ৰাভাসকলৰ অন্যতম লোকনৃত্য হানাঘোঁৰা-02

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা 
 সাধাৰণতে অসমীয়া নৱবৰ্ষৰ প্ৰথম ব'হাগৰ দিনা হানাঘোঁৰা তুলিবৰ বাবে দেউৰাৰ ঘৰত পূজা কৰা হয় ৷
পূজাৰ বাবে আৱশ্যক হয় কুকুৰাৰ কণী দুটা , চাউলৰ গুৰী , সৰু কুকুৰা পোৱালী এটা , মদ আৰু সেন্দুৰৰ প্ৰয়োজন হয় | পিছত যথা বিহিত ৰীতি - নীতিৰ মাজেৰে হানাঘোঁৰাৰ পূজা কৰা হয় | পূজাৰ শেষত উপস্থিত থকা সমূহ ৰাইজে হানাঘোঁৰাৰচাৰিওফালে ঘূৰি ঘূৰি হাত চাপৰি বজাই বজাই নাচে ,নাচি নাচি গায়
আদা ৰুঙতে
হায় হায় কচু ৰুঙতে
পকা ধান বান্দৰে খালে 
তিল তিল মাৰঙতে ৷
মহ মাৰঙতে
খুখলি বিহ উঠিল 
চাপৰ মাৰঙতে  ৷
নদী হাঠাঙতে 
গাৰা ঘুকুঙতে 
চেঙ মাছে কামাৰি গেল
লেতু ধৰঙতে  ৷
শামুক তুলুঙতে 
শামুকৰ ডাঢ়ি বিন্ধি গেল
হাতৰ তালাতে  ৷
উক্ত নৃত্য গীতৰ শেষত আনন্দ কৰাৰ মানসেৰে ঘুম-তুকু , তুকু--তুকু ,ঘুম--তুকু , তুকু --তুকু শব্দ কৰি বজায়  ৷
পিছত ঘোঁৰাৰ ডিঙিত চুই গায়
চাইৰত চাইৰত চাই কতিয়া
কমলা চানা গাখীৰ কটোৱা 
হুৰ  ৰ  ৰ  ৰ হুই   ৷
চাইৰত চাইৰচ চাই কতিয়া 
আমাৰ মদ খাই দুই ৰাতিয়া 
দাউৰি যায় কাটিলং 
আয়ো হয় নিচিনি কলৰ পাত 
তপত ভতে চেঁচা হয় 
অ দায়া ঐ কিমান দূৰ বাট  ৷
       আগলৈ

 📝হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)