ৰং

©Admin
0
   ৰং তুমি থাকিবানে 
ৰামধেনুৰ শিতানতে 
জোনাক তুমি থাকিবানে 
ডাৱৰৰ আঁৰে আঁৰে ? 
     বতৰো গোমা হৈ শাওনৰ 
আকাশৰ দৰে কান্দিব, ৷
বিজুলীৰ চমকৰ দৰে হাঁহিব 
তেতিয়াও তুমি থাকিবানে 
      ৰং হৈ ?
সৌ সিপাৰৰ কুমলীয়া ধাননিত 
বগলীৰ সতে পাতিব মেলা 
    তেতিয়াও ?
আকাশত নাথাকিব শাৰদী জোনাক 
নামিব অলকানন্দা 
সোণসেৰীয়া সপোনে পাৰ ভাঙি কৰিব 
    কলিজা ৰঙা 
তেতিয়াও
হঠাতে শুকাব ফুলনি 
নীলিম আকাশত জোনাক নাথাকিব 
দুহাতৰ ৰং হেৰাই যাব 
বেদনাই বুকু জ্বলাব 
সপোনৰ ৰং নোহোৱা হব
তেতিয়াও ?
    মেঘৰ চাপৰিত বনজুই লাগিব 
কুকুহাবোৰ তেতিয়া চাকনৈয়াত ডুবিব
আকাশৰ সিপাৰত এখন সাগৰ হব 
       তুমি নাথাকিলে 


 
📝 ৰুমী কলিতা দত্ত
 2 নং কেন্দুগুৰি পোঃআঃ-ধমন
 জিলা -ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)