সৰগৰ পৰা বহু দূৰ
তাত এখন সভা হৈছিল
সময় হৈছিল এটি সত্বাৰ
পৰবৰ্তী জন্মৰ
এজনী মৰম লগা পৰিয়ে
ঈশ্বৰক ক'লে
জন্মৰ পিছত এই বিশেষ শিশুটিয়
বহু বেছি মৰমৰ প্ৰয়োজন হ'ব।
তেওঁৰ বৃদ্ধি হয়তো লেহেমীয়া হ'ব
পৈনতা হয়তো অদৃশ্য হৈ ৰ'ব
একান্ত প্ৰয়োজন হ'ব বিশেষ যতন
শিশুটিক বুজিব নোৱাৰাৰ দুখত
বুঢ়ি আইৰ সাধুবিলাকে কান্দিব
হয়তো দৌৰিব খেলিব ,হাঁহিব নোৱাৰিব
চিন্তা ভাৱনা ,বুদ্ধিয়ে হইতো
বহু পলমকৈ ধৰা দিব
বহুবাৰ বহুলোকে তেওঁক ক'ব
অসহায় ,পংঈু,ব্যতিক্ৰম।
সেয়ে তেওঁক কাৰ গৰ্ভত জন্ম দিব
আমি সাৱধান হ'ব লাগিব
তেওঁ সুখি হোৱাটো বিচাৰো
এহাল সহনশীল ,মৰমীয়াল,
আলসুৱা ,যত্নপৰায়ন,সমৃশীল
মাক দেউতাক নিৰ্বাচন কৰিব লাগিব।
ইশ্বৰে মংগলময়তাৰে অৱশেষত
শিশুটিৰ বাবে উপযুক্ত
এহাল মাক-দেউতাক
নিৰ্বাচন কৰিলে ।
শিশুটি এতিয়া এতোলা - দুতোলাকৈ
দাঙৰ দীঘল হবলৈ ধৰিছে ।
সি এতিয়া মাক দেউতাকৰ হিয়াৰ আমঠু
সৰগৰ তৰা ।
(জন্মগতভাৱে বিশেষভাৱে সক্ষম শিশু আৰু তেওঁলোকৰ পিতৃ মাতৃৰ প্ৰতি এই কবিতাটি উৎসর্গা কৰিলো )
📝 সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ