গাৱঁৰ পৰা উত্তমে সদায় চহৰলৈ গৈ চাকৰি কৰে আৰু প্ৰতিদিনেই ঘূৰি আহে । ঘূৰি আহােতে সদায় বেলি মাৰ যায় বা কেতিয়াবা সন্ধ্যা ভাগে ।
এদিন অলপ ৰাতিও হৈছিল । সেইদিনা উত্তম ঘাটলৈ আহি পালে আৰু চালে কোনো মানুহ- দুনুহ নাই দেখোন । এনেতে, হঠাৎ এফালৰ পৰা কােনােবা এজন মানুহে নাও বাই আহি থকা হেন অনুমান কৰিলে । তাকে দেখি তেওঁক উদ্দেশ্যি কলে," কােন বাৰু মােক পাৰ কৰি দিয়াচােন" । যিহেতু সন্ধ্যা লাগিছে, যাকে পায় তাৰ নাৱতে পাৰ হ'ব পাৰিলে ভাল হ'ব বুলি ভাৱিছিল । নাৱত থকা মানুহজনে একাে নােকােৱাকৈ পাৰলৈ আহিল আৰু উত্তমে নাৱঁত
উঠাৰ পিছত নাৱৰীয়াজনে নাও বাই আহি পাৰ পোৱালে । উত্তমে কিবা কথা সুধিলেও একাে উত্তৰ নিদিয়ে । তেনেকৈয়ে নদীখন পাৰ কৰাই দিছিল । নাৱৰ পৰা নামি উত্তমে তেওঁক মাত লগাবলৈ চাওতে তেওঁক দেখা নাপালে । তেতিয়া তেওঁ ভাবিলে ," সেইতাে কিবা ভূত-পিশাচহে আছিল নেকি ? হঠাৎ নাৱৰীয়াজন নোহোৱা হৈ গ'ল, কি কথা ! উত্তম অকলশৰীয়া আছিল, সেয়ে ভিতৰি ভিতৰি ভয় খাইছিল । তেওঁ নাৱৰীয়া বুলিয়েই ভাৱিছিল । উত্তম নদীৰ ঘাটত বেছি সময় নৰ'ল । তেওঁ ততাতয়াকৈ চাইকেলত উঠি ঘৰ পালেগৈ আৰু চােতাল পায়েই ধপচকৈ পৰি গ'ল । গোটেই বাটতো বহুত ধৈৰ্য্য ধৰি মনত ভয় সোমালেও ঘৰলৈ বুলি আহিছিল । কিছু সময় উত্তমৰ হুচ অহা নাছিল আৰু কথা - বতৰাও কৰা নাছিল । ঘৰৰ মানুহে গা - পা ধুৱাই , গৰম তেল আদিৰে মালিচ কৰাৰ পিছতহে দুই এষাৰ কথা কবলৈ আৰম্ভ কৰিছিলে । পাছত সকলাে কথা বিৱৰি কৈছিল ।
সেইবােৰ শুনাৰ পিছত দেউতাকে মন কৰিছিল - কি ধৰণৰ ভূত (!) বাৰু ? সহায়ো কৰিলে ! আনফালে মানুহজনক ভয়ো খুৱালে ! তেতিয়াৰ পৰা দেউতাকে আগধৰি ঘৰৰ মানুহ ঘাটলৈ পঠিয়াই দিছিল আৰু পুতেকক যিমান পাৰে সোনকালে ঘূৰি চেষ্টা কৰিবলৈ কৈছিল । সুস্থ হোৱাৰ পিছত কিছুদিনৰ পিছত সেই একেই বাটেৰে অহা -যোৱা কৰি থাকিল । সেই ঘটনাবোৰ ১৯৭০ মানৰ ঘটনা । সেই ঠাই সমূহত এতিয়া তেনে ধৰণৰ অসুবিধা মানুহে নেপায় বুলি শুনা পোৱা যায় । এই ঘটনা ২০১৯ চনত সংগ্ৰহ কৰিছিলো আৰু তাকেই লিপিবদ্ধ কৰিলো ।
📝কাহিনীকাৰ ~ মীনা পামে গাম

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ