কৰ'না ভাইৰাছ লকডাউনে ভাৰতীয় অৰ্থ ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পেলাইছে ?

©Admin
0



কৰ'না ভাইৰাছৰ ফলত দেশ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ৷ যোৱা ২১ এপ্ৰিলৰপৰা ধৰি আজিলৈকে ধাৰাবাহিকভাৱে দেশত লকডাউন চলি আছে  দেশৰ সকলো কামকাজ বেহা বেপাৰ স্তব্ধ হৈ আছে ৷ ইয়াৰ ফলত দেশৰ অৰ্থব্যৱস্থাত যথেষ্ট প্ৰভভাৱ পেলাইছে ৷ অসমতো হাট - বজাৰ এক দীঘলীয়া সময় ধৰি লকডাউনৰ কাৰণে বন্ধ থকাৰ ফলত খেতিয়কৰ শস্য পথাৰতে গেলি


পচি গৈছে ৷ এনেকৈ ইমানবোৰ শস্য নষ্ট হৈ যোৱাৰ কাৰণে খেতিয়কৰ শস্য বজাৰত নোযোৱাৰ ফলত উপভোক্তাই শাক পাচলিৰ নাটনিত নিমখ ভাত খাব লগা হৈছে আৰু খেতিয়ক আৰ্থিক দিশত জুৰুলা হৈ পৰিছে ৷

আতাইতকৈ বেছি লোকচানত ভুগিব লগা হৈছে চাহ বাগানবোৰে আৰু অসমৰ সৰু সুৰাউদ্যোগসমূহ ৷ দিনহাজিৰা কৰি খোৱা লোকযসসকল ভোকত দিন কটাবলৈ বাধ্য হৈছে হ'লেও কিছু সমাজহিতকৰৰ সহায়ত বহুতো দুখীয়াৰ ঘৰত চৌকা জ্বলিছে কিন্তু বহু এনে লোক আছে যি ভোকত মৃত্যুকো সাবটি লবলগাত পৰিছে কৰ'না ভাইৰাছ আহিল এই ভাইৰাছে প্ৰতিটো দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ মুখামুখী হবলগা হৈছে বি বি চি তথা চিতাৰে নিউজ পঞ্জাৱৰপৰা শ্ৰেী চৰণজিত নাফৰিয়াৰ প্ৰতিবেদন অনুযায়ী 

আৰ বি আই মনিটেৰী কমিটিৰ ফেব্ৰুৱাৰী বৈঠকত বৰ্ষ ২০২০-২১ ত ৬ শতাংশ জি ডি পি

বিকাশ  মূল্য অনুমান লগাই কিন্তু আন্তৰাষ্ট্ৰীয় ৰেটিং এজেনচি ফীচে  ২০২০-২১ বৰ্ষৰ ভাৰতৰৰ জি ডি পি বিকাশ মূল্য ০,৮ শতাংশ বুলি অনুমান লগাইছে ৷

গতিকে কৰ'না ভাইৰাছে ভাৰতীয় জি ডি পি বিকাশ মূল্য অৰ্থ ব্যৱস্থাত বহুত প্ৰভাব পেলাব পাৰে ৷ 

যি ঘটনা কাহানিও হোৱা নাই সেই কোভিদ ১৯ ৰ ফলত ইমান দীঘলীয়া লকডাউন দিব লগা হ'ল আৰু এই লকডাউনৰ ফলত দেশৰ অৰ্থ ব্যৱস্থা একেবাৰে তললৈ নামিবলৈ ধৰিছে আৰু তাৰ প্ৰভাৱ বৰ্ষ ২০২১ লৈকে থাকিব যি দেশখন কিছুপৰিমাণে উন্নতি শিখৰত উঠিছিল সেয়াও চাগে আগন্তুক কিছু দিনৰপাছত মুদা মৰিব আৰু এই ফল সাধাৰণ

দেশবাসীয়ে ভুগিব লাগিব বস্তুৰ দাম আকাশ চুবগৈ ৷ ইমানখিনি শস্য নষ্ট হোৱাৰ ফলত বজাৰত বিক্ৰেতাই উপভোক্তাক সন্তুষ্ট কৰিব পৰা সামগ্ৰী মজুত পৰিমাণে যোগান ধৰিব ৷

আৰ বি আইৰ অৰ্থ ব্যৱস্থাক ৰক্ষা কৰিবলৈ বেংকসমূহে নেৰানেপেৰাকৈ কাম কৰি আছে ৰেগুলেটৰে ৰেপো ৰেট ১৫ বছৰৰ তলৰ স্তৰত ৪,৪ শতাংশলৈকে কম কৰি দিলে লগতে বেংকসমূহক টৰ্ম লোঁচৰ কাৰণে ই এম আই তিনি মাহলৈকে বন্ধ ৰাখিবলৈ আৰ বি আইয়ে অনুমতি দিছে আৰু কেছ ৰিজাৰ্ভ অনুপাত ( চি আৰ আৰ ) ত কাটি লিক্বিডিটি বঢ়াইছে ৷

এইবোৰ পদক্ষেপ লোৱাৰ মূল উদ্দেশ্য হ'ল যাতে লকডাউনৰ প্ৰভাৱ কিছুপৰিমাণে কমে ৷ হলেও  কৰ'না ভাইৰাছ লকডাউনৰ কাৰণে আই এম এফে মত পোষণ কৰে যে বিকাশ মূল্য ১,৯ শতাংশলৈকে থাকিব পাৰে ৷ আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে এয়া ভাল সংকেত কাৰণ জি টুৱেণ্টি দেশসমৃহৰ ভিতৰত আটাইতকৈ উচ্চ মূল্যৰ এক  বুলি কয় "৷

বিশ্ব বেংকেও ভাৰতৰপৰা এইবাৰ কম উপেক্ষা কৰিছে ৷ ১২ এপ্ৰিলতেতই ভাৰতৰ জি ডি পি ৰ ৰেঞ্জ ঘোষণা কৰিছিল যে নিৰ্ভৰ কৰিব কেনেদৰে ভাৰতে কৰ'না ভাইৰাছক বশ কৰিব ৷ চাৰি শতাংশ বিকাশ মূল্য যদি পলিচি উপায় বৰ্তি থাকে আৰু ১,৫ শতাংশ বিকাশ মূল্যৰ শতডাউন যদি বৃদ্ধি  কৰা হয় ৷ঠিক তেনেকৈ মোডী ৰেটিঙ ও কম আশাবাদী ৷

জানুৱাৰীত ই ভাৰতৰ বিল ২০২০-২১ বৰ্ষৰ বাবে ৫,৮ শতাংশ বিকাশ মূল্য থাৱৰ কৰিছিল কিন্তু এই মাৰ্চ মাহৰ অন্তত কমাই ২,৫ শতাংশ কৰি দিলে  ৷

গতিকে দেখা গ'ল যে শেষত ভাৰতৰ বিকাশ মূল্য বহুত কম হ'লগৈ এতিয়া প্ৰশ্ন হ'ল এই লকডাউন আৰু কিমান দিনলৈকে থাকিব এই লকডাউনৰ সময়সীমা যিমানে বৃদ্ধি পাব সিমানেই ভাৰতৰ অৰ্থ ব্যৱস্থা তললৈ নামি গৈ থাকিব সেইবাবে চৰকাৰলৈ মোৰ বিশেষ অনুৰোধ যাতে অতি শীঘ্ৰে এই কৰ'না মহামাৰী ক বশ কৰাৰ উপায় বিচাৰি উলিয়াই লগতে আমাৰ জনসাধাৰণলৈ এটি আহ্বান যাতে চৰকাৰে কৰ'না ভাইৰাছক লৈ দিয়া নিয়মখিনি সুচাৰুৰূপে মানি চলিব লাগিব ৷

আমি যদি সকলোৱে মিলি চৰকাৰক সহযোগকৰিম নিশ্চয় সোনকালে আমাৰ সন্মুখত থকা সমস্যাৰ সমাধান হব ৷


📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)