এজাক বৰষুণ

Rinku Rajowar
0
উচ্চতাৰ শিখৰত থকা নীলিম আকাশখনক
কাজল বৰণীয়া চাদৰেৰে
কোনে বাৰু ঢাকি দিলেহি

যি উত্তাপ আৰু শক্তিৰে গোটেই পৃথিৱীখন ঘূৰে 
কতনো বিচাৰি পাব আকাশখনে 
তেনে অপৰিসীম অৰ্ন্তনিহিত শক্তি

কেনেদৰে প্ৰকাশ কৰিবহি আকাশখনে
কোনোবা মানসিক অত্যাচাৰৰ ভুক্তভোগীয়ে
সততাৰ প্ৰাচীৰ ভাঙি
হৃদয়ৰ পৱিত্ৰতা হেৰায় কেনি

নীলিম আকাশখন এদিন ফৰকাল হ'ব
কিন্তু বতাহত ভাঁহি ফুৰা
সেন্দুৰীয়া সপোনবোৰ
বহাগৰ চিপচিপিয়া এজাক বৰষুণ হৈ
কেতিয়া বাৰু টোপাটোপে পৰিবহি ?

📝টোলন তছা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)