এইবাৰ ঘৰতে ৰঙালী বিহু উদযাপন কৰোঁ আহক, খণ্ড - ০১

©Admin
0

বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ  বৈশিষ্ট হ'ল জাতি, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে  একেলগে উদযাপন কৰোঁ ৷ মবিহু এক কৃষি ভিত্তিক উৎসৱ।  ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ , 

খেতিৰ বাঢ়নী আৰু খেতি চপোৱাৰ ‍শেষত। এই বিহু পালন কৰা হয় ৷সাধাৰণতে বিহু তিনিটা : ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এতিয়া আমি বহাগ বা ৰঙালী বিহুৰ বিষয়ে আলোচনা কৰিম ৷

বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহু সামৰণি পৰে । 

বৰ্তমান সময়ত কিন্তু বহাগ বিহুৰ প্ৰতি থকা মানুহৰ আত্মাীয়তা কিছু কম হোৱা দেখা গৈছে ৷ ইয়াৰ কাৰণটো হৈছে অসমীয়া ৰাইজ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি বেছি আকৰ্ষিত হবলৈ লৈছে ৷ এটা সময় আছিল বিহু বুলি ক'লে  তিনি মাহৰ আগৰেপৰাই প্ৰস্তুতি আৰম্ভ হৈছিল কিন্তু আজিসেই দিন নাই ৷ এই বছৰ তো বিহু উৎসৱৰ কথা আমাৰঅসমীয়া ৰাইজে ভাৱিবই নোৱাৰে ইয়াৰ কাৰণ হৈছেআজিৰ জ্বলন্ত সমস্যা প্ৰাণঘাতক কৰ'না ভাইৰাছ গতিকেযিহেতু আমি অন্য বছৰৰ দৰে উলহমালহেৰে ৰঙালী বিহুউদযাপন কৰিব নোৱাৰিম যদিও ঘৰে ঘৰে নিজৰ পৰিয়াল বৰ্গৰ লগতে মৰমৰ বিহুটিক আদৰণি জনোৱা উচিত ৷দ্বিতীয় খণ্ডত ৰঙালী বিহুৰবিষয়েবিতংকৈপঢ়িবলৈ পাব" ৰঙালী বিহু কেনেকৈ উদযাপন কৰা হয় "

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)