যোৱা সংখ্যাৰ পিছৰ পৰা
উক্ত গীতৰ পিছত আকৌ নঙলা মুখৰ পৰা গান বাদ্য আৰম্ভ কৰিবলৈ ধৰে | এই নৃত্যত ল'ৰাৰ পৰা বুঢ়ালৈকে কেৱল মাত্ৰ পুৰুষ সকলেহে অংশ গ্ৰহণ কৰে | মাদল , ডুগুৰী উভয়ে মিলাই চাংতক , চাংতককৈ শব্দ কৰি বাদ্য বজাই গীত আৰম্ভ কৰে
হায়ৰো হায়ৰো হায়ৰো
অ দায়া হে হে হে
হায় হায় কিহৰ বুলিল কায়
হায় হায় কিহৰ বুলিল কায়
আমাৰ ঘোঁৰা নাচিছে
তেল খুজিছে
হায় হায় তেল খুজিছে ৷
হানা ঘোঁৰা নাচিছে
মাহী ঐ ডিমা খুজিছে
হায় হায় ডিমা খুজিছে ৷
গীত সমাপ্ত হোৱাৰ পিছত হানাঘোঁৰা নচুৱাই গাঁও ফুৰাবলৈ নিয়া হয় ৷ গৃহস্থই সেৱা জনাই নিজৰ ঘৰলৈ নৃত্য কৰিবলৈ আদৰি লৈ যায় হানাঘোঁৰাক চোতালত বহুৱাবলৈ কলপাত এখিলা পাৰি দিয়া হয় ৷ গৃহস্থই কাপোৰ , কণী , টকা--পইচা আদি আগবঢ়ায় ৷
গোটেই দিনটো নাচি নাচি সন্ধিয়া সামৰণি মাৰিবলৈ গায়
ছো মাহী ঘৰত যাওঁ
ছো মাহীৰ ঘৰত যাওঁ
মাহী ঐ বেলা বহিল চাকত
হুই হুই হুই এ ৷
সাত বিহুৰ দিনাখন ঘোঁ নচুওৱা পৰ্ব সামৰণি পৰে | ঘোঁৰা নচুওৱা লোকজনৰ ঘৰত নাইবা দেউৰীৰ ঘৰত ঘোঁৰাটো আৰি থৈ দিয়া হয় ৷
অন্তিম দিনাখন পূজা পাতল কৰি শুচি হ'ব লাগে | পূজাৰ বাবে এটা বগা কুকুৰা , দুটা ৰঙা কুকুৰা , গাহৰি এটা আৰু মদ অতিকৈ প্ৰয়োজন ৷
পূজাৰ সময়ত হানাঘোঁৰাটো পূজাৰ সামগ্ৰী সন্মুখত ৰখা হয় | বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে পূজা কৰি ৰং ধেমালিৰে নৃত্য গীত গোৱা হয় ৷|
দেউৰীৰ ঘৰত হানাঘোঁৰাটোত কৰা শিং কাপোৰ জমা থৈ দিয়া হয় ৷
বাঁহ বেতেৰে নিৰ্মাণ কৰা সজাটো ৰাইজে লৈ যায় নিজান ঠাইলৈ | নিৰল ঠাইত আকৌ মদ আৰু কুকুৰাৰ পোৱালীৰে পূজা কৰি ঘোঁৰাটো মুচৰি মৰা হয় , পিছত ঘোঁৰাৰ সজাটো ভাঙি হাবিত বিষৰ্জন দিয়া হয় ৷
এনেদৰেই এটা বছৰৰ বাবে হানাঘোঁৰা নৃত্যৰ অন্ত পৰে ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ