ব'হাগৰ অনুভৱ

©Admin
0
 
  প্ৰকৃতিৰ নিয়মৰ মাজেৰেই ব'হাগ আহিছে।আজি গছে বনে ফুলে পাতে নৈ জান জুৰি আদিত সৃষ্টিৰ অভিনৱ ৰূপ।কুলি কেতেকীৰ অমীয়া সুৰত ব'হাগে সাৰপাই।কুঁপৌ নাহৰ তগৰৰ ফুলেও বিহুৱা ডেকা গাভৰুৰ মন পুলকিত কৰি তোলে।ব'হাগ মানেই আশাভৰা নতুনত্ব,ব'হাগ মানেই যেন সৃষ্টিৰ আদিম ৰাগ।ব'হাগ অসমীয়া সমাজ জীৱনৰ আয়ুসৰেখা,গণজীৱনৰ সাহ।ব'হাগে কঢ়ীয়াই আনে উৎসৱৰ বতৰা তাৰে ছন্দত নাচি উঠে আমাৰ দেহ-মন।হেপাঁহৰ বিহুটিয়ে আমাৰ ঐক্য শান্তি সম্প্ৰিতীৰ সাতামপুৰুষীয়া এনাজৰীও সুদৃঢ় কৰি ৰাখে।কিন্তু বৰ্তমান বিহুৱে যেন স্বকীয়তা হেৰুৱাব ধৰিছে।

আধুনিকতাৰ ধামখুমীয়াত বিশ্বায়নৰ বতাহে  ব'হাগক প্ৰকৃতিৰপৰা নিলগাই বিহু উদযাপন কৰাৰ প্ৰক্ৰিয়া এটা চলিব ধৰিছে।সেয়ে হয়তো ব'হাগৰ চিৰসেউজ মাদকতা ক'ৰবাত হেৰাব খুজিছে!পূৰ্বতে বিহুৰ আগলি বতৰা আমি প্ৰকৃতিৰ পৰা পাইছিলোঁ;কিন্তু আজি যান্ত্ৰিকতাৰ বাবে প্ৰকৃতিৰ ৰূপ লাৱণ্য উপভোগ নকৰাকৈ টিভি ফেচবুক হোৱাটছ্‌ এপ্‌ আদিৰ পৰাহে যেন বিচৰা হ'লোঁ।আগত বিহুৱে আমাৰ সমাজত ধনী দুখীয়া জাতি ধৰ্ম বৰ্ণ ভাষাৰ বৈপৰিত্য নেওচি এক সুস্থিৰ বাতাৱৰণ গঢ়ি তুলিছিল।আজিৰ দিনত তেনে চিন্তা-চৰ্চাবোৰ ক্ৰমাত নাইকীয়া হৈ আহিল।তদুপৰি পেটৰ ভোকত সমাজৰ বহু মানুহে বিহু পালন কৰিব নোৱাৰা পৰ্য্যায় এটি পাইছেগৈ।যিহেতু তেওঁলোকে দুবেলা-দুমুঠিৰ বাবে চিন্তা নকৰিলে নহ'ব।তাৰ সমান্তৰালকৈ ধনীক শ্ৰেণীয়ে উভৈনদীৰে বিহু উপভোগৰ অগতানুগতিক প্ৰতিযোগিতাত লিপ্ত হোৱাৰ প্ৰৱণতা এটাই গ্ৰাস কৰিব ধৰিছে।

আজি আমাৰ পথাৰ বজাৰ আদি প্ৰায় বাহিৰৰ পুঁজিপতি বণিকগোষ্ঠিৰ হাতত।বিহুৰ সা-সামগ্ৰী চিৰা,সান্দহ,পিঠা,পনা,গামোছা আদিও আমদানি কৰিবলগীয়া অৱস্থা হৈছেগৈ।অৱশ্য এইক্ষেত্ৰত উদ্যমী স্বনিৰ্ভৰশীল সকলে আমদানিকৃতসমূহ বৰ্জন কৰি লাহে লাহে থলুৱাভাৱেই উৎপাদনৰ ইতিবাচক চিন্তা-কৰ্মত নামি পৰিছে।এই কথাবোৰ আমাৰ বাবে আনন্দদায়ক বতৰা।এই সময় সংকটৰ,সমগ্ৰ বিশ্বতে ক'ৰ'ণাই আতংকিত কৰি তুলিছে।সেয়ে আমি বিহুৰ পৰম্পৰা ৰক্ষা কৰি সজাগ সচেতনহৈ শান্তিৰে বিহু উদযাপন কৰাতো প্ৰয়োজনীয়।লগতে এই লেখাৰ যোগেদি মানৱজাতিলৈ আহ্বান জনাইছো যে;আমি সকলোৱে মিলি প্ৰকৃতি ধ্বংসৰ পৰিৰ্বতে সুন্দৰ ৰূপত উপস্থাপন কৰোঁ।এই বিহু দিনতে আমি পণ লওঁ আহক পৰম্পৰা স্বকীয়তা অটুত ৰাখি লুইতপাৰৰ মহনমিলনৰ অসমীয়া সমাজখনক কৰ্মমুখী দিশেৰে প্ৰগতিশীলৰূপত তুৰি ধৰাৰ প্ৰয়াস কৰোঁহক।তেতিয়াহে অসমীয়া জাতি বাচিব।              
 📝নেত্ৰকমল সন্দিকৈ                   
     শিৱসাগৰ                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)