মুনলিমাই ফােন কৰিলে ৰুণলৈ - কাৰণ হােষ্টেলৰ আয়া কাম Attender ৰ ৰুমত গৈহে ফােন ধৰিব লাগে । ১৯৯০ চন মানৰ কথা - তেতিয়াৰ Landline ৰ দিন ।
ৰুণ : হেলঅ, অ মুনলিমা নাকি ।
মুন : অঁ । পিছে কি খবৰ তােৰ ।
ৰুণ: ভালেই ।
মুন : কিমান ভাল ক' ।
ৰুণ: ঠিকেই আছে । ফাইনেল অহা মাহত হ'ব ।
সেয়েহে অলপ বিজি হ'ব লাগিব।
মুন : নহয় অ'। ৰিহণৰ খবৰ কি ?
ৰুণ : ভাল ।
মুন : হব দে । শুন তহঁতৰ ঘৰলৈ গৈছিলাে । তােৰ দেউতা নাচােৰ বান্দা সেই অশােকলৈ তােক বিয়া দিয়াৰ কথা একদম ৯৫ % খাতাং কৰি পেলালে । তই পৰীক্ষা দি অহাৰ এমাহৰ পিছতেই বিয়াৰ দিন বাৰ ল'ব । তই পিছে কি কৰিবি ? মােক জনাবি ।
(ৰুণে শুনি থাকিল । ইমান দূৰ আগবাঢ়ি অহাৰ পাছত বাৰু কেনেকৈ আন এজনৰ লগত বিয়া হ'ব । তাই ঘামি- জামি মুনৰ লগত যে ফােনত কথা পাতি আছিল পাহৰিয়েই পেলাইছিল ।)
ৰুণ : পাছত কথা পাতিম দে মােৰ মনতো এতিয়া ভাল লগা নাই । মুন বেয়া নাপাবি । আজিলৈ থও দে ।
ৰুণে তাই পৰীক্ষাৰ কাৰণে সাজু হওঁবুলি ভাবি থাকােতেই আকৌ আহিল এটা বেয়া খবৰ ।
দেউতাকে কাৰো কথা গুৰুত্ব দিয়া নাই । দুয়ােঘৰে বিয়াৰ কথা পাতিলেই । মাত্ৰ দিনহে ঠিক কৰিবলৈ আছে বুলি মুনৰ পৰা খবৰ পাইছিল । তাই এইবাৰ ৰিহণক এই কথাতাে ক'বই লাগিব বুলি ভাবি ল'লে ।
ৰুণৰ এনেকুৱা লাগিছিল - যেন এতিয়াই দৌৰমাৰি গৈ কথাবােৰ পাতো । উপায়তো নাই , কাইলৈকে ৰবই লাগিব । ৰাতি তাইৰ পঢ়াই নহল। ভাত খাই শুই থাকিল ।
##পিছদিনা ক্লাচ নকৰাকৈ সােণকালে গৈ ৰিহণক লগ ধৰিলেগৈ, নহলে ৰিহণেও তাৰ পি. এচ. ডী. ৰ কামত ওলাই যাব পাৰে ।
পুৱাই ৰুণ অহাৰ বাবে ৰিহণ একপ্ৰকাৰ আচৰিতেই হ'ল ।ৰিহণে সুধিলে," কিয় আহিলা ইমান সোনকালে মানে ক্লাচ -তাচ এৰি" ।
কথা আছে । ওলাই আহা ।
ৰিহণ ওলাই আহিল ।
ৰুণ : ইয়াত কি কথা পাতিবা, বলা পাৰ্কতে যাও ।
ৰিহণ : কি ইমান ডাঙৰ কথা, ইয়াত ক'ব নােৱাৰা যে ?
ৰুণ: হব দিয়া গৈ পাই ক'ম ।
দুয়াে গৈ পাৰ্ক পালেগৈ আৰু ছাঁ পৰা ঠাই এদােখৰ বাছি ল'লে ।
ৰিহণ: ৰবা মই কফি দুকাপ লৈ আহাে - বুলি কৈ লৈ আহিল ।
ৰুণ : হ'ব দিয়া তেন্তে খাই লও ।
দুয়াে কফি খাই ল'লে। ৰিহণে ক'লে,"কোৱা এতিয়া " ।
ৰুণে : মুনলিমা আমাৰ ঘৰলৈ গৈছিলে আৰু মা -দেউতাহঁতে অশােকৰ লগত বিয়া দিম বুলি ঠিক কৰিছে আৰু বিয়া হেনাে ফাইনেলৰ পিছতেই পাতিবলৈ যােজা চলাইছে ।
ৰিহণ : তোমাৰ মন আছে যদি কোৱা ।
ৰুণে খঙতে তাক বাহুত দুটামান চাপৰ দি ক'লে ," কি কথা কোৱা" , সকলাে জানিও তুমি আকৌ মােক তেনেদৰে কৈছা ।
আচলতে ৰিহণে মনতাে বেয়া লগাৰ বাবে এনেয়ে অলপ ৰগৰ কৰিলে তাইৰ লগত ।
তাই দুখত - আৰু ৰঙা পৰি গৈছিল । তাইক এখন হাতেৰে ৰিহণে সাবতি লৈ ক'লে ," মােৰ কিবা ভাল লগা বুলি ভাবিছা নেকি "। ৰিহণৰ মনতাে তাইতকৈয়াে বেছি বেয়া লাগিছিল । কি ক'ম কি কৰাে একাে ভাবি নেপাইছিল । 😌😌
কিছু সময় দুয়াে মৌন হৈ ৰ'ল। ৰিহণে মাত লগালে কি কৰিম বুলি ভাবিছা ?
ৰুণ : বৰ চিন্তা হৈছে বুজিছা । ফাইনেল পৰীক্ষা দিবলৈ আছেই -তাৰ আগতে এইবােৰ খবৰ পাইছাে । কি হ'ব ?
তুমি কি কোৱা ৰিহণ ?
ময়াে ভাবিছাে । কিবা এটা কৰিম দিয়া । মোৰো Ph.D. ৰ viva হৈ লওক কিবা এটা কৰিম । তুমি চিন্তা নকৰিবা ।
এই সমস্যাই যেন তেওঁলােক দু্য়ােকে আৰু বেছি ওচৰ চপাই আনিলে । কিছু সময় ৰুণে ৰিহণৰ কলাফুলতে মূৰতাে অলপ সময় পেলাই দিলে। অলপ সময়ৰ বাবে হলেও তাইৰ মনলৈ অলপ শান্তি আহিল । পাৰ্কত মানুহ অলপ কম থকাৰ বাবে ৰিহেণে ৰুণক দুবাহুৰ মাজত সোমােৱাই ল'লে- কিমান সময় আছিল ক'ব নােৱাৰিলে ।
সেইদিনা আৰু বেছি কথা নাপাতিলে । দুয়াে ইউনিভাৰচিটিৰ ফালে খােজ ল'লে...।
----- আগলৈ--------
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ