গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা - ০১

Rinku Rajowar
0
পুথি অধ্যয়নৰ জৰিয়তে দূৰৰ মানিক হাততে পোৱা যায় | আমাৰ পৰা চুৰ কৰিব নোৱাৰা কথা খিনিয়েই হৈছে জ্ঞান | লব্ধ জ্ঞান আমাৰ পৰা কোনেও চোৰ কৰি নিব নোৱাৰে | পুথি অধ্যয়নে আমাৰ জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰে | পুথি অথবা কিতাপ আমাৰ শ্ৰেষ্ঠ বন্ধু | সাম্প্ৰতিক সময়ত দেখা গৈছে যে ছাত্ৰ/ছাত্ৰী সকলৰ মাজত অধ্যয়ন স্পৃহা নোহোৱা হৈ গৈছে | আজিৰ তাৰিখত বিভিন্ন ইলেকট্ৰনিক মিডিয়াৰ দ্বাৰা সমগ্ৰ পৃথিৱীখনেই এখন গাঁৱত পৰিনত হৈছে যদিও গ্ৰন্থ অধ্যয়নৰ পিপাসা ই পুৰণ কৰিব পৰা নায় | তাৰবাবে চৰকাৰে ছাত্ৰ/ছাত্ৰীৰ মাজত অধ্যয়ন অভ্যাস গঢ়ি তোলাৰ বাবে সমগ্ৰ শিক্ষাৰ জৰিয়তে পঢ়ে ভাৰত বাঢ়ে ভাৰত আচনিৰ জৰিয়তে অনুদান প্ৰদান কৰি বিভিন্ন প্ৰকাৰৰ শিশু উপযোগী কিতাপ বিগ্যালয়ৰ পুথিভৰালৰ জৰিয়তে প্ৰদান কৰিছে | প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকলৈ সকলো ছাত্ৰ/ছাত্ৰীৰে অধ্যয়ন প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ অবিৰত অভ্যাস , বিকাশ আৰু পৰিমাৰ্জনৰ প্ৰয়োজন , যাৰ কাৰণে আমাৰ পুথিভড়াল সমূহত অতিৰক্ত কিতাপ ,দৈনিক সংবাদপত্ৰ আলোচনী আৰু অন্যান্য অধ্যয়ন সামগ্ৰীৰে সময়োপযোগী কৰি ৰাখিব লাগিব  | আগলৈ

   📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)