰুণে লাহকৈ কৈছিলে অঁ ।
দেউতাকে ভাবিলে কথা ভালদৰেই পাতিলে । লান্চ কৰি উঠি কিছু সময় লনত বহিলে, সকলােৱে । দেউতাকে কিছুসময়ৰ পিছত তাৰ পৰা উঠি আহিল আৰু ৰুণক হােষ্টেলত থৈ গৈছিলহি আৰু হােষ্টেলত আহিহে মনতাে তাইৰ অলপ হলেও সকাহ পাইছিল । দেউতাকে যে বিশেষভাবে জােৰ কৰি কিবা এটা নক'লে তাকে ভাবিয়েই মনত অলপ শান্তি পাইছিল । তথাপিও আচল কথাতাে জনাৰ পিছত দেউতাকে উগ্ৰমূৰ্ত্তি ধৰিব বুলি ১০০ পাৰচেন্ট খাতাং আছিল ।
এনেদৰে বিশেষ অধ্যায় পাৰ হােৱাৰ পিছত অলপ বিচনাত বাগৰ মাৰি আছিল ।
কোনােৱাই দুৱাৰত টুকুৰিয়াই ক'লে, " তাইৰ ভিজিটৰ আহিছে" ।
অলপ সকাহ ভাৱেৰে ওলাই আহিছিল ৰুণ ৱেটিং ৰুমলৈ। অঁ ৰিহণ তুমি ।
ৰিহণ : আজি দুদিনমান দেখাই নাইযে । ক্লাচতাে যোৱা নাই হবলা তুমি ।
ৰুণ : অলপ বিজি আছিলাে ।
ৰিহণ : কিহত ?
ৰুণ: দেউতা আহিছিল ।
ৰিহণ: কি দেউতা আহিলে আমাক পাহৰি যোৱা নেকি?
ৰুণ : নাই একাে নাই ।
ৰিহণ : তুমি কিবা চিন্তা কৰি থাকা যেন দেখিছাে । ঘৰত কাৰোবাৰ অসুখ -বিসুখ হৈছেনেকি ?
ৰুণে ভাৱিছিলে," মই এইবােৰ কথা নােকোৱাই ভাল হ'ব । কাৰণ মইতাে অশােকক কথা দিয়া নাই, গতিকে নোকোৱাই ভাল হ'ব ,
ক'লে সন্দেহহে হ'ব ।
এইবােৰ হােৱাৰ পাছত গােটেইখিনি কথাই মােৰ লগত ৰুণজুনে পাতিছিল ।
ময়াে ৰিহণ আৰু ৰুণজুনৰ সম্বন্ধতাে support কৰিছিলাে । মাক দেউতাকৰ অবিহনে মােক যেন তাই, তাইৰ জীৱনৰ এডভাইজাৰ হিচাবে লৈছে । সেইদিনা ৰুণজুনে ৰিহণৰ কথাকেই ভাবি থাকিল - ই কিবা সন্দেহ কৰিব নেকি (এনেয়ে) ।
আগলৈ
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ